Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সাম্প্ৰদায়িক ফেচীবাদী শক্তিক পৰাভূত কৰাৰ সংকল্পৰে ৰাইজৰ দলৰ যোৰহাট সমষ্টি আহ্বায়ক সমিতি গঠন

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৯ নৱেম্বৰঃ  ঐক্যবদ্ধ, আপোচবিহীন, প্ৰগতিশীল, জাতীয়তাবাদী মহামন্ত্ৰেৰে নৱ প্ৰতিষ্ঠিত আঞ্চলিক ৰাজনৈতিক দল  ৰাইজৰ দলৰ আজ...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৯ নৱেম্বৰঃ  ঐক্যবদ্ধ, আপোচবিহীন, প্ৰগতিশীল, জাতীয়তাবাদী মহামন্ত্ৰেৰে নৱ প্ৰতিষ্ঠিত আঞ্চলিক ৰাজনৈতিক দল  ৰাইজৰ দলৰ আজি যোৰহাট সমষ্টি আহ্বায়ক সমিতিখন দলৰ কে,বি ৰোড স্থিত কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখনি প্ৰতিনিধিত্ব মূলক সভাত গঠন কৰা হয় । এই উপলক্ষে অনুষ্ঠিত হোৱা সভাখত সভাপতিত্ব কৰে বিশিষ্ট বেংক কৰ্মচাৰী ইউনিয়নৰ নেতা তথা সমাজকৰ্মী প্ৰমোদ মহন্তই । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাইজৰ দলৰ যোৰহাটৰ অন্যতম আহ্বায়ক সূৰ্যমোহন দাসে। দলৰ ৰাজ্যিক আহ্বায়ক দিব্যজ্যোতি শৰ্মাই দলৰ লক্ষ্য উদ্দেশ্যৰ ওপৰত কোৱাৰ লগতে বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত আঞ্চলিক দলৰ ভূমিকাৰ কথা বিস্তৃত ব্যাখ্যা কৰে । তেওঁ এইসময়ত সাম্প্ৰদায়িক ফেচিবদী শক্তিক প্ৰতিহত কৰাৰ বাবে সকলোকে দলৰ কামত জপিয়াই পৰিবলৈ আহ্বান জনায় । মোগল, মিঞা মিউজিয়াম, নীলা লুঙি বা পাকিস্তান জিন্দাবাদ নহয়। এই মুহূৰ্তত ৰাইজে বিচাৰে উন্নয়ন আৰু কেৱল উন্নয়ন। দুৰ্নীতি-ভ্ৰষ্টাচাৰহীন এখন সমাজ যিখন সমাজৰ সপোন কেৱল অখিল গগৈক লৈ ৰাইজৰ দলৰ পৰাহে দেখিব পাৰি। সভাত জিলা সমিতিৰ আহ্বায়ক ডা° গোলাপ ডেকা, মহেন্দ্ৰ কুমাৰ খনিকৰ, কুশেশ্বৰ চেতিয়া, অমৃত কুমাৰ চেতিয়া, দ্বিপেন দাস, ৰাজীৱ লোচন কাকতি, টিংকু গগৈ, লক্ষ্য দত্ত, অভিজিত শইকীয়া, দেৱজিৎ শইকীয়া আদি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। সভাই প্ৰমোদ মহন্তক উপদেষ্টা, ত্ৰিদিৱ দত্ত আৰু প্ৰশান্ত ৰাজখোৱাক মুখ্য আহ্বায়ক হিচাপে লৈ এখন ৩০ জনীয়া যোৰহাট সমষ্টি আহ্বায়ক সমিতি গঠন কৰে । সভাই অতিশীঘ্ৰে দলটোক পূৰ্ণাংগ ৰূপ দিয়াৰ সিদ্ধান্তৰ লগতে অখিল গগৈক শীঘ্ৰে মুক্তি দিয়াৰ দাবী জনায়।

No comments