ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৩ নৱেম্বৰ ঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগ ঘটাত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্ততো বৈছে শোকৰ বন্যা। উল্লে...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৩ নৱেম্বৰ ঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগ ঘটাত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্ততো বৈছে শোকৰ বন্যা। উল্লেখ্য যে অসমৰ লগতে দিল্লীতো এজন সুদক্ষ ৰাজনীতিবিদ হিচাপে বিশেষ নাম আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। ছবাৰৰ সাংসদ হিচাপে দিল্লীলৈ নিৰ্বাচিত হোৱা তৰুণ গগৈ দেশৰ ৰাজনৈতিক মহলৰ এজন অভিজ্ঞ নেতা হিচাপে পৰিচিত আছিল। আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যু ঘটাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
নিজৰ টুইটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তৰুণ গগৈ এজন জনপ্ৰিয় নেতা হোৱাৰ লগতে এগৰাকী সু-শাসক আছিল। ৰাজনৈতিক অভিজ্ঞতাসম্পন্ন তৰুণ গগৈ অসমৰ লগতে কেন্দ্ৰতো বিশেষভাৱে জনপ্ৰিয় আছিল। তেওঁৰ বিয়োগত মই মৰ্মাহত। টুইটাৰযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু তেওঁৰ সমৰ্থকক সমবেদনা জ্ঞাপন কৰি তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰে।
No comments