Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সভাপতিকেন্দ্ৰিক নহ’ব জাতীয় পৰিষদ ঃ এজেপিৰ হাইকমাণ্ড হ’ব সঞ্চালন কমিটী

 বিজেপি-অগপ-কংগ্ৰেছক ৰুধিবলৈ সাজু এজেপি, ৩০ পৃষ্ঠাৰ খচৰা সংবিধান উন্মোচন ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ নৱেম্বৰ ঃ বিজেপি-অগপ-কংগ্ৰেছ-এআইইউডিএফ...

 বিজেপি-অগপ-কংগ্ৰেছক ৰুধিবলৈ সাজু এজেপি, ৩০ পৃষ্ঠাৰ খচৰা সংবিধান উন্মোচন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ নৱেম্বৰ ঃ বিজেপি-অগপ-কংগ্ৰেছ-এআইইউডিএফৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ বিপৰীতে অসমবাসীক ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ স্বাৰ্থত আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত জন্ম লাভ কৰা অসম জাতীয় পৰিষদে আজি আনুষ্ঠানিকভাৱে দলৰ পতাকা আৰু খচৰা সংবিধান মুকলি কৰে। হোটেল প্ৰাগ কণ্টিনেেণ্টলত অনুষ্ঠিত সংবাদমেলত ৩০ পৃষ্ঠাজোৰা খচৰা সংবিধান মুকলি কৰি অসম জাতীয় পৰিষদে খিলঞ্জীয়াৰ সুৰক্ষা আৰু প্ৰব্ৰজনৰ পৰা অসমক সুৰক্ষা— এই দুটা লক্ষ্য আগত ৰাখি আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰে। সভাপতিকেন্দ্ৰিক দলৰ বিপৰীতে একনায়কত্ববাদ প্ৰশমিত কৰিবলৈ অসম জাতীয় পৰিষদৰ মূল কতৃÇত্ব অৰ্পণ কৰা হৈছে সঞ্চালনা সমিতিক। ৯জনীয়া সঞ্চালনা সমিতিয়ে নিৰ্ধাৰণ কৰিব দলৰ নীতি।

 এই সঞ্চালনা সমিতি দলীয় কাৰ্যনিৰ্বাহকে নিৰ্বাচিত কৰিব। যাৰ ফলত ৰাজ্যত সভাপতিকেন্দ্ৰিক ৰাজনীতি নাশ হ’ব বুলি মত পোষণ কৰিছে এজেপিৰ মুখ্য আহবায়কে। উল্লেখ্য যে হোটেল প্ৰাগ কণ্টিনেেণ্টলত পৰামৰ্শদাতা কমিটীৰ মুখ্য আহ্বায়কদ্বয় ক্ৰমে ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য আৰু ড০ বসন্ত ডেকাই সংবিধানৰ খচৰা আৰু পতাকা ৰাজহুৱা কৰে। সংবিধানৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰি ড০ কৃষ্ণ গোপাল ভট্টাচাৰ্যই কয়, ‘সংবিধানৰ প্ৰস্তাৱনাত লিপিবদ্ধ থকা দেশৰ ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক কাঠামো শক্তিশালী কৰিবলৈ অসম জাতীয় পৰিষদে অসম আৰু ইয়াৰ সমূহ খিলঞ্জীয়া জনসাধাৰণৰ সামাজিক-সাংস্কৃতিক পৰিচয় ৰক্ষা কৰিবলৈ কাম কৰিব। অসমত বসবাস কৰা যিসকল লোক দেশৰ নাগৰিক তেওঁলোকৰ সমহাৰত উন্নয়ন আৰু অগ্ৰগতিৰ বাবে দলে কাম কৰিব।

