ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৩ নৱেম্বৰ ঃ অসমৰ বৰ্ষীয়ান ৰাজনীতিবিদ তথা তিনিবাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত আজি শোক প্ৰকাশ কৰিছে দেশৰ ৰাষ্...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৩ নৱেম্বৰ ঃ অসমৰ বৰ্ষীয়ান ৰাজনীতিবিদ তথা তিনিবাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত আজি শোক প্ৰকাশ কৰিছে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে এক টুইটযোগে শোকবাৰ্তা প্ৰেৰণ কৰে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুৰ বাতৰিয়ে তেওঁক দুঃখিত কৰিছে বুলি উল্লেখ কৰিছে বুলি উল্লেখ কৰি দেশে এজন বয়োজ্যেষ্ঠ নেতাৰ লগতে ৰাজনৈতিকভাৱে উচ্চ জ্ঞান থকা আৰু প্ৰশাসনীয় অভিজ্ঞতাসম্পন্ন লোকক হেৰুৱালে বুলি উল্লেখ কৰে।
তেওঁৰ কাৰ্যকালতেই অসমৰ ৰূপ পৰিৱৰ্তন হৈছিল বুলি টুইটাৰত উল্লেখ কৰি তেওঁ কয় যে অসমৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদান সদায় স্মৰণীয় হৈ ৰ’ব, বিশেষকৈ আইন-শৃংখলা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁৰ দক্ষতা আৰু ৰাজ্যখনত চলি থকা বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ সৈতে যুঁজাৰ ক্ষেত্ৰত তেওঁৰ অৱদান উল্লেখযোগ্য আছিল। তেওঁৰ মৃত্যুৱে এটা যুগৰ অৱসান ঘটালে বুলি উল্লেখ কৰি তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সমৰ্থকলৈ সমবেদনা জ্ঞাপন কৰে।
No comments