Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জে ই ই কাণ্ডৰ মূল অভিযুক্ত প্ৰদীপ কুমাৰক দিল্লীত গ্ৰেপ্তাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ দেশবাসীৰ ওচৰত অসমক লজ্জাৱনত কৰা সৰ্বভাৰতীয় সংযুক্ত প্ৰৱেশ পৰীক্ষা চমুকৈ জেইইৰ পৰীক্ষা জালিয়াতি কাণ্ডৰ অন্যতম অভিয...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ দেশবাসীৰ ওচৰত অসমক লজ্জাৱনত কৰা সৰ্বভাৰতীয় সংযুক্ত প্ৰৱেশ পৰীক্ষা চমুকৈ জেইইৰ পৰীক্ষা জালিয়াতি কাণ্ডৰ অন্যতম অভিযুক্ত তথা নীলনক্ষত্ৰ দাসৰ হৈ ছদ্মৱেশত পৰীক্ষাত বহা ভুৱা পৰীক্ষাৰ্থী প্ৰদীপ কুমাৰক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গুৱাহাটীৰ পৰা যোৱা এটা আৰক্ষীৰ দলে দিল্লীৰ আৰক্ষীৰ সহযোগত দিল্লীত অভিযান চলাই প্ৰদীপ কুমাৰক গ্ৰেপ্তাৰ কৰে। জেইই কাণ্ডৰ অন্যতম অভিযুক্ত প্ৰদীপ কুমাৰক দিল্লী আদালতত হাজিৰ কৰি অসম আৰক্ষীৰ দলটোৱে ট্ৰেনজিত ৰিমাণ্ডত আনে। দিল্লীৰ পৰা এক বিশেষ বিমানেৰে নিশাই প্ৰদীপ কুমাৰক গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰা হৈছে। কাইলৈ প্ৰদীপ কুমাৰক গুৱাহাটীৰ আদালতত হাজিৰ কৰা হ’ব। 

উল্লেখ্য যে জেইইপৰীক্ষা জালিয়াতি সন্দৰ্ভত আজাৰা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৪১৯/৪২০/৪০৬ আৰু তথ্যপ্ৰযুক্তিৰ আইনৰ ৬৬ (ডি) ধাৰাত ৰুজু কৰা ৬৪২/২০ নম্বৰৰ গোচৰত যোৱা ২৮ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল জেইই পৰীক্ষাৰ জালিয়াতিত জড়িত অন্যতম অভিযুক্ত তথা চিকিৎসক ডাঃ জ্যোতিময় দাস, শিক্ষাৰ্থী নীলনক্ষত্ৰ দাস আৰু আজাৰস্থিত পৰীক্ষা কেন্দ্ৰ টি চি এছৰ তিনি কৰ্মচাৰী ক্ৰমে— হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু হীৰোকমল পাঠক। একেদৰে ৩০ অক্টোবৰৰ নিশা আৰক্ষীয়ে গুৱাহাটীৰ ৰূপনগৰস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। আন এগৰাকী মূল অভিযুক্ত তথা কুখ্যাৎ দালাল ভাৰ্গৱ ডেকা মালিকানাধীন মধ্যভোগী কনছালটেন্সী গ্লবেল ইডু লাইটৰ কাউন্সিলৰ কাকলি বুজৰবৰুৱাক।

 আনহাতে, পহিলা নৱেম্বৰৰ নিশা ডুবাইৰ পৰা উভতি অহা অৱস্থাত বৰঝাৰ বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল মূল অভিযুক্ত তথা মধ্যভোগী কনছালটেন্সী গ্লবেল ইডু লাইটৰ স্বত্বাধিকাৰী ভাৰ্গৱ ডেকা। জেই ই পৰীক্ষাৰ জালিয়াতিৰ অভিযোগত ইতিমধ্যে সাতজন কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হৈছে। নীলনক্ষত্ৰৰ স্বীকাৰোক্তিৰ ভিত্তিত দিল্লীৰ পৰা প্ৰণৱ কুমাৰক গ্ৰেপ্তাৰ কৰা হয়। নীলনক্ষত্ৰৰ হৈ প্ৰণৱ কুমাৰে জেইই পৰীক্ষাত অৱতীৰ্ণ হৈছিল। 

No comments