ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২ নৱেম্বৰ ঃ স্বাস্থ্যবিধি মানি আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে পাঠদান। দীৰ্ঘদিন ধৰি ক’ভিড পৰিস্থিতিৰ বাবে অনলাইন ...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২ নৱেম্বৰ ঃ স্বাস্থ্যবিধি মানি আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে পাঠদান। দীৰ্ঘদিন ধৰি ক’ভিড পৰিস্থিতিৰ বাবে অনলাইন মাধ্যমেৰে পাঠদান চলি আছিল যদিও আজিৰে পৰা পুনৰ ছাত্ৰ-ছাত্ৰীৰে মুখৰিত হৈ পৰে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। স্বাস্থ্য তথা শিক্ষা বিভাগে প্ৰদান কৰা নিৰ্দেশনা অনুসৰি বিদ্যালয়সমূহত পাঠদান আৰম্ভ হয়। ৰাজ্য চৰকাৰে পাঠদানৰ বাবে বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰিছে আৰু এই নিৰ্দেশনা অনুসৰিয়ে পাঠদানৰ অনুমতি প্ৰদান কৰা হৈছে। উল্লেখ্য যে ক’ভিড পৰিস্থিতিৰ বাবে প্ৰায় ৭ মাহ ধৰি ৰাজ্যৰ বিদ্যালয়সমূহ বন্ধ হৈ আছিল যদিও আজিৰে পৰা পুনৰ পাঠদান কাৰ্যসূচী আৰম্ভ হৈছে।
ক’ভিড মহামাৰীৰ বাবে স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা অনুসৰি অনলাইনযোগে পাঠদান প্ৰক্ৰিয়া চলি আছিল যদিও আজিৰে পৰা পুনৰ বিদ্যালয়সমূহ জ্ঞানৰ মন্দিৰ হৈ জিলিকি উঠে। অৱশ্যে শিক্ষানুষ্ঠানসমূহ খুলিল যদিও স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা অনুযায়ীহে পাঠদান আৰম্ভ হৈছে। ছাত্ৰ-ছাত্ৰীয়ে অভিভাৱকৰ সন্মতি-পত্ৰ লৈহে বিদ্যালয়লৈ অহাৰ অনুমতি প্ৰদান কৰিছে। এটা শ্ৰেণীত কেৱল ২০-২৫জন শিক্ষাৰ্থীহে উপস্থিত থাকিব। তদুপৰি এইবাৰ শিক্ষাবৰ্ষৰ পাঠ্যক্ৰম হ্ৰাস কৰা হ’ব। এইবাৰ কেৱল অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰহে পৰীক্ষা অনুষ্ঠিত হ’ব। দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ব’ৰ্ডে অনুষ্ঠিত কৰিব। অষ্টম শ্ৰেণীৰ পৰীক্ষা বিদ্যালয়সমূহে অনুষ্ঠিত কৰিব আৰু অন্যান্য শ্ৰেণীৰ পৰীক্ষা অবিহনেই উত্তীৰ্ণ কৰি দিয়া হ’ব। আজিৰে পৰা অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিক স্বাভাৱিকভাৱে খোলা হৈছে, কিন্তু হোষ্টেল এতিয়ালৈকে খোলা দিয়া নাই প্ৰশাসনে।
ডিচেম্বৰৰ পৰা হোষ্টেলসমূহ খোলা হ’ব। অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমত পাঠদান অব্যাহত থাকিব। যিসকলে বিদ্যালয়লৈ আহিব নোৱাৰিব তেওঁলোকে অনলাইন মাধ্যমত পাঠ গ্ৰহণ কৰিব পাৰিব। মহাবিদ্যালয়সমূহ আজিৰে পৰা স্বাভাৱিকভাৱে খুলিল যদিও প্ৰতিটো শ্ৰেণীত ২৫জনতকৈ বেছি ছাত্ৰ-ছাত্ৰী থাকিব নোৱাৰিব। তিনিওটা শ্ৰেণীৰ বাবে বেলেগ বেলেগ বাৰত পাঠদান অনুষ্ঠিত কৰিব পাৰিব। কলেজ দূৰৈত থাকিলে কাষৰ কলেজখনত এমাহৰ বাবে পাঠ গ্ৰহণ কৰিব পাৰিব। আনহাতে প্ৰাথমিক বিদ্যালয়সমূহত পাঠদান এতিয়ালৈকে খোলা দিয়া হোৱা নাই। পঞ্চম শ্ৰেণীলৈ বিদ্যালয়সমূহ বন্ধ থাকিব। ইপিনে ষষ্ঠ শ্ৰেণীৰ পৰা পাঠদান আৰম্ভ হ’ব বিদ্যালয়ত পুৱা ৮.৩০ বজাৰ পৰা ১২ বজালৈকে এটা গোটৰ পাঠদান আৰু ১.৩০ৰ পৰা ৪.৩০ বজালৈ আনটো গোটৰ পাঠদান অনুষ্ঠিত কৰিব লাগিব। প্ৰথম ১৫ দিনৰ অৰিয়েেণ্টচনৰ পিছত পাঠদান অনুষ্ঠিত হ’ব।
No comments