Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মিঞা মিউজিয়াম আৰু বঙালী মিউজিয়াম প্ৰসংগত সাহিত্য সভাৰ কোৱাৰ প্ৰয়োজন নাই : কুলধৰ শইকীয়া

সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন   গণবাৰ্তা বিশেষ,১ নৱেম্বৰ যোৰহাট :  ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা বিতৰ্কিত বিধ...

সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন

 

গণবাৰ্তা বিশেষ,১ নৱেম্বৰ যোৰহাট :  ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা বিতৰ্কিত বিধায়ক শ্বেৰমান আলি আৰু কমলাক্ষ দেৱ পুৰকায়স্থৰ মিঞা মিউজিয়াম আৰু বঙালী মিউজিয়াম প্ৰসংগত স্থিতি স্পষ্ট কৰিলে অসম সহিত্য সভাই| আজি সাহিত্য সভাৰ যোৰহাটস্থিত  কেন্দ্ৰীয় কাৰ্য্যালয়ত অনুস্থিত এক সংবাদ মেলত সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়াই কয় যে অসমৰ প্ৰাচীন ইতিহাস প্ৰাচীন সত্বাৰ বৰঘৰ কাৰোবাৰ আক্ৰোশত ভাঙি নপৰে| যিকোনো ব্যক্তিয়েই মনত অহা কথা কৈ জাতীয় সত্বা বিঘ্নিত কৰিব নোৱাৰে| যেতিয়া অসমীয়া ভাষা সংস্কৃতি বিপদাপন্ন হ'ব বা জাতীয় সত্বা বিপদাপন্ন হলে সাহিত্য সভাই মাত মতাৰ প্ৰয়োজন অনুভৱ কৰে| এনেদৰে কাৰোবাৰ ব্যক্তিগত কথাত সাহিত্য সভাই মাত মতাৰ প্ৰয়োজন নাই বুলি অনুভৱ কৰে বুলি মন্তব্য কৰে সভাপতি জনে| যি সময়ত সমগ্ৰ ৰাজ্য জুৰি দুই বিধায়কৰ বিবেকহীন মন্তব্যক গৰিহনা দিয়াৰ লগতে প্ৰতিজন অসমীয়াই ধিক্কাৰ দিছে সেই সময়তে সাহিত্য সভাৰ দৰে এটা বৃহৎ অনুস্থানে এই বিষয়ত কথা কোৱাৰ প্ৰয়োজন অনুভৱ নকৰে বুলি স্বয়ং সভাপতি জনে কৰা মন্তব্য অতি আশ্চৰ্য্যজনক বুলি চিহ্নিত হৈছে| তেওঁ লগতে কয় যে এই মন্তব্য ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত মন্তব্যত সাহিত্য সভাই মন্তব্য দিয়াৰ প্ৰয়োজন নাই বুলি স্পষ্ট কৰি দিয়ে সভাপতি জনে|  আনহাতে চৰচাপৰিত  স্কুল স্থাপনৰ বিষয়টো আলোচনা কৰা হব বুলিও জনাই সভাপতি জনে| আনহাতে সাহিত্য সভাৰ মাজুলী অধিবেশন সম্পৰ্কত মতপোষন কৰি কয় যে ৰাইজে অধিবেশন সন্দৰ্ভত সিদ্ধান্ত লব আৰু কভিড নীতি নিয়ম মানি ৰাইজে যি ধৰণে অনুস্থিত কৰিব পাৰি তেনেদৰেই অনুস্থিত কৰা হ'ব| উল্লেখযোগ্য যে কেন্দ্ৰীয় কাৰ্য্যালয়ত অাজি কেন্দ্ৰীয় সমিতিৰ প্ৰথম খন পূৰ্ণাংগ কাৰ্য্যনিৰ্বাহক সভা অনুস্থিত হৈ যায়|

No comments