Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

৯ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব আইলীগ

নতুন দিল্লী, ৯ নৱেম্বৰঃ অখিল ভাৰতীয় ফুটবল মহাসংঘই আইলীগৰ ১৪তম সংস্কৰণ অহা বৰ্ষৰ ৯ জানুৱাৰীৰ পৰা কলকাতাত আয়োজন হ’ব। কাৰ্যসূচী শীঘ্ৰে ঘোষণা কৰ...

নতুন দিল্লী, ৯ নৱেম্বৰঃ অখিল ভাৰতীয় ফুটবল মহাসংঘই আইলীগৰ ১৪তম সংস্কৰণ অহা বৰ্ষৰ ৯ জানুৱাৰীৰ পৰা কলকাতাত আয়োজন হ’ব। কাৰ্যসূচী শীঘ্ৰে ঘোষণা কৰা হ’ব বুলি উল্লেখ কৰিছে। টুৰ্ণামেণ্ট আৰম্ভ হোৱাৰ পূৰ্বে অংশ ল’বলগীয়া ১১ টা দলে নিজৰ মেচৰ পূৰ্বে ১৪দিন আছুতীয়াকৈ থাকিব লাগিব। উল্লেখ্য যে কোৰোনা মহামাৰীৰ বাবে আইলীগৰ যোৱা সংস্কৰণ চলি থকাৰ মাজতে সামৰিব লগা হৈছিল। আইলীগ কোৱালিফায়াৰৰ সৈতে ফুটবল পুনৰ আৰম্ভ হ’ব। পশ্চিমবংগ চৰকাৰ আৰু ভাৰতীয় ফুটবল সংঘই মহাসংঘৰ লগত এক হৈ কোৱালিফায়াৰ মেচ আয়োজন কৰিব। আইলীগৰ প্ৰথম পৰ্যায়ত ১১টা দলে এটাই আনটোৰ বিৰুদ্ধে খেলিব। 

ইয়াৰ পিছত বেলেগ বেলেগ গ্ৰুপত ভাগ কৰিব। পইন্ট তালিকাৰ ভিত্তিত শীৰ্ষ ছয়টা দলে এটাই আনটোৰ বিৰুদ্ধে এখনকৈ মেচ আৰু খেলিব। আনহাতে অন্য পাঁচটা দলে প্ৰথম পৰ্যায়ত এটাই আনটোৰ বিৰুদ্ধে খেলিব। যিটো দলে ১৫খন মেচত সৰ্বাধিক পইণ্ট অৰ্জন কৰিব সেইটোৱে ২০২০-২১ৰ বিজেতা হ’ব। টুৰ্ণামেণ্টৰ আয়োজনত কেন্দ্ৰ চৰকাৰ দ্বাৰা জাৰি কৰা ক’ভিড-১৯ৰ নীতি নিৰ্দেশনা পালন কৰিব আৰু মেচৰ সময়ত দৰ্শকক ষ্টেডিয়ামত অহাৰ অনুমতি দিয়া নহ’ব।

No comments