Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নিজ খেতিপথাৰ আদি সুৰক্ষিত ৰাখিবলৈ মিজো লোকক পইচা আদায় দিব লাগে

দেৱব্ৰত শইকীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে মোৰ ওপৰত অৰ্পণ কৰা দায়িত্ব অনুযায়ী দলীয় সতীৰ্থ সুস্মিতা দেব, কমলাক্ষ দে’ পুৰকায়স্থ, ছিদ্দিক আহমেদ,...


দেৱব্ৰত শইকীয়া

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে মোৰ ওপৰত অৰ্পণ কৰা দায়িত্ব অনুযায়ী দলীয় সতীৰ্থ সুস্মিতা দেব, কমলাক্ষ দে’ পুৰকায়স্থ, ছিদ্দিক আহমেদ, পংকজ বৰবৰা আদিৰ লগত যোৱা ৮ আৰু ৯ নৱেম্বৰ তাৰিখে বৰাক উপত্যকা ভ্ৰমণ কৰি অসম-মিজোৰাম সীমান্ত এলেকাত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বুজ ল’লো। আমাৰ লগত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আমিনুৰ চৌধুৰী, দৈয়ান হুছেইন, ৰমণ ঝা আৰু প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধৰণ সম্পাদক সুমন কল্যাণ বৰা আৰু জিলাৰ কংগ্ৰেছ বিষয়ববীয়াসকল উপস্থিত থাকে। বিগত অক্টোবৰ মাহৰ মাজভাগৰ পৰা বৰ্তমানলৈ তাত মিজো লোকৰ দ্বাৰা দলবদ্ধ আক্ৰমণ, প্ৰাথমিক বিদ্যালয়ত দুটাকৈ বোমা বিস্ফোৰণ আৰু মিজোৰাম আৰক্ষীৰ জিম্মাত ইনতিয়াজ আলী লস্কৰ নামৰ এজন অসমৰ বাসিন্দাৰ মৃত্যু হৈছে। আমি প্ৰত্যক্ষ কৰিলো যে অসমৰ সীমান্তৱৰ্তী এলেকাৰ বাসিন্দাসকল আতংকত দিন-ৰাতি কটাইছে। কাৰণ অসামৰিক পোছাকত অহা মিজো লোক তথা ইউনিফৰ্ম পৰিহিত মিজো আৰক্ষীয়ে অসমৰ বাসিন্দাসকলক ডাবি-ধমকি দি থাকে। গিৰীন্দ্ৰ মল্লিক স্থানীয় বিধায়ক হৈ থকাৰ সময়ত ২০১১-১৬ চনৰ ভিতৰত অসম চৰকাৰে পিএমজিএছৱাইৰ অধীনত নিৰ্মাণ কৰা এখন পকী দলঙৰ ওপৰত মিজোৰাম চৰকাৰৰ অধিকাৰীয়ে এটা বেৰিকেড স্থাপন কৰিছে। আমি মিজোৰাম আৰক্ষীক আমাৰ প্ৰতিনিধি দলৰ কেৱল ৫ অথবা ১০গৰাকী সদস্যক বেৰিকেড পাৰ হ’বলৈ অনুমতি দিবলৈ অনুৰোধ জনাইছিলো আৰু ধলাইৰ চক্ৰ বিষয়াইও অনুৰূপ অনুৰোধ কৰিছিল। কিন্তু মিজোৰাম আৰক্ষীয়ে আমাক উক্ত অনুমতি নিদিলে। তেতিয়া অসম চৰকাৰৰ বিষয়াসকলে আমাক উভতি আহিবলৈ অনুৰোধ জনালে। তাৰ পিছত আমি ওপৰ পাইনম প্ৰাথমিক বিদ্যালয়লৈ গ’লো, য’ত ৬ নৱেম্বৰ তাৰিখে এটা বোমা বিস্ফোৰণ সংঘটিত হৈছিল। ৰাস্তাত আমি কিছু স্থানীয় লোকক লগ পালো আৰু তেওঁলোকে জনালে যে নিজ খেতিপথাৰ আদি সুৰক্ষিত ৰাখিবলৈ তেখেতসকলে নিয়মীয়াকৈ মিজো লোকক পইচা আদায় দিব লাগে। চেউৰাতল গাঁও পঞ্চায়তৰ ১নং ৱাৰ্ডৰ সদস্যগৰাকীয়ে আমাক জনালে যে নিশা কিছু অচিনাক্ত লোকে তেওঁলোকৰ ঘৰলৈ শিল আদি নিক্ষেপ কৰে আৰু তেওঁলোকক চিঞৰি চিঞৰি ভীতি প্ৰদৰ্শন কৰে। উল্লেখ্য যে এই ৱাৰ্ডটোৰ অধীনতে বিদ্যালয়ত বোমা বিস্ফোৰণৰ প্ৰথমটো ঘটনা হৈছিল আৰু বেৰিকেডটোও ইয়াতে স্থাপন কৰা হৈছে। লাইলাপুৰ নামৰ স্থানত ৩টা ঘৰ আৰু ১৫খন দোকান মিজো দুৰ্বৃত্তই ক্ষতিসাধন কৰিছিল। বোমা বিস্ফোৰণ সংঘটিত হোৱা দ্বিতীয়টো স্থানটোলৈ আমি গ’লো। স্থানীয় লোকে আমাক জনালে যে যোৱা ৭ নৱেম্বৰ তাৰিখে অসম চৰকাৰৰ বিষয়া বিদ্যালয়খন পৰিদৰ্শন কৰিবলৈ যাওঁতে কিছু সশস্ত্ৰ মিজো লোকে তাত যুদ্ধংদেহি ভংগীত তাত উপস্থিত হয়হি।  ইয়াৰ পৰা বুজা যায় যে মিজো লোকসকল আক্ৰমণাত্মক হৈ উঠিছে আৰু অনাগত সময় উত্তেজনামূলক হোৱাটো নিশ্চিত। সীতাৰাণী দাস নামৰ সেউৰাতল গাঁও পঞ্চায়তৰ ২নং ৱাৰ্ডৰ এগৰাকী নিৱাসীয়ে ক’লে যে মিজো লোকে তেখেতৰ ঘৰ বোমা দি উৰুৱাই দিব বুলি ভাবুকি দিছে আৰু সেইবাবে তেখেতে ৰাতি নিজ ঘৰত নাথাকি গাঁৱৰ মাজত আশ্ৰয় লয়। পৰৱৰ্তী সময়ত আমি ভাইৰাংটেৰ দিশে গ’লো, য’ত মিজোৰাম আৰক্ষীৰ নিৰীক্ষণ চকী অৱস্থিত। এলেকাটোত অসম চৰকাৰৰ অনুৰোধ মৰ্মে মোতায়েন কৰা কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ লোকে আমাক আগবাঢ়ি যোৱাতবাধা দিয়ে। এইটো অতি দুৰ্ভাগ্যজনক কথা যে অসম চৰকাৰে নিজে মিজোৰাম চৰকাৰক আগ্ৰাসন কৰিবলৈ সুবিধা কৰি দিছে। মই যেতিয়া কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ বাধা নেওচি আগবাঢ়ি গ’লো, তেতিয়া দেখা পালো যে মিজোৰাম চৰকাৰে ভাইৰাংটে নিৰীক্ষণ চকীৰ পৰা প্ৰায় ৩ কিঃমিঃ আগুৱাই আহি অসমৰ ভূমিত পানীৰ পাইপলাইন, কাৰ্যালয় স্থাপন কৰা আদি কাৰ্য চলাই আছে। তাৰ উপৰি পূৰ্বতে চিআৰপিএফ আৰু বিআৰটিএফ আদিয়ে ব্যৱহাৰ কৰা কাৰ্যালয়যকোৱাৰ্টাৰ আদি মিজো লোকে দখল কৰি লৈছে। ৯ নৱেম্বৰ তাৰিখে