Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দেশৰ তিনিখন প্ৰতিষেধক প্ৰয়োগশালা পৰিভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নতুন দিল্লী, ২৮ নৱেম্বৰ ঃ সমগ্ৰ বিশ্বৰ দৰে দেশবাসীও আশাৰে বাট চাই আছে কোৰোনা ভেকচিনৰ। কোৰোনা ভেকচিন উদ্ভাৱন নোহোৱালৈ সমগ্ৰ বিশ্বৰ লগতে দেশবা...

নতুন দিল্লী, ২৮ নৱেম্বৰ ঃ সমগ্ৰ বিশ্বৰ দৰে দেশবাসীও আশাৰে বাট চাই আছে কোৰোনা ভেকচিনৰ। কোৰোনা ভেকচিন উদ্ভাৱন নোহোৱালৈ সমগ্ৰ বিশ্বৰ লগতে দেশবাসীও কোৰোনাৰ সৈতে যুঁজ দি থাকিব লাগিব। এনেস্থলত ভেকচিনে হৈছে একমাত্ৰ এই মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়। এতিয়ালৈ কোনো কোৰোনা ভেকচিন আনুষ্ঠানিকভাৱে বজাৰত মুকলি হোৱা নাই। কে’বাটাও ঔষধ কোম্পানীয়ে কোৰোনা ভেকচিন উদ্ভাৱনত সফল হৈছে যদিও সম্পূৰ্ণৰূপে তেওঁলোক সাৰ্থক হৈ উঠিব পৰা নাই। ভাৰততো এতিয়া কে’বাটাও কোৰোনা ভেকচিনৰ উদ্ভাৱন কাৰ্য চলি আছে। বিশেষকৈ আহেমেদাবাদৰ জায়দাছ বায়’টেক পাৰ্ক, পুনেৰ সিৰম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু হায়দৰাবাদৰ ভাৰত বায়’টেকত স্বদেশী কোৰোনা ভেকচিন উদ্ভাৱনৰ কাৰ্য চলি আছে। এই তিনিওটা ঔষধ কোম্পানীয়ে দিনে-নিশাই কোৰোনা ভেকচিন উদ্ভাৱনত জড়িত হৈ আছে। কোম্পানীকেইটাই উদ্ভাৱন কৰি থকা ভেকচিনে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰিছে। তৃতীয় পৰ্যায়ৰ পৰীক্ষণ চলি আছে। 

এই পৰীক্ষণৰ সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যেৰে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিওটা ঔষধ নিৰ্মাণ কোম্পানী পৰিভ্ৰমণ কৰে। এই পৰিভ্ৰমণ কালত প্ৰধানমন্ত্ৰী মোদীয়ে স্বদেশী কোৰোনা ভেকচিনৰ প্ৰস্তুতিৰ বুজ লয়। এটাৰ পিছত আন এটা প্ৰয়োগশালা পৰিভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভেকচিনৰ প্ৰস্তুতি কোনটো স্তৰত আছে সেই সম্পৰ্কে বুজ লয়। তেওঁ প্ৰথমে আহমেদাবাদৰ ঔষধ কোম্পানীটো পৰিভ্ৰমণ কৰে। আহমেদাবাদৰ ক’ভিড ভেকচিন প্ৰয়োগশালা পৰিভ্ৰমণ কৰি তাৰ চিকিৎসা বৈজ্ঞানীকসকলৰ সৈতে ভেকচিন সম্পৰ্কে প্ৰায় ডেৰঘণ্টা ধৰি আলোচনা কৰে। ইয়াৰ পিছত তেওঁ হায়দৰাবাদত উপস্থিত হয়। হায়দৰাবাদত বায়’টেক কোম্পানীত ক’ভিড ভেকচিনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয় আৰু তাৰ চিকিৎসা বিজ্ঞানীসকলৰ সৈতে বৈঠকত মিলিত হয়। তাৰ পিছত পুনেস্থিত সিৰম ইনষ্টিটিউটত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। এই ভ্ৰমণকালত তেওঁ ক’ভিড ভেকচিনৰ প্ৰস্তুতি আৰু কেতিয়ালৈ বজাৰত মুকলি কৰিব পৰা যাব। সেই সম্পৰ্কে তাৰ চিকিৎসা বৈজ্ঞানীকসকলৰ সৈতে আলোচনা কৰে। ইয়াৰ উপৰি উৎপাদন আৰু বিতৰণ সম্পৰ্কেও তেওঁ আলোচনা কৰে।

No comments