Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিলে উৰণীয়া সেতু সংযুক্ত ডিব্ৰুগড় বাইপাছ

গণ বাৰ্তা, ডিব্ৰুগড়, ১৮ নৱেম্বৰঃ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি উদ্বোধন কৰিলে উৰণীয়া সেতু সংযুক্ত ডিব্ৰুগড় বাইপাছ পথ। ৩৭ নং ৰাষ্ট্ৰী...



গণ বাৰ্তা, ডিব্ৰুগড়, ১৮ নৱেম্বৰঃ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি উদ্বোধন কৰিলে উৰণীয়া সেতু সংযুক্ত ডিব্ৰুগড় বাইপাছ পথ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক ক্ৰছ কৰা তথা বগীবিল দলং আৰু লাহোৱাল সমষ্টিৰ বকুলক সংযোগ কৰা পথটোৰ দৈঘ্য ১৫.৪৪৭ কিলোমিটাৰ। অসমত NHICDCL ৰ এইটোৱেই হৈছে প্ৰথম প্ৰকল্প। ৯৮.৮৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বাইপাছতে এখন উৰণীয়া সেতুও উদ্বোধন কৰে মুখ্যমন্ত্ৰী সোণোৱালে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় – কংগ্ৰেছ চৰকাৰে ৬০ বছৰে কৰিব নোৱাৰা কাম নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৬ বছৰত সম্পূৰ্ণ কৰিছে। অসমত কংগ্ৰেছ চৰকাৰে ১৫ বছৰে কৰিব নোৱাৰা কাম মিত্ৰজোঁট চৰকাৰে চাৰে চাৰি বছৰত কৰি দেখোৱাইছে। যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাত কেন্দ্ৰীয় আৰু অসম চৰকাৰে বৈপ্লৱিক পৰিবৰ্তন আনিছে। পূৰ্বৰ চৰকাৰে যাতায়ত ব্যৱস্থা উন্নত নকৰা বাবেই অসমত প্ৰাকৃতিক সম্পদত চহকী হোৱা স্বত্বেও ভাৰতৰ আন কিছুমান ৰাজ্যৰ তুলনাত পিছ পৰি আছিল। প্ৰকল্পটোৰ নিৰ্মাণৰ দায়িত্বত থকা NHIDCLৰ কাৰ্যবাহী সঞ্চালক পংকজ সিঙে আদৰণি ভাষণ প্ৰদান কৰা উদ্বোধনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বিধায়ক ঋতুপৰ্ণ বৰুৱা। তেখেতে আজিৰ দিনটো এক ঐতিহাসিক দিন বুলি উল্লেখ কৰে। লগতে পূৰ্বতে ডিব্ৰুগড় চহৰৰ পৰা তিনিচুকীয়া লৈ যাবলৈ ডেৰ ঘন্টা সময় লাগিছিল যদিও এতিয়াৰে পৰা ৪০ মিনিট হে লাগিব বুলি মন্তব্য কৰে বৰুৱাই। ইয়াৰ উপৰিও অসম তথা ভাৰত চৰকাৰে যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ যথেষ্ট পদক্ষেপ লোৱা বুলিও ব্যক্ত কৰে ঋতুপৰ্ণ বৰুৱাই।‌ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক প্ৰশান্ত ফুকন, বিমল বৰা, নৰেন সোণোৱালকে ধৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

No comments