Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চৰকাৰৰ সকলো কাম-কাজতে জনসাধাৰণে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব : নলবাৰীত আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী

  গুৱাহাটী, ৯ নৱেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নলবাৰীত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰে নিৰ্মাণ হ...

 

গুৱাহাটী, ৯ নৱেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নলবাৰীত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰে নিৰ্মাণ হ’বলগীয়া কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীয়ে হাউছফেড অসমৰ দ্বাৰা সৰিয়হতলীত নিৰ্মাণ হ’বলগীয়া পূৰ্বভাৰতী প্ৰেক্ষাগৃহৰো আধাৰশিলা  স্থাপন কৰে। তেওঁ লগতে হৰি মন্দিৰ প্ৰাঙ্গণত শিথিল পুঁজিৰে নিৰ্মাণ কৰা অতিথিগৃহ মুকলি কৰাৰ লগতে অসম দৰ্শন আঁচনিৰ অধীনত বৰনৰ্দ্দী অঞ্চলৰ শ্ৰীশ্ৰী দুৰ্গা মন্দিৰ-মাল্টুপাৰা পথটো মুকলি কৰে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে ‘অসম দৰ্শন’ আঁচনিৰ অধীনত বৰনৰ্দ্দী শ্ৰীশ্ৰী গণেশ দেৱালয়ত নিৰ্মাণ কৰা মঞ্চখনো উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে লগতে গণেশ মন্দিৰ-হৰি মন্দিৰ সংযোগী পথৰ বহলীকৰণ তথা সৌন্দৰ্য বৰ্দ্ধনৰ কামৰ শুভাৰম্ভ কৰাৰ লগতে স্থানীয় মুকুন্দ কাকতি বাছ আস্থানৰ উন্নয়নৰ কামৰো শুভাৰম্ভ কৰে। নলবাৰী হৰি মন্দিৰত আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নলবাৰীৰ প্ৰতি তেওঁৰ বিশেষ আকৰ্ষণ আছে। সেয়েহে বিগত চাৰে চাৰি বছৰত তেওঁ কেইবাবাৰো নলবাৰী জিলা ভ্ৰমণলৈ আহিছে। নলবাৰীবাসী বৌদ্ধিক আৰু শৈক্ষিক দিশত যথেষ্ট আগবঢ়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অসমক ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত নলবাৰীবাসীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলিও কয়। তেওঁ কয় যে অসমীয়া জাতিক শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বহু বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। খিলঞ্জীয়াৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে ১ লাখ ১০ হাজাৰ ভূমিহীন খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা প্ৰদানৰ ঐতিহাসিক পদক্ষেপৰ জৰিয়তে ৰাজ্য চৰকাৰে অসমৰ খিলঞ্জীয়াসকলৰ মাটিৰ ওপৰত থকা অধিকাৰ বৰ্তাই ৰাখিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। ৰাইজৰ দায়িত্ব কেৱল এখন চৰকাৰ নিৰ্বাচিত কৰাতে সীমাবদ্ধ হৈ নাথাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰৰ সকলো কাম-কাজতে  জনসাধাৰণে তীক্ষ্ন দৃষ্টি ৰাখিব লাগিব। তেওঁ প্ৰশাসনযন্ত্ৰ দুৰ্নীতিমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰতি ৰাইজক সম্পূৰ্ণ সহযোগ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে ভৱিষ্যৎ প্ৰজন্মক এক নিকা আৰু দুৰ্নীতিমুক্ত শাসনব্যৱস্থা প্ৰদান কৰিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰী ব্যৱস্থাৰ পৰা মধ্যভোগী অাঁতৰাই বিভিন্ন আঁচনিৰ লাভ জনসাধাৰণে যাতে পোনপটীয়াকৈ গ্ৰহণ কৰিব পাৰে তাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। অসম চৰকাৰেও প্ৰধানমন্ত্ৰীৰ ‘সবকা সাথ, সবকা বিকাশ,  সবকা বিশ্বাস’ নীতি সাৰোগত কৰি অতি স্বচ্ছ আৰু নিকাভাৱে চৰকাৰী আঁচনিসমূহৰ লাভ জনসাধাৰণক প্ৰদান কৰাৰ দিশত উল্লেখযোগ্য সফলতা লাভ কৰিছে। তেওঁ কয় যে শৈক্ষিক দিশত ৰাজ্যখনক আগবঢ়াই নিয়াৰ বাবে ৰাজ্য চৰকাৰে বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া ইউনিফৰ্ম, হোষ্টেলৰ মাচুল ৰেহাই, অভিনন্দন আঁচনিৰ অধীনত শৈক্ষিক ঋণ লোৱা ছাত্ৰ-ছাত্ৰীসকলক ৰাজসাহায্য প্ৰদান আদিকে ধৰি বহুতো অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে চাহ বাগান অঞ্চলসমূহৰ শৈক্ষিক উন্নয়নৰ বাবে পূৰ্বৰ ৰাজ্য চৰকাৰসমূহে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। বৰ্তমানৰ ৰাজ্য চৰকাৰে ১১৯খন আদৰ্শ হাইস্কুল চাহ বাগান অঞ্চলত স্থাপন কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। বিজ্ঞান, বাণিজ্য, কৃষি, শিক্ষা, ক্ৰীড়া সকলো ক্ষেত্ৰতে অসমে অগ্ৰগতি লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অনাগত দিনতো অসমবাসী ৰাইজৰ সহযোগিতা থাকিলে ৰাজ্যখনক ভাৰতবৰ্ষৰ ৫খন উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে পৰিগণিত কৰিব পৰা যাব। তেওঁ কয় যে আমি সংকুচিত হৈ নাথাকি সম্প্ৰসাৰিত হ’ব লাগিব। নলবাৰীৰ দৰে অসমৰ ঐতিহ্যমণ্ডিত চহৰসমূহৰ পৰিসৰ বৃদ্ধি কৰি আধুনিক ৰূপত গঢ়ি তুলিবলৈ অসম চৰকাৰে বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা ৭ মাহ ধৰি ক’ভিড-১৯ৰ বিৰুদ্ধে অসম চৰকাৰে ৰাইজৰ সহযোগত যুদ্ধ অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত চিকিৎসক, নাৰ্ছ, লেবৰেটৰী টেক্‌নিচিয়ান, এম্বুলেঞ্চৰ চালক, আৰক্ষী, জনস্বাস্থ্য কাৰিকৰী বিভাগ, শক্তি আদি বিভাগসমূহে আগবঢ়োৱা সহযোগিতাৰ বাবে মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগসমূহক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ নিজে এগৰাকী কৃষ্ণভক্ত বুলি উল্লেখ কৰি নলবাৰী হৰি মন্দিৰত ৰাস উৎসৱ আয়োজনৰ জৰিয়তে অসমৰ আধ্যাত্মিক দিশলৈ এই উৎসৱে বৰঙনি যোগাই আহিছে বুলি কয়। আজি মুকলি কৰা অতিথিশালাটো সুন্দৰকৈ চোৱা-চিতা কৰি বাহিৰৰ পৰা ৰাস চাবলৈ অহা পৰ্যটক তথা গৱেষকৰ বাবে আতিথ্য প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। আজিৰ এই সভাত উদ্যোগ, পৰিবহণ ইত্যাদি বিভাগৰ মন্ত্ৰী তথা ধৰ্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

No comments