Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জাতি-মাটি-ভেটি বন্ধকত থোৱা বাবেই বিজেপিক হিয়া উজাৰি ভোট দিবঃসংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ কটাŽক্ষ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ নৱেম্বৰ ঃ আগন্তুক নিৰ্বাচনত অসমৰ ৰাইজে বিজেপিক হিয়া উজাৰি ভোট দিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা ক...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ নৱেম্বৰ ঃ আগন্তুক নিৰ্বাচনত অসমৰ ৰাইজে বিজেপিক হিয়া উজাৰি ভোট দিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। আজি ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত সভাপতি ৰিপুন বৰাই মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয় যে জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ কথা কৈ শাসনৰ বাঘজৰী দখল কৰা বিজেপি চৰকাৰক এতিয়া জাতি-মাটি-ভেটি বন্ধকত থোৱা বাবেই হিয়া উজাৰি ভোট দিব। জাতি-মাটি-ভেটি বিক্ৰী কৰিবলৈ ওলোৱা বাবেই বিজেপিক অসমবাসীয়ে সকলো উজাৰি ভোট দিব নেকি বুলি প্ৰশ্ন কৰে। তেওঁ লগতে আৰু প্ৰশ্ন কৰে যে মুখ্যমন্ত্ৰী সোণোৱালে ঘোষণা কৰাৰ দৰে অসমীয়া জাতিৰ অস্তিত্ব সৰ্বকালৰ বাবে বিপন্ন কৰিব পৰা ‘কা’ আইন অনাৰ বাবেই নেকি বিজেপিক ভোট দিব অসমীয়া ৰাইজে। একেদৰে ‘কা’বিৰোধী আন্দোলনৰ সময়ত ৫গৰাকী নিৰীহ অসমীয়া যুৱকক গুলীয়াই হত্যা কৰাৰ বাবেই বিজেপিক ভোট দিব নেকি বুলি অসমীয়া ৰাইজে।

 বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছতেই অসমে পাই অহা বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিলে। কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে দীৰ্ঘদিন ধৰি ৯০ছ১০ পদ্ধতিৰে পাই অহা পুঁজি বন্ধ কৰি অসমৰ উন্নয়ন স্তব্ধ কৰিলে। অসমৰ স্বাভিমান ভাৰতৰত্ন গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ পুঁজিপতিৰ হাতত বিক্ৰী কৰিলে। অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত থকা অধিকাৰ খৰ্ব কৰি তৈলক্ষেত্ৰসমূহ বিজেপি চৰকাৰে বিক্ৰী কৰি দিলে। একেদৰে অসমৰ বৰাক, ব্ৰহ্মপুত্ৰৰ আয়ুস ৰেখাস্বৰূপ দীৰ্ঘদিন ধৰি লাভ অৰ্জন কৰা ৰাজহুৱা খণ্ডৰ কাগজ কল দুটা বন্ধ কৰি দিলে। মোদী চৰকাৰৰ দুই কোটি নিবনুৱাৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি বুমেৰাং হ’ল। বিজেপি চৰকাৰ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱাই নহয়, অসমৰ এপদ এপদ ৰাজহুৱা সম্পদ পুঁজিপতিৰ হাতত গতাই দিলে। অসমখনক ধবংসৰ মুখলৈ ঠেলি দি সকলো সম্পদ পুঁজিপতিৰ হাতত গতাই দিয়াৰ বাবেই এইবেলি বিজেপিক অসমবাসী ৰাইজে হিয়া উজাৰি ভোট দিব নেকি বুলি ৰিপুন বৰাই কটাক্ষ কৰে। 

ইপিনে কংগ্ৰেছে ৬০ বছৰত কৰিব নোৱাৰা কাম বিজেপিয়ে ছবছৰত কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত ৰিপুন বৰাই কয় যে মুখ্যমন্ত্ৰী সোণোৱালে যিখন প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল, ডিব্ৰুগড়ৰ যি মহাবিদ্যালয়ত পঢ়িছিল আৰু যিখন বিশ্ববিদ্যালয়ত পঢ়ি উচ্চ শিক্ষা গ্ৰহণ কৰিছিল সেয়া কংগ্ৰেছেই স্থাপন কৰিছিল। সোণোৱালে ডিব্ৰুগড় বিমানবন্দৰৰ পৰা সঘনাই দিল্লীলৈ বিমানেৰে অহা-যোৱা কৰে। উক্ত বিমানবন্দৰ কাৰ দিনত প্ৰতিষ্ঠা হৈছিল বুলি মনত পেলাবলৈ সোণোৱালক কটাক্ষ কৰে। সোণোৱালৰ জন্ম নৌহওঁতেই কংগ্ৰেছ চৰকাৰে ভাৰতৰ বিভিন্ন ঠাইত আইআইটি, এইম্‌ছ, আইআইএম প্ৰতিষ্ঠা কৰিছিল। সোণোৱাল চৰকাৰে কি কৰিছে সেয়া ৰাজহুৱা কৰিবলৈ প্ৰত্যাহবান জনায়। ইপিনে হিমন্তৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ ৰিপুন বৰাই কয় যে হিমন্তৰ সভালৈ অহা অধিকাংশ লোক ভাৰাতীয়া। এক হাজাৰকৈ টকা দি সমদললৈ মাতে মানুহক। আনকি অৰুণোদয় আঁচনি দিয়াৰ নামতো ৰাইজক সভালৈ আনিছে বুলিও ৰিপুন বৰাই উল্লেখ কৰে।

No comments