Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

এপিডিচিএল-ৰ ব্যক্তিগতকৰণৰ অসম জাতীয় পৰিষদৰ তীব্ৰ বিৰোধিতাঃ কেন্দ্ৰৰ জনবিৰোধী সিদ্ধান্তলৈ সোণোৱাল চৰকাৰৰ সমৰ্থনত ক্ষোভ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ নৱেম্বৰ ঃ ‘মোদী চৰকাৰৰ জনৰোধী সিদ্ধান্ত নিৰ্বিবাদে মানি লৈ সোণোৱাল চৰকাৰে অসমত বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ কৰিবল...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ নৱেম্বৰ ঃ ‘মোদী চৰকাৰৰ জনৰোধী সিদ্ধান্ত নিৰ্বিবাদে মানি লৈ সোণোৱাল চৰকাৰে অসমত বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ কৰিবলৈ লোৱা কাৰ্য অতি দুৰ্ভাগ্যজনক। এনে পদক্ষেপৰ পৰিণতিত অসমৰ সাধাৰণ জনতাই বিদ্যুৎ সেৱাৰ নামত অত্যধিক মাচুলৰ বোজা মূৰ পাতি ল’ব লাগিব। পিছে অৰ্থনৈতিকভাৱে জুৰুলা অসমৰ ৰাইজৰ কথা ভাবিবলৈ প্ৰয়োজনবোধ নকৰা হৈছে বৰ্তমানৰ অসম চৰকাৰে।’ —এই অভিযোগ অসম জাতীয় পৰিষদৰ মুখ্য আহবায়কদ্বয় ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকাৰ। বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ডঃ ভট্টাচাৰ্য আৰু ডেকাই এক বিবৃতিত কয়- ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বৰ্তমানৰ বিজেপি চৰকাৰে কেন্দ্ৰৰ হাতত ক্ষমতা কুক্ষিগত কৰাৰ স্বাৰ্থত ৰাজ্যসমূহৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। 

দেশৰ সংবিধানৰ আধাৰত ৰাজ্যসমূহে লাভ কৰা ক্ষমতাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ আৰম্ভ কৰিছে। শেহতীয়াভাৱে কেন্দ্ৰৰ বিজেপি চৰকাৰে বিদ্যুৎ (সংশোধনী) বিধেয়ক, ২০২০ৰ জৰিয়তে বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণ কৰাৰ পদক্ষেপ  গ্ৰহণ কৰিছে। এই বিধেয়কখনৰ আধাৰত অসমৰ অন্যতম ৰাজহুৱা খণ্ডৰ বিদ্যুৎ প্ৰতিষ্ঠান অসম শক্তি বিতৰণ কোম্পানী লিমিটেডকো (এপিডিচিএল) ব্যক্তিগত গোষ্ঠীৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত গৃহীত হৈছে। এনে সিদ্ধান্তৰ আমি তীব্ৰ বিৰোধিতা কৰো।’ মুখ্য আহবায়কদ্বয়ে কয়, ‘দেশত লকডাউন বলৱৎ হৈ থকা অৱস্থাতে মোদী চৰকাৰে কৰ্প’ৰেট গোষ্ঠীৰ স্বাৰ্থত যোৱা ১৭ এপ্ৰিলত এই বিধেয়ক উত্থাপন কৰে। ইয়াৰ জৰিয়তে বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণৰ পথ মুক্ত হ’ব। ফলত বিদ্যুতৰ নিৰিখৰ ওপৰত ৰাজসাহায্য নাথাকিব, বিদ্যুতৰ নিৰিখ বৃদ্ধি পাব, কৃষকে লাভ কৰি থকা সহায়ৰ পৰা বঞ্চিত হ’ব আৰু ৰাজ্য চৰকাৰৰ ভূমিকা সম্পূৰ্ণ খৰ্ব হ’ব।

 লক্ষণীয়ভাৱে মোদী চৰকাৰৰ এনে জনবিৰোধী পদক্ষেপৰ প্ৰতিবাদ কৰিছে কেৰালা, তামিলনাডু, বিহাৰ, ৰাজস্থান, পঞ্জাব, তেলেংগানা, চণ্ডীগড়, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, অন্ধ্ৰ প্ৰদেশ, পশ্চিমবংগৰ চৰকাৰে। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত আঘাত হনা এনে ব্যৱস্থাৰ প্ৰতিবাদ কৰিছে কেন্দ্ৰীয় শাসিত পুডুচেৰীৰ চৰকাৰেও। ইয়াৰ বিপৰীতে অসমৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে ব্যক্তিগত খণ্ডক সহায় কৰিবলৈ যোৱা, ফেডাৰেল গাঁথনিত আঘাত হনা, বিদ্যুৎ গ্ৰাহকৰ ওপৰত অত্যধিক হেঁচা দিব বিচৰা এই জনবিৰোধী ব্যৱস্থাক সমৰ্থন জনাইছে। এয়া অসমবাসীৰ বাবে অতি পৰিতাপৰ বিষয়।’ 

ডঃ ভট্টাচাৰ্য আৰু ডেকাই কয় যে পূৰ্বৰ প্ৰধানমন্ত্ৰী বাজপেয়ী নেতৃত্বাধীন এনডিএ চৰকাৰে দেশৰ শক্তি খণ্ডক দেশী-বিদেশী পুঁজিপতি গোষ্ঠীৰ বাবে মুকলি কৰি দিয়াৰ লগতে বিদ্যুৎ পৰিষদসমূহ ভংগ কৰি নিগমীকৰণ কৰা আৰু ইয়াৰ সম্পত্তিসমূহ পৰ্যায়ক্ৰমে বিক্ৰী কৰাৰ বাবে কৰ্মসূচী যুগুত কৰিছিল। বৰ্তমানৰ মোদী চৰকাৰে এই কাৰ্যসূচীকে ৰূপায়ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অৰ্থনীতি আৰু উন্নয়নৰ অন্যতম চালিকা শক্তি বিদ্যুৎ খণ্ডক কৰ্প’ৰেট গোষ্ঠীৰ হাতত তুলি দি জনসাধাৰণক অধিক আৰ্থিক সংকটৰ মাজলৈ ঠেলি দিব বিচৰা বিজেপি চৰকাৰৰ সিদ্ধান্তক অসম জাতীয় পৰিষদে কোনো পৰিস্থিতিতে মানি নলয় বুলি স্পষ্ট কৰি দিছে পৰিষদৰ মুখ্য আহবায়কদ্বয়ে।

No comments