গণ বাৰ্তা বিশেষ, ডিফু, ১৩ নৱেম্বৰ ঃ এইবাৰ বিজেপিৰ কাৰবি আংলঙৰ বৰঘৰত শনি লাগিছে । শূন্য সহনশীলতাৰ জয়ঢোল বজাই থকা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধ...
গণ বাৰ্তা বিশেষ, ডিফু, ১৩ নৱেম্বৰ ঃ এইবাৰ বিজেপিৰ কাৰবি আংলঙৰ বৰঘৰত শনি লাগিছে । শূন্য সহনশীলতাৰ জয়ঢোল বজাই থকা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি দলৰ কৰ্মকৰ্তাক দুৰ্নীতি নিবাৰণ শাখাই উৎকোচ লৈ থাকোতে হাতে-লোটে ধৰা পেলোৱা কাৰ্যই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । দেশৰ প্ৰতিজন দৰিদ্ৰ লোকক বসবাসৰ বাবে নিশ্চিত আৱাস যোজনা প্ৰদানৰ নামত কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰূপায়ণৰ নামত সৰ্বত্ৰ দুৰ্নীতিত লিপ্ত হৈছে দুৰ্নীতিবিৰোধী অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰ শ্ল’গান আওৰোৱা খোদ বিজেপি দলৰেই একাংশ নেতা-পালিনেতা। বিভিন্ন সময়ত চৰকাৰী আঁচনি ৰূপায়ণৰ নামত গেৰুৱা দলটোৰ একাংশ নেতা-পালিনেতাৰ বিৰুদ্ধে বাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে আজি কাৰ্বি আংলং জিলাৰ বিশেষ শাখাৰ দুৰ্নীতি নিবাৰক বাহিনীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে হাওৰাঘাট পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এগৰাকী বিজেপি দলৰ নেতা তথা হাওৰাঘাট গাঁও উন্নয়ন সমিতি, চমুকৈ ভিডিচিৰ অধ্যক্ষ যীশু কেম্প্ৰাই।
উল্লেখযোগ্য যে দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী অৱাস যোজনা ৰূপায়ণৰ নামত হিতাধিকাৰীৰ পৰা ভিডিচিৰ অধ্যক্ষগৰাকীয়ে ব্যাপক হাৰত উৎকোচ গ্ৰহণ কৰি অহাৰ অভিযোগ বিগত সময়ছোৱাত উত্থাপিত হৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি উক্ত আঁচনিৰ অধীনত আৱাস যোজনাৰ গৃহ লাভ কৰা এগৰাকী হিতাধিকাৰীৰ পৰাও সেইদৰে ভিডিচিৰ অধ্যক্ষগৰাকীয়ে দহ হাজাৰ টকা দাবী কৰে। আঁচনিখনৰ অধীনত গৃহ নিৰ্মাণৰ বাবে লাভ কৰা ধন হিতাধিকাৰীক প্ৰদানৰ পূৰ্বে ভিডিচিৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি অধ্যক্ষগৰাকীয়ে হিতাধিকাৰীগৰাকীক দহ হাজাৰ টকা দাবী কৰে। দাবী কৰা এনে বৃহৎ পৰিমাণৰ ধন প্ৰদান কৰাটো সম্ভৱপৰ নোহোৱাত ভুক্তভোগী হিতাধিকাৰীগৰাকীয়ে লাভ কৰিবলগীয়া ঘৰ নোপোৱাৰ আশংকাত যোৱা তিনিদিন পূৰ্বে কাৰ্বি আংলং জিলা আৰক্ষীৰ কাষ চাপে।
হিতাধিকাৰীগৰাকীৰ অভিযোগৰ ভিত্তিতে কাৰ্বি আংলং জিলা আৰক্ষীৰ দুৰ্নীতিবিৰোধী বিশেষ শাখাৰ এটা দলে ভ্ৰষ্টাচাৰী ভিডিচিৰ অধ্যক্ষগৰাকীক ফান্দত পেলোৱাৰ বাবে কৌশল ৰচনা কৰে। সেই অনুসৰি আজি বিয়লি হাওৰাঘাটৰ অসম গ্ৰামীণ বিকাশ বেংকৰ চামগুৰি শাখাৰ পৰা দাবী কৰা উৎকোচৰ ধন সংগ্ৰহ কৰাৰ বাবে উপস্থিত হোৱাৰ সময়তে পূৰ্ব পৰিকল্পনা অনুসৰি আৰক্ষীয়ে দুৰ্নীতিগ্ৰস্ত ভিডিচিৰ অধ্যক্ষগৰাকীক হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিখন ৰূপায়ণৰ নামত পাহাৰীয়া জিলাখনত গ্ৰামাঞ্চলসমূহত সংঘটিত হোৱা পৰ্বতসম দুৰ্নীতিৰো এক ক’লা অধ্যায় মুকলি হোৱাৰ পথ প্ৰশস্ত হৈছে। ইফালে, ভিডিচিৰ অধ্যক্ষ যীশু কেম্প্ৰাইৰ গ্ৰেপ্তাৰৰ ঘটনাই হাওৰাঘাট এলেকাতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সুষ্টি কৰিছে। বিশেষকৈ চৰকাৰী আঁচনি ৰূপায়ণৰ নামত সংঘটিত হোৱা দুৰ্নীতিত অধ্যক্ষগৰাকীৰ লগতে আন বহু শীৰ্ষস্থানীয় লোকো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে। এই সন্দৰ্ভত হাওৰাঘাট থানাত ইতিমধ্যে এক গোচৰ পঞ্জীয়ন কৰা হৈছে।
No comments