Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ মৃত্যুত মাৰ্ঘেৰিটাত শোক৷

গন বাৰ্তা, মাৰ্ঘেৰিটা, ২৪ নৱেম্বৰঃ- প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে শোকৰ চা৷ প্ৰয়াত তৰুন গগৈৰ মৃত্যুত ৰ...


গন বাৰ্তা, মাৰ্ঘেৰিটা, ২৪ নৱেম্বৰঃ- প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে শোকৰ চা৷ প্ৰয়াত তৰুন গগৈৰ মৃত্যুত ৰাজ্যবাসীৰ লগতে ম্ৰিয়মান হৈছে মাৰ্ঘেৰিটাবাসী ৰাইজো৷ মাৰ্ঘেৰিটাৰ ব্লক তিনিআলিত সোমবাৰে সন্ধিয়া প্ৰয়াত তৰুন গগৈলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ মাৰ্ঘেৰিটাৰ যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত  শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে উপস্থিত থাকে ভাৰতীয় এথেলেটিকচ ফেডাৰেচনৰ উপঃ সভাপতি  লক্ষ্য কোঁৱৰ৷ তৰুন গগৈৰ মৃত্যু ৰাজ্যৰ ৰাজনীতিত এক অপূৰনীয় ক্ষতি বুলি মন্তব্য কৰে লক্ষ্য কোঁৱৰে৷  আনফালে তৰুন গগৈৰ প্ৰতি সন্মান জনাই মাৰ্ঘেৰিটাৰ মাকুমকিল্লাত আজি লাচিত সেনাৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া কেন্দ্ৰীয় লাচিত দিৱসৰ কাৰ্যসূচী বাতিল কৰা হৈছে৷    সীমান্ত চেতিয়া, মাৰ্ঘেৰিটা )

No comments