Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শিশুসকলক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বানঃ এছ অ’ এছ শিশু গাঁৱলৈ গৈ শিশুসকলৰ সৈতে সোণোৱাল

  গুৱাহাটী, ১৪ নৱেম্বৰঃশিশু দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মহানগৰীৰ আজাৰাস্থিত এছ অ’ এছ শিশু গাঁৱলৈ গৈ শিশুসকলক উৎ...

 

গুৱাহাটী, ১৪ নৱেম্বৰঃশিশু দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মহানগৰীৰ আজাৰাস্থিত এছ অ’ এছ শিশু গাঁৱলৈ গৈ শিশুসকলক উৎসাহ আৰু প্ৰেৰণা যোগায়। মুখ্যমন্ত্ৰীয়ে শিশুসকলৰ মাজত ফল-মূলৰ লগতে উপহাৰো বিতৰণ কৰে। মুখ্যমন্ত্ৰীয়ে শিশুসকলক শিশু দিৱসৰ লগতে দীপাৱলীৰ আন্তৰিক শুভেচ্ছাও জ্ঞাপন কৰে। শিশুসকলক উদ্দেশ্যি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে শিশুসকলে কঠোৰ পৰিশ্ৰমেৰে অধ্যয়নত মগ্ন হোৱাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হ’ব লাগিব। উপযুক্ত শিক্ষা লাভ কৰি জ্ঞান আহৰণৰ জৰিয়তে সমাজখনলৈ নিষ্ঠাৰে সেৱা আগবঢ়াব লাগিব বুলিও তেওঁ কয়। শিশুসকল দেশৰ ভৱিষ্যৎ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আদৰ্শ নাগৰিক হিচাপে নিজকে গঢ় দিয়াৰ বাবে প্ৰয়াস চলাব লাগিব।

 শিক্ষা, সংস্কৃতি, ক্ৰীড়া, সাহিত্য, বিজ্ঞান, বৌদ্ধিক জগতকে ধৰি সকলো ক্ষেত্ৰতে পাকৈত আৰু যোগ্যতাসম্পন্ন নাগৰিক হিচাপে নিজকে গঢ় দিয়াৰ বাবে শিশুসকলে সংকল্প ল’ব লাগিব বুলিও তেওঁ  কয়। মুখ্যমন্ত্ৰীয়ে কয় যে শিশুসকলে ল’ৰালি কালৰ পৰাই স্বাস্থ্যৰ যত্ন লোৱাৰ লগতে খেল-ধেমালিৰ জৰিয়তে শাৰীৰিক আৰু মানসিক সুস্থতা গঢ়ি তোলাৰ বাবেও লক্ষ্য স্থিৰ কৰি ল’ব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিশুসকলৰ উন্নয়নৰ বাবে সমাজ কল্যাণ, স্বাস্থ্য খণ্ডৰ দৰে বিভিন্ন বিভাগত বহু আঁচনি হাতত লৈছে। তেওঁ কয় যে শিশু দিৱস উদ্‌যাপনে জীৱনত সঠিক বাটত আগবাঢ়ি যোৱাৰ বাবে শক্তি প্ৰদান কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম দিৱসত শিশু দিৱস উদ্‌যাপনৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ল’ৰালি কালৰে পৰা সঠিক যত্ন ল’লেহে ভাল মানুহ গঢ়াটো সম্ভৱ। মহাত্মা গান্ধীয়ে অহিংসাৰ বাণীৰে মানৱতাৰ বীজ অংকুৰিত কৰি থৈ গৈছে।

শিশুসকলক মহান মনীষী, বীৰপুৰুষসকলৰ আদেৰ্শৰে আগবঢ়াই লৈ যোৱাৰ বাবেও শিশুৰ যত্নত নিয়োজিত হৈ থকা সকলোকে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে এছ অ’ এছ শিশুগাঁৱে শিশুৰ উৎকৰ্ষ সাধনৰ বাবে কাম কৰি আহিছে। আগন্তুক দিনত শিশুসকলে যাতে শৃংখলাবদ্ধ অধ্যয়ন, অনুশাসন মানি চলি জীৱনক সুন্দৰ কৰি তুলিব পাৰে আৰু এই চৌহদে আদৰ্শৱান ব্যক্তি গঢ় দিব পাৰে তাৰ বাবে দৃঢ়তাৰে সকলোৱে প্ৰয়াস চলাব লাগিব বুলিও তেওঁ কয়। অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাইও  ভাষণ প্ৰদান কৰে। আজিৰ এই অনুষ্ঠানত  দুলীয়াজান-নুমলীগড় পাইপ লাইনৰ অধ্যক্ষ ৰূপম গোস্বামী, ৰাজ্যিক পৰ্যায়ৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য-সচিব লক্ষ্য কোঁৱৰ, উপায়ুক্ত বিশ্বজিৎ পেগু, এছ অ’ এছ শিশুগাঁৱৰ সঞ্চালক সুবোধ দাস প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে। 

No comments