ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১৮ নৱেম্বৰ ঃ অমৃতসৰৰ স্বৰ্ণমন্দিৰ বহুতেই হয়তো দেখা নাই। দূৰৈৰ পৰা জিলিকি থকা সোণবৰণীয়া মন্দিৰটো বিশ্বৰ বহুতৰ বাবে...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১৮ নৱেম্বৰ ঃ অমৃতসৰৰ স্বৰ্ণমন্দিৰ বহুতেই হয়তো দেখা নাই। দূৰৈৰ পৰা জিলিকি থকা সোণবৰণীয়া মন্দিৰটো বিশ্বৰ বহুতৰ বাবে আকৰ্ষণীয়। পিছে এতিয়াৰে পৰা মা কামাখ্যাৰ মন্দিৰটোও একাংশ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। আজিৰে পৰা মা কামাখ্যা মন্দিৰ বহুতৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মা কামাখ্যা মন্দিৰত ভক্তিৰ বাবেঅসংখ্য লোকে পৰিভ্ৰমণ কৰে যদিও এতিয়াৰে পৰা কামাখ্যাপীঠৰ সোণৰ গম্ভুজ দৰ্শন কৰাৰ বাবেও একাংশ পৰ্যটকৰ কেন্দ্ৰবিন্দু হৈ পৰিব শক্তিপীঠ। উল্লেখ্য যে কিছুদিন ধৰি শক্তিপীঠত সোণৰ গম্ভুজৰ নিৰ্মাণ কাৰ্য চলি আছিল আৰু আজি এই গম্ভুজৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত মুকলি কৰা হয়। দেশৰ বিভিন্ন স্থানৰ মন্দিৰৰ দৰে মা কামাখ্যাৰ মূধচো সোণেৰে জিলিকি উঠিব।
উল্লেখ্য যে দাক্ষিণাত্যৰ প্ৰায়ভাগ মন্দিৰৰেই গম্ভুজত সোণ থাকে। দূৰৈৰ পৰাই জিলিকি থকা এই সোণৰ গম্ভুজ বহুতৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। এতিয়াৰে পৰা কামাখ্যাৰ মূধচতো তিনি তৰপীয়া সোণৰ কলহৰ গম্ভুজ পৰিলক্ষিত হ’ব। দেশৰ আগশাৰীৰ ঔদ্যোগপতি মুকেশ আম্বানীয়ে মা কামাখ্যা দৰ্শনৰ সময়ত ২০ কিলো সোণ দান কৰিছিল, আৰু এই সোণেৰেই কামাখ্যাৰ মূধচত তিনি তৰপীয়া সোণৰ কলহ নিৰ্মাণ কৰা হয়। এই সোণৰ গম্ভুজ নিৰ্মাণৰ কামত ৰিলায়েন্সৰ অলংকাৰ বনোৱা কাৰিকৰ নিয়োগ কৰা হৈছিল। দীপাৱলীৰ সময়ত এই গম্ভুজ মুকলি কৰাৰ কথা আছিল যদিও আজিহে ইয়াক আনুষ্ঠানিকভাৱে মুকলি কৰা হয় আৰু ইয়াৰ বাবে মা কামাখ্যা মন্দিৰত যজ্ঞৰো আয়োজন কৰা হয়।
No comments