আমি পাথাৰকান্দি সমষ্টিৰ মেডলীচেৰা বনাঞ্চল ভ্ৰমণ কৰিলো আৰু গম পালো যে ক’ভিড-১৯ৰ অজুহাত লৈ মিজোৰাম আৰক্ষীয়ে অসমৰ ভূমিত এটা নিৰীক্ষণ চকী স্থাপন কৰিছে। অসম চৰকাৰে হয়তো এইটো এক অস্থায়ী পদক্ষেপ বুলি ভাবি কোনো হস্তক্ষেপ নকৰিলে। কিন্তু এতিয়া এইটো স্থায়ী নিৰীক্ষণ চকীত পৰিণত হৈছে আৰু মিজোৰাম আৰক্ষীয়ে পূৰ্বৰ ভাইৰাংটেস্থিত নিৰীক্ষণ চকীলৈ উভতি নোযোৱা হৈছে। এই সমগ্ৰ ঘটনাপ্ৰবাহ চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হ’ল। সময়ৰ নাটনিৰ বাবে আমি ছোটবুবিৰবন্দ বনাঞ্চললৈ যাব নোৱাৰিলো কিন্তু আমি স্থানীয় আঞ্চলিক বন বিষয়াগৰাকীক স্থিতি সম্পৰ্কীয় প্ৰতিবেদনৰ সহিতে আমাক লগ ধৰিবলৈ ক’লো। তেখেতে আমাক জনালে যে ক’ভিড-১৯ সম্পৰ্কীয় লকডাউনৰ সময়ত মিজোৰাম আৰক্ষীয়ে উক্ত এলেকাত এটা বেৰিকেড স্থাপন কৰিলে আৰু প্ৰায় ৭.৫৮ হেক্টৰ অসমৰ ভূমিত কিছু মিজো লোকক çুম খেতি কৰিবলৈ সুবিধা কৰি দিলে। অবৈধভাৱে অসমৰ ভূমিত খেতি কৰা মিজো লোকক অসম চৰকাৰৰ লোকে যোৱা ২৯ অক্টোবৰ তাৰিখে উেচ্ছদ কৰে। কিন্তু মিজোৰাম আৰক্ষীৰ লোক এতিয়াও এলেকাটো এৰি যোৱা নাই। উল্লেখ্য যে পৰিস্থিতিৰ বিষয়ে আমি কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, জিলা বন বিষয়া আদিৰ লগত আমি পৃথকে আলোচনাত মিলিত হ’লো। আমি মিজোৰামত হত্যা কৰা ইনতিয়াজ আলী লস্কৰৰ পৰিয়ালৰ লগতে মিজো দুষ্কৃতিকাৰীৰ আক্ৰমণত আহত হোৱা নিজামুদ্দিন লস্কৰকো কিছু আৰ্থিক সাহায্য প্ৰদান কৰো। পৰিস্থিতিৰ গম্ভীৰতাৰ বিষয়ে অসম চৰকাৰ ভালদৰে অৱগত। উদাহৰণ স্বৰূপে, চেৰাগীৰ আঞ্চলিক বন বিষয়াগৰাকীয়ে ৰাতাবাৰী আৰক্ষী থানাক পত্ৰ নং CHয324-25য22(FF)!Inter-State Border!2020 যোগে যোৱা  ৩০ অক্টোবৰ তাৰিখে অৱগত কৰিছিল যে তেওঁক চিংলা সংৰক্ষিত বনাঞ্চলত অনুপ্ৰৱেশকাৰীক বাধা দিবলৈ যাওঁতে মিজোৰাম আৰক্ষীৰ সহযোগত কিছু মিজো লোকে ডাবি-ধমকি দি খেদি পঠিয়ায়। আমি এই কথাও গম পালো যে মিজোৰাম চৰকাৰে অবৈধভাৱে অসমৰ ভূমিৰ বাবে ভূমি পট্টা প্ৰদান কৰিছে। মুঠৰ ওপৰত অসম চৰকাৰৰ ভয়াতুৰ নীতি তথা নিৰ্লিপ্ততাৰ বাবে পৰিস্থিতিৰ বেছিকৈ অৱনতি ঘটিছে।

No comments