Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ এক গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ মাজুলীৰ বুকুৰ পৰা আৰম্ভ হ’ল ঃ মুখ্যমন্ত্ৰী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মাজুলী জিলাৰ জেংৰাইমুখ আৰক্ষী থানাৰ চৌহদত প্ৰী ইঞ্জিনীয়াৰ্ড বিল্ডিং প্ৰযুক্তি...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মাজুলী জিলাৰ জেংৰাইমুখ আৰক্ষী থানাৰ চৌহদত প্ৰী ইঞ্জিনীয়াৰ্ড বিল্ডিং প্ৰযুক্তিৰে নিৰ্মাণ হ’বলগীয়া জেংৰাইমুখ আৰক্ষী নিৱেশ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি ৰাজ্যখনৰ আন ৭১খন ঠাইত নিৰ্মাণ হ’বলগীয়া এনেধৰণৰ আৰক্ষী নিৱেশৰ আধাৰশিলাও ভাৰ্চুৱেলী এই স্থানৰ পৰাই শুভাৰম্ভ কৰে। উল্লেখ্য যে ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত ১০০খন আৰক্ষী নিৱেশ নিৰ্মাণৰ পদক্ষেপ লৈছে। আজি ইয়াৰে ৭২খনৰ নিৰ্মাণৰ শুভাৰম্ভ কৰা হয়। বিটিআৰ আৰু তিৱা স্বায়Mশাসিত পৰিষদ এলেকাত নিৰ্বাচনৰ আৰ্হি-আচৰণবিধি বলৱৎ হৈ থকা বাবে এই নিৰ্বাচন প্ৰক্ৰিয়াৰ সমাপ্তিৰ পিছতেই বাকী ২৮খন আৰক্ষী নিৱেশ নিৰ্মাণৰ কাম-কাজ আৰম্ভ কৰা হ’ব। উল্লেখ্য যে আৰক্ষী বাহিনীৰ থকা ব্যৱস্থাৰ সুবিধাৰ্থে ‘মৈত্ৰী আঁচনি’ৰ অধীনত এই পদক্ষেপ লোৱা হৈছে আৰু এই আঁচনিখন হাউছফেডৰ দ্বাৰা ৰূপায়ণ কৰা হ’ব। 

এই উপলক্ষে জেংৰাইমুখ আৰক্ষী থানা চৌহদত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে আজি জেংৰাইমুখ তথা সমগ্ৰ মাজুলীবাসীৰ বাবে এক উল্লেখযোগ্য দিন। প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে ৰাজ্যজুৰি ৰূপায়ণ হ’বলগীয়া এখন গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ জেংৰাইমুখৰ পৰা কৰিছে। এনেধৰণৰ কাৰ্যসূচী সাধাৰণতে গুৱাহাটী মহানগৰীৰ পৰাই শুভাৰম্ভ কৰা হয় যদিও জেংৰাইমুখৰ পৰা আজি শুভাৰম্ভ কৰা এই আঁচনিখনে এক বিশেষ বাৰ্তা বহন কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। আৰক্ষী বাহিনীয়ে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে দিনে-নিশাই কৰ্তব্যত ব্ৰতী হৈ থাকে বুলি উল্লেখ কৰি আৰক্ষী বাহিনীৰ লোকসকলৰ সেয়েহে শাৰীৰিক আৰু মানসিক স্বাস্থ্য শক্তিশালী হৈ থাকিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। সেয়েহে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ‘মৈত্ৰী আঁচনি’ৰ জৰিয়তে আৰক্ষী বাহিনীৰ লোকসকলৰ বাবে প্ৰয়োজনীয় ন্যূনতম আন্তঃগাঁথনিসমূহ প্ৰদানৰ বাবে শক্তিশালী পদক্ষেপ লৈছে বুলিও তেওঁ উল্লেখ কৰে। আৰক্ষী বাহিনীৰ লোকসকলৰ বাবে এনেধৰণৰ পদক্ষেপ বহু পূৰ্বেই গ্ৰহণ কৰিব লাগিছিল যদিও পূৰ্বৰ চৰকাৰসমূহে এই ক্ষেত্ৰত কোনোধৰণৰ আন্তৰিকতা প্ৰদৰ্শন নকৰিলে। পূৰ্বৰ চৰকাৰসমূহে আৰক্ষীক ন্যূনতম আন্তঃগাঁথনিসমূহ পৰদানৰ সলনি কেৱল সেৱাহে বিচাৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে আক্ষেপ প্ৰকাশ কৰে৷

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে আৰক্ষী বাহিনীয়ে বৰ্তমান সন্ত্ৰাসবাদ, ড্ৰাগ্‌ছৰ বিৰুদ্ধে চলোৱা অভিযান, নাৰীজনিত অপৰাধ ৰোধ কৰাৰ দিশত লাভ কৰা সফলতা ইত্যাদিয়ে আৰক্ষী বাহিনীৰ প্ৰতিচ্ছবি সলনি কৰিছে বুলি কোৱাৰ লগতে জনসাধাৰণৰ আৰক্ষী বাহিনীৰ প্ৰতি থকা আস্থা দিনক-দিনে বৃদ্ধি পাইছে বুলিও কয়। পূৰ্বতে ‘মৈত্ৰী আঁচনি’ৰ জৰিয়তে আৰক্ষী বাহিনীৰ আন্তঃগাঁথনি উন্নীতকৰণেৰে এনেধৰণৰ আধুনিক সা-সুবিধাযুক্ত থানা নিৰ্মাণৰ লেখীয়া পদক্ষেপ সপোনৰ অগোচৰ আছিল বুলি উল্লেখ কৰি বৰ্তমানৰ চৰকাৰখনে আৰক্ষী বাহিনীটোক শক্তিশালী কৰাৰ বাবে লোৱা পদক্ষেপসমূহৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে এই বেৰেক নিৰ্মাণৰ লগত জড়িত থকা হাউছফেডক এই কাম অত্যন্ত নিষ্ঠা আৰু দায়বদ্ধতাৰে নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন কৰাৰ বাবেও আহ্বান জনায়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী যোগেন মহনে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বৰ্তমানৰ ৰাজ্য চৰকাৰখনে আৰক্ষী প্ৰশাসনক আধুনিকীকৰণৰ বাবে লোৱা পদক্ষেপে সমাজলৈ যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰিব।

