Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দ্বিতীয়বাৰলৈ হোৱাইট হাউচ দখলৰ স্বপ্ন ভংগ হ’ল ড’নাল্ড ট্ৰাম্পৰঃ সাম্প্ৰদায়িক বক্তব্যৰ বাবেই আমেৰিকাবাসীয়ে অস্বীকাৰ কৰিলে ট্ৰাম্পক

ৱাশ্বিংটন, ৮ নৱেম্বৰ ঃ ২০১৬ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেমক্ৰেটিক প্ৰাৰ্থী হিলাৰী ক্লিণ্টনক বহুসংখ্যক ইলেক্ট’ৰিয়েল কলেজ ভোটেৰে পৰাস্ত কৰ...

ৱাশ্বিংটন, ৮ নৱেম্বৰ ঃ ২০১৬ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেমক্ৰেটিক প্ৰাৰ্থী হিলাৰী ক্লিণ্টনক বহুসংখ্যক ইলেক্ট’ৰিয়েল কলেজ ভোটেৰে পৰাস্ত কৰি হোৱাইট হাউছ দখল কৰা ড’নাল্ড ট্ৰাম্প দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হোৱাৰ সৌভাগ্য নহ’ল। ৰিপাব্লিকান দলে ড’নাল্ড ট্ৰাম্পকেই দ্বিতীয়বাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰূপে মনোনীত কৰিছিল যদিও তেওঁ দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত নহ’ল। আমেৰিকাবাসীয়ে ট্ৰাম্পক এইবাৰৰ নিৰ্বাচনত নাকচ কৰিলে। যাৰ বাবে দ্বিতীয়বাৰলৈ হোৱাইট হাউছ দখলৰ স্বপ® ভংগ হয় ড’নাল্ড ট্ৰাম্পৰ। তেওঁ দ্বিতীয়বাৰলৈ হোৱাইট হাউছ দখলৰ বাবে ব্যাপক হাৰত প্ৰচাৰ অভিযান চলাইছিল যদিও আমেৰিকাবাসীয়ে তেওঁক কোনো কাৰণতেই গ্ৰহণ নকৰিলে। ড’নাল্ড ট্ৰাম্প পৰাস্ত হোৱাৰ কাৰণ ৰূপে পৰিগণিত হৈছে তেওঁৰ সাম্প্ৰদায়িক বক্তব্য, কোৰোনা মহামাৰী নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা আৰু অৰ্থব্যৱস্থাক বেকফুটলৈ লৈ যোৱা।

 কোৰোনা মহামাৰীৰ সময়ছোৱাত ড’নাল্ড ট্ৰাম্পে এই ভাইৰাছক চীনা ভাইৰাছ বুলি উল্লেখ কৰি কোৰোনা ভাইৰাছক সামান্য ভাইৰাছ বুলি ক’বলৈ ধৰিছিল। কিন্তু পৰিস্থিতি আমেৰিকাত জটিল কৰি তোলে কোৰোনা ভাইৰাছে। আমেৰিকাই হৈছে কোৰোনা ভাইৰাছত সৰ্বাধিক প্ৰভাৱিত দেশ। দেশখনত দুই লাখতকৈও অধিক লোকৰ কোৰোনা ভাইৰাছত মৃত্যু হোৱাৰ লগতে এক কোটিতকৈও অধিক লোক আক্ৰান্ত হৈছে। এই মহামাৰী চলি থকাৰ সময়ছোৱাতো তেওঁ কোৰোনা ভাইৰাছক সামান্য ভাইৰাছ বুলি ক’বলৈ ধৰে। ইমানেই নহয়, মাস্ক পৰিধান কৰা বিষয়টোকো গুৰুত্বহীন কৰি তুলিছিল। এইবাৰৰ নিৰ্বাচনৰ মূল ইছ্যু হৈ পৰিছিল ডেমক্ৰেটিক প্ৰাৰ্থীৰ বাবে কোৰোনা ভাইৰাছ। জো বাইডেনে কোৰোনা ভাইৰাছ ড’নাল্ড ট্ৰাম্প প্ৰশাসনে নিয়ন্ত্ৰণ কৰিবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হয় বুলি নিৰ্বাচনৰ সময়ছোৱাত প্ৰচাৰ অভিযান চলায়। 

