Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দ্য ইভেন্টৰ ‌উদ্যোগত ‘খেতি কৰো আহক’ অনুষ্ঠান সম্পন্ন,

   ষ্টাফ ৰিপৰ্টাৰ যোৰহাট,১ নৱেম্বৰ: যোৰহাটত অন্যতম   সামাজিক সাংস্কৃতিক অনুষ্ঠান দা ইভেন্টে গছপুলি ৰোপণ, ইয়াৰ সজাগতা, শিক্ষা, সাংস্কৃতিক অন...

 

 ষ্টাফ ৰিপৰ্টাৰ যোৰহাট,১ নৱেম্বৰ: যোৰহাটত অন্যতম   সামাজিক সাংস্কৃতিক অনুষ্ঠান দা ইভেন্টে গছপুলি ৰোপণ, ইয়াৰ সজাগতা, শিক্ষা, সাংস্কৃতিক অনুষ্ঠান আৰু সজাগতাৰ লগতে নতুন প্ৰজন্মৰ মাজত কৃষি কাৰ্যৰ সজাগতা বৃদ্ধিৰ বাবে'খেতি কৰো আহক'শীৰ্ষক বিভিন্ন অনুষ্ঠান সম্পন্ন কৰিছে। একে নামেৰে আজিও যোৰহাট এলেংমৰাস্থিত আদৰ্শ মহিলা কৃষক ময়ুৰী বৰা সৃষ্ট অংশুমান নাৰ্ছাৰীত দা ইভেন্টৰ ‌উদ্যোগত আৰু যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰ আৰু অংশুমান নাৰ্ছাৰীত 'খেতি কৰো আহক'শীৰ্ষক কৃষি কাৰ্যৰ ওপৰত এক সজাগতা অনুষ্ঠান আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সমাপ্তি ঘটে। প্ৰায় ৪০গৰাকী কৃষক আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰকল্প সহযোগী প্লাৱন দেৱৰাজ, সহকাৰী প্ৰকল্প বিজ্ঞানী কস্তুৰী গোস্বামী, ৰিচাৰ্জ টেকনিচিয়ান দিব্যৰঞ্জন পৰাশৰ শৰ্মা,জিতেন দাস আৰু আই আৰ আৰ আই উৰিষ্যাৰ ৰিচাৰ্ছ টেকনিচিয়ান প্ৰদ্যুম্ন শ্ৰীচন্দন উপস্থিত থকা এই অনুষ্ঠানত কৃষি সম্পৰ্কীয় আন বহু আলোচনাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাট,অসম কৃষি বিশ্ববিদ্যালয়ৰ আয়োজনত 'ৰাইচ ভেলো চেইন' শীৰ্ষক চাউল, হালধি,বুট, মচলা, আদা গুৰি কৰা মেচিনৰ এক প্ৰশিক্ষণ কাৰ্যসূচীত সম্পন্ন হয়।
 
দ্য ইভেন্টৰ ‌উদ্যোগত সমীৰ ৰয়ৰ সামাজিক পৰিকল্পনা আৰু আবুল কালাম সঞ্চালনাত আয়োজিত খেতি কৰো আহক শীৰ্ষক এই অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰৰ উপস্থিত সকলক এখন ফুলাম গামোচা আৰু প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে আন ৪০ গৰাকী কৃষকক মান পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।সেই সকল হ'ল ক্ৰমে অনিতা বৰা, তৃষ্ণা তামূলী বৰা,শিখামনি দত্ত বৰা,ৰুমি বৰা,নয়নমনি বৰা,অৰুমি বৰা, ৰূপালী বৰা,সবিতা নাথ বৰা, ঘনমাই বৰা,অমিয়া বৰা,ৰঞ্জুমনি বৰা,ৰূপম জ্যেতি বৰা,প্ৰবিন বৰা,নিবেদিতা বৰা,জয়কান্ত বৰা,পাপু বৰা,অৰুন বৰা,নিহাৰিকা বৰা, সুস্মিতা বৰা,নিকুঞ্জ বৰা,সংগীতা বৰা,মঞ্জু বৰা,মৰমী তামূলী,বিজু হাজৰিকা,জুন বৰা,মৃনালি বৰা,পূৰবী বৰা,ডলী বৰা,সীমা নেওগ,অংকিতা বৰুৱা গায়ন,মুনিন টাই,ৰাঘৱ দত্ত,দিম্পী দত্ত,বিজয়া দত্ত,বিতুল বৰা,ময়ুৰী দত্ত বৰা আদি।অনুষ্ঠানৰ শেষত আবুল কালামৰ কণ্ঠত মানুহে মানুহৰ বাবে আৰু পংকজ বৰুৱা গায়নৰ কণ্ঠত দিহা নামৰ কলিৰে অনুষ্ঠানটিৰ সামৰণি পৰে।

No comments