চাৰি জিলাত চিআইডিৰ মাৰাথান অভিযানঃ ৰাজ্যত সংখ্যালঘুৰ ছাত্ৰ বৃত্তিত ১০ কোটিৰ অধিক টকাৰ খেলিমেলি ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৯ নৱেম্বৰ : ৰাজ্য...
চাৰি জিলাত চিআইডিৰ মাৰাথান অভিযানঃ ৰাজ্যত সংখ্যালঘুৰ ছাত্ৰ বৃত্তিত ১০ কোটিৰ অধিক টকাৰ খেলিমেলি
এক গোচৰৰ ভিত্তিত চিআইডিয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০ ডি/৪০৬/৪০৯/৪১৯/৪২০/ ৪৬৮/৪৭১ ধাৰাত ২০য২০২০ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে সংখ্যালঘুৰ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ৫০ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হোৱা তথা পৰিয়ালৰ আয় বাৰ্ষিক ১ লাখৰ তলত থকা শিক্ষাৰ্থীক সৰ্বোচ্চ ১০,৭০০ টকাকৈ বৃত্তি প্ৰদান কৰি আহিছে। কিন্তু ২০১৮-১৯, ২০১৯-২০ বৰ্ষত একাংশ ভুৱা হিতাধিকাৰীৰ নামত অনলাইন যোগে ছাত্ৰবৃত্তিৰ বাবে আবেদন কৰি দহ কোটিৰো অধিক টকাৰ কেলেংকাৰী সংঘটিত হৈছে।
উল্লেখ্য যে সমগ্ৰ প্ৰক্ৰিয়াটো অনলাইন যোগে হয় আৰু আবেদনকাৰীয়ে অনলাইন যোগে আবেদন কৰাৰ পিছত প্ৰিণ্টআউট উলিয়াই পুনৰীক্ষণৰ বাবে বিদ্যালয়ত জমা দিয়ে। পৰৱৰ্তী সময়ত স্কুলৰ মুৰববীয়ে পুনৰীক্ষণ কৰাৰ লগতে জিলাৰ স্কুল পৰিদৰ্শকে পুনৰীক্ষণ কৰি হিতাধিকাৰীক নিশ্চিত কৰে। কিন্তু একাংশ মধ্যভোগীয়ে ভুৱা হিতাধিকাৰীৰে ভুৱা বেংক একাউণ্ট খুলি ১০ কোটিতকৈও অধিক টকা উদৰস্থ কৰে। ইতিমধ্যে চিআইডিয়ে ধুবুৰী, দৰং, কামৰূপ (গ্ৰাম্য) আৰু গোৱালপাৰাত মাৰাথন অভিযান চলাই ২১জন লোকক আটক কৰিছে। ইয়াৰে ভিতৰত ৪জন হেডমাষ্টৰ, ৩জন চিএছপিৰ স্বত্বাধিকাৰী (বেংকৰ কাষ্টমাৰ ছাৰ্ভিচ পইণ্ট), দুজন স্কুল পৰিদৰ্শকৰ কাৰ্যালয়ত কৰ্মৰত ইলেকট্ৰনিক ডাটা প্ৰচেছৰ- চমুকৈ ইডিপিএছ, এজন শিক্ষক, স্কুল পৰিচালনা সমিতিৰ সভাপতি এজন আৰু দহজন মধ্যভোগীক আটক কৰে।
কালি সন্ধিয়াৰ পৰা চিআইডিৰ বিশেষ দলে স্থানীয় আৰক্ষীৰ সহযোগত গোৱালপাৰা, ধুবুৰী, কামৰূপ (গ্ৰাম্য) আৰু দৰঙত অভিযান চলায়। অভিযান কালত গোৱালপাৰাৰ পৰা ফুলবৰ ৰহমান, চুলেমান হুছেইন, কবিৰ হুছেইন, হাফিজা খাতুন, শ্বেখ নুৰুল ইছলাম, ছাজিদা খাতুন, আবিদা খাতুন, দৰঙৰ পৰা হাইদৰ আলী আহমেদ, বুঢ়হান আলী, মনোহৰ বাদছাহ, মহম্মদ শ্বাহমামুদ ইমৰান আলী, মহম্মদ জাকিৰ হুছেইন, মহম্মদ চামচুদ্দিন আহমেদ, মহম্মদ আচিমুদ্দিন, কামৰূপ গ্ৰাম্যৰ নুৰ মহম্মদ আলী, নুৰ আলম, চিৰাজুল হক, হানিফুদ্দিন আহমেদ, মাহবাবুৰ ৰহমান, চহিদুল ইছলাম আৰু ধুবুৰীৰ বুঢ়ানউদ্দিন আহমেদক আটক কৰে।
অভিযানৰ সময়ত মাটিআৰ, বুদুচৰ, হাফিচা খাতুনৰ ঘৰৰ পৰা তিনিটাকৈ লেপটপ, তিনিটাকৈ লেপটপ, ২১৭জন ছাত্ৰ-ছাত্ৰীৰ ফটোগ্ৰাফ, যোগ্যতাৰ প্ৰমাণ-পত্ৰ ১০৪খন, প্ৰি-মেট্ৰিক স্ক’লাৰশ্বিপৰ আবেদন-পত্ৰ ১৭৩খন আৰু ১১খন উকা বেংক পাছবুক জব্দ কৰে। শীঘ্ৰেই তদন্ত সাপেক্ষে এই কেলেংকাৰীত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰা হ’ব বুলি আজি আইজিপি সুৰেন্দ্ৰ কুমাৰে সংবাদমেলত জানিবলৈ দিয়ে।
No comments