 মন্ত্ৰীগৰাকীয়ে লগতে আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ দূৰত্ব হ্ৰাস কৰি বিভাগটোক জনতাৰ বুকুৰ আপোন হোৱাৰ বাবে আহ্বান জনায়। অনুষ্ঠানত বক্তব্য প্ৰদান কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী নৱ কুমাৰ দলেই ‘মৈত্ৰী আঁচনি’ৰ জৰিয়তে থানাসমূহৰ আন্তঃগাঁথনি উন্নীতকৰণ তথা বেৰেক নিৰ্মাণৰ পদক্ষেপ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এক ঐতিহাসিক সিদ্ধান্ত বুলি কয়। এই আঁচনিৰ অধীনত নিৰ্মিত আধুনিক সা-সুবিধাযুক্ত থানাসমূহে আৰক্ষী বাহিনীটোক আৰু অধিক দায়বদ্ধতাৰে জনসাধাৰণলৈ সেৱা কৰাৰ বাবে অনুপ্ৰাণিত তথা উদ্বুদ্ধ কৰিছে বুলিও তেওঁ কয়। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে মাজুলীক ৰাজ্যখনৰ এক অন্যতম উন্নত জিলা হিচাপে পৰিগণিত কৰাৰ দিশত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে আৰম্ভণিৰে পৰা গ্ৰহণ কৰা শক্তিশালী পদক্ষেপসমূহৰ বিষয়েও উল্লেখ কৰে। আজিৰ এই অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাসংদ প্ৰদান বৰুৱায়ো ভাষণ প্ৰদান কৰে।

 মৈত্ৰীৰ দৰে যুগান্তকাৰী আঁচনি গ্ৰহণৰ জৰিয়তে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ৰাজ্যখনৰ আইন-শৃংখলাৰ দিশতো আমূল পৰিৱৰ্তন আনিলে বুলি মন্তব্য কৰি ইয়াৰ বাবে তেওঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কৃতজ্ঞতা জ্ঞাপন কৰে। মাজুলীৰ বিধায়ক হিচাপে মুখ্যমন্ত্ৰী সোণোৱালে মাজুলীৰ বুকুত ভাবিব নোৱাৰা উন্নয়ন সাধন কৰিছে বুলি উল্লেখ কৰি এনেধৰণৰ কাম-কাজ অনাগত দিনতো অব্যাহত থাকিব বুলিও সাংসদগৰাকীয়ে কয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে দায়িত্বশীল ভাবমূৰ্তিৰ বাবে আৰক্ষী থানাসমূহৰ সৰ্বাংগীণ আন্তঃগাঁথনি উন্নীতকৰণ আঁচনি ‘মৈত্ৰী’ গ্ৰহণৰ যোগেদি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এক বৈপ্লৱিক সিদ্ধান্ত গ্ৰহণ কৰিলে। যুগ যুগ ধৰি আৰক্ষী বাহিনীৰ লোকসকলে অতি কদৰ্য পৰিৱেশৰ মাজত কৰ্তব্য সমাপন কৰিবলগীয়া হৈছিল বুলি উল্লেখ কৰি ‘মৈত্ৰী আঁচনি’ গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালৰ নাম অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব বুলি তেওঁ মন্তব্য কৰে। 

তথ্য-প্ৰযুক্তিক অসম আৰক্ষীৰ অপৰিহাৰ্য অংগ হিচাপে বৰ্তমান গণ্য কৰা হৈছে বুলি উল্লেখ কৰি আৰক্ষীৰ লোকসকলক প্ৰযুক্তি বিদ্যাত নিপুণ কৰি তোলাৰ লগতে তেওঁলোকৰ অৰ্হতাৰ উপযুক্ত ব্যৱহাৰ, আচাৰ-ব্যৱহাৰ, বাকশৈলী আদি উন্নতকৰণৰ বাবেও এক ব্যাপক প্ৰশিক্ষণ প্ৰদানৰ কাৰ্যসূচীক বৰ্তমান ‘মৈত্ৰী আঁচনি’ৰ অধীনত সামৰি লোৱা হৈছে বুলি আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে উল্লেখ কৰে। অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙে আদৰণী ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত গৃহ বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মায়ো ভাষণ প্ৰদান কৰে। অনুষ্ঠানত লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, গৃহ বিভাগৰ আয়ুক্ত জি ডি ত্ৰিপাঠী, আৰক্ষী প্ৰশাসন তথা গৃহ বিভাগৰ শীৰ্ষ বিষয়াসকল, জিলা উপায়ুক্ত বিক্ৰম কৈৰী, আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তকে ধৰি বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্তিত থাকে।

No comments