ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ১৯ নৱেম্বৰ : যোৰহাটৰ বাঘচোং মণ্ডলৰ অন্তৰ্গত ৫০ নং দক্ষিণ-পূৱ নামনি চৰাইবাহী গাঁও পঞ্চায়তৰ “চৰাইবাহী উপ-ক্ৰীড়া সন...
ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ১৯ নৱেম্বৰ : যোৰহাটৰ বাঘচোং মণ্ডলৰ অন্তৰ্গত ৫০ নং দক্ষিণ-পূৱ নামনি চৰাইবাহী গাঁও পঞ্চায়তৰ “চৰাইবাহী উপ-ক্ৰীড়া সন্থা”ৰ নৱনিৰ্মিত ভৱনটো আজি শুভ উদ্ধোধন কৰে যোৰহাটৰ মাননীয় বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে । এই উদ্ধোধনী কাৰ্য্যসূচীত উপস্থিত থাকে যোৰহাট ক্ৰীড়া সন্থাৰ সভাপতি তথা ৰাজ্যিক বি জে পি ৰ কাৰ্য্যনিৰ্বাহক সদস্য শান্তনু পূজাৰী , বাঘচোং মণ্ডলৰ সভাপতি অনন্ত কৃষ্ণ গগৈ , বাঘচোং মণ্ডলৰ সম্পাদক অবিনাশ গগৈ আৰু ৰাজীৱ কাকতিকে প্ৰমূখ্য কৰি কেইবাজনো জ্যেষ্ঠ দলীয় কৰ্মী আৰু স্থানীয় ৰাইজ । লগতে উপ ক্ৰীড়া সন্থাৰ ভৱনৰ সন্মুখেৰে যোৱা নৱনির্মিত পথটোও বিধায়ক গোস্বামীয়ে শুভ উদ্ধোধন কৰে ।
No comments