Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিজেপিৰ দৰে এ আই ইউ ডি এফ উগ্ৰ সাম্প্ৰদায়িক দলঃ ধুবুৰীত কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ কাৰ্য্যনিৰ্বাহক সভাত মহিবুল হক

চৈয়দ নুৰুল আমিন, ধুবুৰী, ১১ নৱেম্বৰ ঃ বিধানসভা নিৰ্বাচনৰ দিন চমু হৈ অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলৰ লগতে কংগ্ৰেছ দলেও নিৰ্বাচনী কুচ...

চৈয়দ নুৰুল আমিন, ধুবুৰী, ১১ নৱেম্বৰ ঃ বিধানসভা নিৰ্বাচনৰ দিন চমু হৈ অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলৰ লগতে কংগ্ৰেছ দলেও নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। এফালে নিৰ্বাচনী কুচকাৱাজ, আনফালে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কংগ্ৰেছ দলৰ মাজত।অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী মহিবুল হকে নিজৰ ভাষণ প্ৰসঙ্গত কয় যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা এক বিভ্ৰান্তকৰ  বিষয়। বিজেপি দল যেনেকৈ সাম্প্ৰতিক দল, ঠিক তেনেকৈ এ আই ইউ ডি এফ দল এটা উগ্ৰ সাম্প্ৰতিক দল। এই দলৰ লগত কংগ্ৰেছ দলে মিত্ৰতা কৰিলে আত্মঘাতী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। আমাৰ শেষবিন্দু তেজ থকালৈকে আমি মিত্ৰতা মানি নলওঁ ।

 কংগ্ৰেছ দলে এককভাৱে নিৰ্বাচন খেলি অসমত চৰকাৰ গঠন কৰিব। অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে  নিজৰ ভাষণ প্ৰসঙ্গত কয় যে এ আই ইউ ডি এফ দলৰ লগত কংগ্ৰেছৰ কোনো মিত্ৰতা হোৱা নাই। মিত্ৰতাৰ সিদ্ধান্ত  প্ৰদেশ কংগ্ৰেছে গ্ৰহণ নকৰে, সিদ্ধান্ত গ্ৰহণ কৰিব দলৰ সৰ্বভাৰতীয় সভানেত্ৰীয়ে। আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা পৰামৰ্শহে  পঠাব পাৰোঁ। যদি মিত্ৰতা চূড়ান্ত হয়, তেন্তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি, দলৰ জ্যেষ্ঠ নেতৃত্বই এ আই ইউ ডি এফ দলৰ লগত বহি আসন বুজাবুজি কৰিব। ‘কা’বিৰোধী সংগঠনসমূহ যদি একগোট হয়, তেন্তে বিজেপি দলক প্ৰতিহত কৰিব পৰা যাব। প্ৰধানমন্ত্ৰীয়ে বাংলাদেশী খেদি পঠিওৱা দূৰৰ কথা, সংসদত আইন পাছ কৰি বাংলাদেশী নাগৰিকক অনাৰ ব্যৱস্থাহে কৰিছে। 

উল্লেখ্য যে আজি ধুবুৰী জিলা কংগ্ৰেছ ভৱনত, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংখ্যালঘু বিভাগৰ ধুবুৰী জিলাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক  সভাখন   বিভাগটোৰ ধুবুৰী জিলাৰ সভাপতি তথা প্ৰাক্তন বিধায়ক জাহান উদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত হয়।এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংখ্যালঘু বিভাগৰ সভাপতি ছলমান খান, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলাম, প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি তথা বিধায়ক ৱাজেদ আলী চৌধুৰী, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী মহিবুল হক, জিলা কংগ্ৰেছৰ সভাপতি উত্তম সৰকাৰসহ  প্ৰদেশ কংগ্ৰেছ আৰু জিলা কংগ্ৰেছৰ প্ৰায় দুই শতাধিক নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

No comments