Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ বিয়ােগত যােৰহাট জিলা প্ৰশাসনৰ শ্রদ্ধাঞ্জলি

ষ্টাফ ৰিপৰ্টাৰ , যােৰহাট, ২৪ নৱেম্বৰ  : সমগ্র অসমৰ লগতে যােৰহাট জিলা প্রশাসনেও আজি ব্ষীয়ান ৰাজনীতিবিদ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ বিয়া...




ষ্টাফ ৰিপৰ্টাৰ , যােৰহাট, ২৪ নৱেম্বৰ  : সমগ্র অসমৰ লগতে যােৰহাট জিলা প্রশাসনেও আজি ব্ষীয়ান ৰাজনীতিবিদ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ বিয়ােগত শােক প্রকাশ কৰি আত্মাৰ সদগতিৰ অর্থে শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে । যােৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই অনুষ্ঠানত বন্তি প্ৰজ্বলনৰ লগতে জিলা উপায়ুক্ত ৰশ্মি অপৰাঞ্জি কৰাটী আৰু জিলা প্ৰশাসনৰ সকলাে বিষয়া-কৰ্মচাৰীয়ে প্রয়াত গগৈৰ প্রতি গভীৰ শােক প্রকাশ কৰি তেখেতৰ ফ'টোত পুষ্পাঞ্জলি অপর্ণ কৰে । ইয়াৰােপৰি গগৈৰ আত্মাৰ চিৰশান্তিৰ বাবে ভগবানৰ ওচৰত প্রার্থনা জনাই এক মিনিট সময় মৌন প্রার্থনা জনােৱা হয়। জিলা উপায়ুক্ত  কৰাটীয়ে প্রয়াত প্রাক্তন মুখ্যমন্ত্রী গৰাকীৰ আত্মৰ সদগতি কামনা কৰাৰ লগতে তেখেতৰ শােকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। তেখেতৰ প্রতি শ্রদ্ধা নিবেদন কৰি উপায়ুক্ত গৰাকীয়ে কয় যে "শান্তি থাকিলেহে উন্নতি সম্ভব ; অসমলৈ শান্তি ঘুৰাই অনা ব্যক্তিজনেই হৈছে তৰুণ গগৈ  । উপায়ুক্তগৰাকীয়ে তিতাবৰত মহকুমাধিপতি হৈ থকা সময়ৰ কথা স্মৰণ কৰি কয় যে প্রাক্তন মুখ্যমন্ত্রী গৰাকীয়ে বিষয়াসকলক স্বাধীন ভাৱেৰে কাম কৰিবলৈ দিয়াৰ লগতে সকলাে জটিল সমস্যা বিষয়াসকলক পৰাপক্ষত নিজৰ ফালৰ পৰা সমাধা কৰিবলৈ উৎসাহ দিছিল ।

আজিৰ শ্রদ্ধাঞ্জলি অনুষ্ঠানত সহনশীল, জ্ঞানী তথা দূৰদশী প্রয়াত মুখ্যমন্ত্রীজনৰ জন্ম ঠাই ৰঙাজান চাহবাগিছাৰ পৰা আৰম্ভ কৰি স্কুলীয়া জীৱন, কর্মজীৱনলৈকে সকলােবােৰ বিষয়ৰ ওপৰত আলােকপাত কৰা হয়। অতিৰিক্ত উপায়ুক্ত তপণ গোঁহাই, দামােদৰ বমর্ণ, বিশ্বজিৎ ফুকন, সদৌ অসম প্ৰশাসনীয় কৰ্মচাৰী সন্থাৰ ৰাজ্যিক উপসভাপতি সঞ্জয় দত্তৰ লগতে বহুকেইজন বিষয়া-কর্মচাৰীয়ে প্রয়াত মুখ্যমন্ত্রীগবাকীৰ সৈতে স্মৃতি জড়িত বহু কথাৰে তেখেতক স্মৰণ কৰি বক্তব্য দাঙি  ধৰে। অনুষ্ঠানত অতিৰিক্ত উপাযুক্তসকল, ৰাজহ চক্র বিষয়াসকল, সহকাৰী আয়ুক্তসকল আৰু জিলা প্ৰশাসনৰ অন্যান্য বিষয়া তথা কর্মচাৰীসকল উপস্থিত থাকে।

No comments