Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ড’নাল্ড ট্ৰাম্প নে জ’ বাইদেন হ’ব আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিঃ বেলট বক্সত ভোটদান কৰিলে আমেৰিকাৰ ভোটাৰে

ৱাশ্বিংটন, ৩ নৱেম্বৰ :  আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প দ্বিতীয়বাৰলৈ বিশ্বৰ সৰ্বশক্তিশালী ৰাষ্ট্ৰখনৰ প্ৰমুখ ৰূপে নিৰ্বাচিত হ’বল...

ৱাশ্বিংটন, ৩ নৱেম্বৰ :  আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প দ্বিতীয়বাৰলৈ বিশ্বৰ সৰ্বশক্তিশালী ৰাষ্ট্ৰখনৰ প্ৰমুখ ৰূপে নিৰ্বাচিত হ’বলৈ আমেৰিকা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে তেওঁৰ বিপক্ষে যুঁজত নামিছে দেশখনৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জো বাইডেন। আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আজি অনুষ্ঠিত হয়। ড’নাল্ড ট্ৰাম্প ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি প্ৰাৰ্থী ৰূপে এইবাৰৰো নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিপৰীতে জো বাইডেন ডেমক্ৰেটিক দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে।

 বিগত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পে তেওঁৰ প্ৰতিদ্বন্দ্বী হিলাৰী ক্লিণ্টনক পৰাস্ত কৰি ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছিল। পুনৰবাৰ তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হ’বলৈ বিচাৰিছে। যাৰ বাবে তেওঁ আমেৰিকাৰ এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ব্যাপক হাৰত প্ৰচাৰ অভিযানত নামে। তাৰ বিপৰীতে বাইডেনো ট্ৰাম্পৰ বিৰুদ্ধে প্ৰচাৰ অভিযানত নামে। কিন্তু এইবাৰ আমেৰিকাৰ নিৰ্বাচনী বতাহজাক জো বাইডেনৰ দিশে বলিছে। যাৰ বাবে ড’নাল্ড ট্ৰাম্প জো বাইডেনৰ বিৰুদ্ধে সোচ্চাৰ হোৱাই নহয়, বিভিন্ন বক্তব্যৰে তীব্ৰ সমালোচনা কৰে প্ৰতিদ্বন্দ্বীগৰাকীক।



 আজি পুৱাৰ ভাগৰ পৰাই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয়। ভোটদান প্ৰক্ৰিয়া নিশা ৯ বজালৈ চলে। এই ভোটদান প্ৰক্ৰিয়া ডিচেম্বৰৰ ১৪ তাৰিখলৈ চলিব যদিও কাইলৈ আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব সেইটো স্পষ্ট হৈ পৰাৰ এক সম্ভাৱনা আছে। উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া ইয়াৰ পূৰ্বৰ পৰাই চলি আছিল। আজি ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ প্ৰাক্‌ক্ষণতেই  জো বাইডেনে আমেৰিকাবাসীক ওলাই আহি ভোটদান কৰিবলৈ আহবান জনায় টুইটাৰৰ মাধ্যমেৰে। 

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতি সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে। বহু ৰাষ্ট্ৰৰ প্ৰমুখে যদি ড’নাল্ড ট্ৰাম্পৰ পক্ষত নমা দেখা গৈছে, আন বহুৱে আকৌ জো বাইডেনৰ পক্ষত নামিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ড’নাল্ড ট্ৰাম্পৰ পক্ষত নমা দেখা গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘হাওডি মোদী’ কাৰ্যসূচীত অংশ লৈ ড’নাল্ড ট্ৰাম্পৰ পক্ষত ভোট দিয়াৰ আহবান জনাইছিল। ইয়াৰ পিছতেই এই বিষয়টোৱে সমগ্ৰ দেশত চৰ্চা লাভ কৰিছিল। আজি দেশৰ বিভিন্ন প্ৰান্তত ড’নাল্ড ট্ৰাম্প পুনৰ এবাৰ আমেৰিকাত ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হ’বলৈ যজ্ঞৰ আয়োজন কৰে। 

হিন্দু সংগঠনে দেশৰ বিভিন্ন প্ৰান্তত ট্ৰাম্পৰ পক্ষত থিয় দি তেওঁ দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হোৱাৰ বাবে যজ্ঞৰ আয়োজন কৰে। ভোটদানৰ ফলাফল ওলোৱাৰ পিছতেই যাতে আমেৰিকাত কোনো হিংসাত্মক কাৰ্যসূচী হ’ব নোৱাৰে তাৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তুলিছে প্ৰশাসনে। বিশেষকৈ হোৱাইট হাউছক বাংকাৰলৈ পৰিৱৰ্তন কৰা হৈছে। হোৱাইট হাউছৰ চৌদিশে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। লগতে দোকান-পোহাৰসমূহতো বিশেষ নিৰাপত্তা ব্যৱস্থাৰ আয়োজন কৰা হৈছে, যাতে কোনো ৰাজনৈতিক দলৰ সমৰ্থক হিংসাত্মক কাৰ্যসূচীত লিপ্ত নহয়।

No comments