Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰাক্তন আই এছ বিষয়া তথা সমাজকৰ্মী নুৰুল হকৰ দেহাৱসান

ছাহজাহান তালুকদাৰঃ মানুহ মৰণশীল। ধৰাৰ বুকুলৈ অহা প্ৰতিগৰাকী ব্যক্তিয়ে এদিন নহয় এদিন মৃত্যুৰ সোৱাদ ল’বই লাগিব। তাকে প্ৰমাণ কৰি সকলোৰে চিনাকি ...



ছাহজাহান তালুকদাৰঃ

মানুহ মৰণশীল। ধৰাৰ বুকুলৈ অহা প্ৰতিগৰাকী ব্যক্তিয়ে এদিন নহয় এদিন মৃত্যুৰ সোৱাদ ল’বই লাগিব। তাকে প্ৰমাণ কৰি সকলোৰে চিনাকি মুখ তথা এগৰাকী সক্ৰিয় সমাজকৰ্মী নুৰুল হকে ইহসংসাৰৰ পৰা চিৰবিদায় লয়। অসংখ্য গুণমুগ্ধক শোকৰ সাগৰত বুৰাই বৃহস্পতিবাৰে নিশা ১০ বজাত দিছপুৰস্থিত জি এন আৰ চি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে যোৱা কিছুদিন পূৰ্বে তেওঁ কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল। ক’ভিড-১৯ত আক্ৰান্ত হোৱাত তেওঁক গুৱাহাটীৰ গুড হেল্‌থ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিছুদিনৰ চিকিৎসাৰ অন্তত সুস্থ হৈ উঠাত হাস্পতাল কৰ্তৃপক্ষই তেওঁক ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছিল। ইয়াৰ পিছতেই তেওঁ ছয়মাইলস্থিত নিজা বাসভৱনলৈ উভতি আহে। কিছুদিন সুস্থ হৈ থাকি বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা নুৰুল হকৰ হঠাৎ বৃহস্পতিবাৰে শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে। পৰিয়ালে ততাতৈয়াকৈ দিছপুৰস্থিত জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱায়।

 হাস্পতাল কৰ্তৃপক্ষই  তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰি পুনৰ কোৰোনাত আক্ৰান্ত হয় বুলি প্ৰকাশ কৰে। মৃত্যুৰ প্ৰাক্‌ক্ষণত তেওঁৰ হাত-ভৰি, পেট অস্বাভাৱিকভাৱে ফুলি উঠে। এনে শাৰীৰিক অৱনতিৰ মাজতেই কালি নিশা ১০ বজাত নুৰুল হকৰ মৃত্যু ঘটে বুলি হাস্পতাল কৰ্তৃপক্ষই  প্ৰকাশ কৰে।  তেওঁ মৃত্যুৰ সময়ত পত্নী, জী-জোঁৱাই আৰু এগৰাকী নাতিৰ লগতে অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়। আজি ক’ভিড-১৯ৰ প্ৰট’কল মানি উপায়ুক্তৰ অনুমতি সাপেক্ষে ছয়মাইলস্থিত কবৰস্থানত তেওঁৰ জানাজা সম্পন্ন কৰা হয়। সক্ৰিয় সমাজকৰ্মী নুৰুল হকৰ মৃত্যুত ব্যথিত আৰু মৰ্মাহত হৈছো। তেখেতৰ আত্মাৰ সদ্‌গতি কামনা কৰিছো আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। উল্লেখ্য যে প্ৰয়াত নুৰুল হকে ১৯৪৬ চনত যোৰহাটৰ এখন গাঁৱত জন্ম গ্ৰহণ কৰিছিল। তেখেতে বি এ (অনাৰ্ছ) পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ১৯৬৮ত বুৰঞ্জী বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লয়। 

বোকাখাতৰ জে ডি এছ চি কলেজ আৰু মাজুলী মহাবিদ্যালয়ত ১৯৬৯ৰ পৰা ১৯৭৭লৈ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭৭ চনত এ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈ শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এইদৰে তেওঁ ২০০৪ চনলৈ অসম চৰকাৰৰ বিভিন্ন বিভাগত সেৱা আগবঢ়ায়।  প্ৰয়াত নুৰুল হকে চাকৰিকালত বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত, সংখ্যালঘু উন্নয়ন বিভাগৰ সঞ্চালক, নিৰ্বাচনী বিষয়া, সমাজ কল্যাণ বিভাগৰ সচিব ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৪ত অসম চৰকাৰৰ সচিব ৰূপে অৱসৰ লৈছিল প্ৰয়াত নুৰুল হকে।  অৱসৰ লোৱাৰ পিছত ৱাক্‌ফ ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া ৰূপে যোগদান কৰে। ২০০১ চনত ভাৰতীয় প্ৰশাসনীয় বিষয়া ৰূপেও পদোন্নতি হৈছিল।

 মৃত্যুৰ আগলৈকে অসমৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছিল। অৱসৰৰ পিছত মানৱ সেৱাত ব্ৰতী হৈ পৰা এইগৰাকী সমাজকৰ্মী মৃদু আৰু অমায়িক স্বভাৱৰ আছিল। অসমৰ অন্যতম বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আল-আমিন জনকল্যাণ সমাজৰ সভাপতিৰ দৰে গুৰুদায়িত্ব বহন কৰিছিল। আজান পীৰ চাহেব স্মৃতি সুৰক্ষা সমিতি তেওঁৰ নেতৃত্বতে গঠন হৈছিল। ইয়াৰ উপৰি সংখ্যালঘু কনছাল্টটেটিভ গ্ৰুপৰ এগৰাকী অন্যতম ব্যক্তি আছিল। ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীকে আদি কৰি নেলী ডেভেলপমেণ্ট কমিটীৰ সৈতে অঙ্গাংগীভাৱে জড়িত আছিল।

 গুৱাহাটীৰ পৰা আৰম্ভ কৰি বৰপেটাকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটী আৰু নেলী ডেভেলপমেণ্ট কমিটীৰ প্ৰতিখন সভা-সমিতিত উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে দিহা-পৰামৰ্শ আগবঢ়াইছিল। সমাজৰ বাবে নিষ্ঠাৰে কৰা তেওঁৰ কাৰ্য আছিল অতি প্ৰশংসনীয়। তেওঁ আমাৰ মাজৰ পৰা চিৰদিনলৈ নেদেখাজনৰ কাষলৈ গুচি যোৱাটো আমাৰ এক অপূৰণীয় ক্ষতি।

No comments