ইমানেই নহয়, ড’নাল্ড ট্ৰাম্পৰ সাম্প্ৰদায়িক মন্তব্যই আমেৰিকাৰ ভাতৃত্ববোধলৈ সংকট নমাই আনিছিল। লগতে তেওঁৰ কাৰ্যকালত আমেৰিকাৰ অৰ্থব্যৱস্থা বেয়াৰ দিশে ঢাল খোৱাৰ উপৰি নিবনুৱা লোকৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছিল আমেৰিকাত। এইসমূহ বিষয় লৈয়ে এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত নামিছিল ডেমক্ৰেটিক প্ৰাৰ্থী জো বাইডেন। এই বিষয়সমূহ দেশবাসীৰ আগত তুলি ধৰিবলৈ সক্ষম হয় জো বাইডেন। জো বাইডেনে যেতিয়া এই বিষয়সমূহ নিৰ্বাচনী সভাত দেশবাসীৰ আগত তুলি ধৰিছিল, তেওঁক দেশবাসীয়ে সঁহাৰি জনাইছিল। নিৰ্বাচনী সমীক্ষা অনুসৰি ড’নাল্ড ট্ৰাম্পৰ সাম্প্ৰদায়িক মন্তব্যৰ বাবেই আমেৰিকাবাসীয়ে এইবাৰ তেওঁক অস্বীকাৰ কৰিছে। তেওঁ এইবাৰৰ নিৰ্বাচনত ৭ কোটিতকৈও অধিক ভোট লাভ কৰিছে। ফ্ল’ৰিডা, টেক্সাছসহ ২৪খন ৰাজ্যত ড’নাল্ড ট্ৰাম্পে জয়লাভ কৰিছে। ৰাষ্ট্ৰীয় স্তৰত ৪৭ শতাংশতকৈও অধিক ভোট লাভ কৰিছে।

 এই নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত ড’নাল্ড ট্ৰাম্প সেইসকল আধুনিক যুগৰ ৰাষ্ট্ৰপতিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে, যিসকলে ৰাষ্ট্ৰপতি পদত থাকিও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাস্ত হৈছে। অৰ্থাৎ জনতাই দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰপতি হোৱাৰ সুযোগ নিদিলে। ২০১৬ত অৰাজনৈতিক ব্যক্তি হৈও ড’নাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছিল। ২০১৬ত তেওঁক নিৰ্বাচনী সভাত এনেসমূহ বিষয়ৰ ওপৰত মুকলিকৈ উল্লেখ কৰিছিল, যিসমূহ বিষয় সাধাৰণতে ৰাজনৈতিক নেতাসকলে এৰাই চলে। কিন্তু ২০২০ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাস্ত হোৱাৰ কাৰণ ৰূপে পৰিগণিত হৈছে তেওঁৰ উত্তেজনামূলক মন্তব্য। যিসমূহ মন্তব্য আগবঢ়াবলৈ সাধাৰণতে ৰাজনৈতিক নেতাসকলে এৰাই চলে সেইসমূহ মন্তব্য আগবঢ়াবলৈ ধৰে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ অভিযানত।

 সেইবাবেই তেওঁক এইবাৰৰ নিৰ্বাচনত আমেৰিকাবাসীয়ে গ্ৰহণ নকৰিলে বুলি সমীক্ষাত প্ৰকাশ পাইছে। ইয়াৰ উপৰি ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্প পৰাস্ত হোৱাৰ উল্লেখযোগ্য ভূমিকা বহন কৰিছে আমেৰিকাৰ সংবাদ মাধ্যমেও। দেশখনৰ সংবাদ মাধ্যমে ড’নাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ সময়ছোৱাত কিমান ভুৱা মন্তব্য আগবঢ়ায় সেয়া গ্ৰাফ যোগে দাঙি ধৰি আহিছিল। তেওঁ প্ৰতিটো ভাষণ আগবঢ়োৱাৰ পিছতেই সংবাদ মাধ্যমে তেওঁৰ মন্তব্যসমূহৰ ফেক চেক কৰি ভুৱা মন্তব্যসমূহ পাঠক অথবা দৰ্শকৰ আগত তুলি ধৰিছিল। তেওঁ আমেৰিকাবাসীৰ ওপৰত বহু ভুৱা মন্তব্য আগবঢ়াইছে বুলি আমেৰিকাৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। এনেসমূহ কাৰণৰ বাবেই তেওঁ এইবাৰৰ নিৰ্বাচনত পৰাস্ত হৈছে।

No comments