 খিলঞ্জীয়াৰ মাটিৰ ওপৰত অধিকাৰ ৰক্ষা কৰিবলৈ দল প্ৰতিশ্ৰুতিবদ্ধ, যাতে ভৱিষ্যতে তাৰ পৰাই জনসাধাৰণৰ আৰ্থিক সচ্ছলতা আহিব পাৰে।’ অন্যতম লক্ষ্য-উদ্দেশ্য ব্যাখ্যা কৰি ভট্টাচাৰ্যই এইদৰে কয়। ইয়াৰোপৰি অন্য এক লক্ষ্য-উদ্দেশ্য ব্যাখ্যা কৰি ভট্টাচাৰ্যই  কয়, ‘অবৈধ প্ৰব্ৰজনেৰে ৰাজ্যখনৰ জনগাঁথনিৰ পৰিৱৰ্তন আনিব খোজা প্ৰচেষ্টাত বাধা দিবলৈ ৰাজ্যখনৰ আন্তৰ্জাতিক সীমাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দলে আত্মনিয়োগ কৰিব। ওচৰ-চুবুৰীয়া ৰাজ্যসমূহ আৰু সেইবোৰ ৰাজ্যৰ জনসাধাৰণৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু অৰ্থৱহ সম্পৰ্ক গঢ়ি তুলি দলে দেশৰ একতা আৰু অখণ্ডতা শক্তিশালী কৰিব।’ ‘প্ৰাকৃতিক সম্পদসমূহৰ ব্যৱহাৰত ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে দলে কাম কৰিব। প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় তথা গৱেষণা পৰ্যায়লৈকে শিক্ষা ব্যৱস্থাটোৰ উন্নয়নৰ বাবে দলে কাম কৰিব।’ ভট্টাচাৰ্যই লগতে কয়। 

তদুপৰি অন্য কেইটামান লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰি ভট্টাচাৰ্যই কয়, ‘ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰিবলৈ অসমত বসবাস কৰা সমূহ জনগোষ্ঠীৰ মাজত এক সহৃদয়তা আৰু বুজাবুজিৰ পৰিৱেশৰ বাবে একেলগে কাম কৰিব, যাতে শান্তি আৰু একতাৰে বন্ধা এখন সমাজ গঢ়ি উঠে। ৰাজ্যখনৰ জনসাধাৰণৰ মাজত মূল্যবোধভিত্তিক, নৈতিক, আধুনিক আৰু বিজ্ঞানসন্মত মনোভাব গঢ়ি তোলাৰ বাবে দলে কাম কৰিব।’ তেওঁ আৰু কয়, ‘নাগৰিকৰ অধিকাৰ সুৰক্ষাৰ বাবে দলে কাম কৰিব আৰু শিশু আৰু মহিলাৰ সবলীকৰণ তথা অধিকাৰসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিব। যিকোনো ধৰণৰ হিংসাক প্ৰশ্ৰয় দিয়া, উচটনি দিয়া অথবা অংশগ্ৰহণ কৰাৰ পৰা দল আঁতৰি থাকিব। সকলোবোৰ সাংবিধানিক সংস্থাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাকে ধৰি দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটোত দলে অংশগ্ৰহণ কৰিব।’

 আনহাতে অন্য এগৰাকী মুখ্য আহ্বায়ক ড০ বসন্ত ডেকাই সংবাদ মাধ্যমৰ আগত কয়, ‘ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ প্ৰথম বৈঠকত দল সঞ্চালন সমিতি এগৰাকী সভাপতি আৰু নগৰাকী সদস্যৰে গঠন কৰা হ’ব। সদস্যকেইগৰাকী বিভিন্ন বিষয়ত অভিজ্ঞ হ’ব লাগিব। দলৰ যিকোনো পৰ্যায়ৰ কাৰ্যনিৰ্বাহকৰ তেখেতসকল সদস্য হ’ব নালাগিব আৰু বিভিন্ন বিষয়ত তেখেতসকল প্ৰখ্যাত হ’ব লাগিব।’ তদুপৰি এই সঞ্চালন কমিটীয়ে দলৰ নীতি স্থিৰ কৰিব আৰু দল তথা চৰকাৰ হ’লে চৰকাৰৰ কাম-কাজ পৰ্যবেক্ষণ কৰিব বুলি তেওঁ জনায়। 

ইপিনে পতাকাখনৰ ৰং বা আৰ্হি কিয় এনে হ’ল বুলি তেওঁক সোধাত তেওঁ কয়, ‘নীলা ৰং আশা, জ্ঞানবৰ্দ্ধন আৰু সৃজনীমূলক ভাবধাৰাৰ প্ৰতীক। ই আকাশৰ গভীৰতা আৰু মহাসাগৰৰ ব্যাপ্তিৰ দৰে গভীৰতা আৰু ব্যাপ্তিও বুজায়। ৰঙা ৰং ত্যাগ আৰু সাহসৰ মূৰ্ত প্ৰতীক। ই শৌৰ্য, অগ্নি, আনন্দ আৰু প্ৰেমৰো অন্য ৰূপ। বগা ৰংটো সকলো ৰঙৰ সমাহাৰ। ঢৌখিনিয়ে অসমৰ জীৱনৰেখা মহাবাহু ব্ৰহ্মপুত্ৰৰ বৈশিষ্ট্য বুজায়। ৰঙা বৃত্তটোত দলীয় প্ৰতীক থাকিব।’

No comments