Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাজুলীৰ ভকত চাপৰিত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াঃ ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ কোটিটকীয়া আঁচিন ধোঁৱাচাঙত

 আউনীআটী সত্ৰাধিকাৰৰ চ’ৰাত বিশাল ৰাজহুৱা সভা পৰাণজ্যোতি বৰা, মাজুলী, ৩১ অক্টোবৰ ঃ মাজুলীৰ খহনীয়াগ্ৰস্ত অঞ্চলত কোটিটকীয়া আঁচনিত লুণ্ঠন চলোৱা ...

 আউনীআটী সত্ৰাধিকাৰৰ চ’ৰাত বিশাল ৰাজহুৱা সভা

পৰাণজ্যোতি বৰা, মাজুলী, ৩১ অক্টোবৰ ঃ মাজুলীৰ খহনীয়াগ্ৰস্ত অঞ্চলত কোটিটকীয়া আঁচনিত লুণ্ঠন চলোৱা ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু টি কে কোম্পানীয়ে দায়িত্ব সহকাৰে সময়মতে কাম নকৰাৰ বাবে ভয়াৱহ খহনীয়াই ১৭খন গাঁৱৰ বসতিস্থল ভকত চাপৰি এফালৰ পৰা গ্ৰাস কৰি আনিছে। বৰ্তমান কোম্পানীটোৱে জিঅ’ বেগ সংস্থাপন কৰিছে যদিও উপশম ঘটাব পৰা নাই। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ গোস্বামীয়ে খহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ লগত মত বিনিময় কৰাৰ সময়ত ৰাইজে অঞ্চলটোৰ ৰাইজৰ এখন ৰাজহুৱা সভা সত্ৰাধিকাৰৰ চ’ৰাত আহ্বান কৰাৰ সিদ্ধান্ত মৰ্মে আজি ড০ পীতাম্বৰ দেৱগোস্বামীৰ সভাপতিত্বত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়। 

সভাত ভকত চাপৰিৰ ১৭খন গাঁৱৰ লগতে  বোকোৰা, আলিমূৰ, জুগুনীধাৰী, আউনীআটী, ৰটানি, লাহলিয়াল, সোণাৰীবাৰী, খোৰাহোলা, কলাখোৱা, নামকাটনি, ওপৰ কাটনি, কমলাবাৰীকে ধৰি গাঁৱৰ প্ৰতিনিধি, জ্যেষ্ঠ নাগৰিক সন্থা, সাংবাদিক সন্থা, মাজুলী জিলা সাহিত্য সভা, জিলা মইনা পাৰিজাত তথা বিভিন্ন সংগঠনৰ শতাধিক প্ৰতিনিধি উপস্থিত থাকে। সভাত চলি থকা খহনীয়া আৰু প্ৰতিৰোধ ব্যৱস্থাৰ ওপৰত বিশদভাৱে আলোচনা কৰে। সভাত গৃহীত হোৱা সিদ্ধান্ত অনুসৰি  পৰীক্ষামূলকভাৱে হ’লেও শৈলস্পাৰ নিৰ্মাণ কৰি খহনীয়া ৰোধ কৰাৰ দাবী জনোৱাৰ লগতে সমান্তৰালভাৱে খৰালি মাহৰ পৰা জিঅ’ বেগ সংস্থাপনৰ দাবী জনায় ।

 তদুপৰি ভকত চাপৰিৰ উত্তৰ দিশে প্ৰবাহিত হোৱা সুঁতিটো বন্ধ কৰাৰ বহুদিনীয়া দাবীটো কাৰ্যকৰী কৰাৰ দাবী জনায়। আনহাতে জিঅ’ বেগৰ পৰিৱৰ্তে জিঅ’ টিউব ব্যৱহাৰ কৰাৰো পৰামৰ্শ আগবঢ়ায়। জিঅ’ বেগত মাটি ভৰাবলৈ খহনীয়াৰ বিপৰীতে থকা বালি চৰবোৰৰ  পৰা বালি ভৰাবলৈ দাবী জনায়। সভাত পূৰ্বতে অনুমোদন হোৱা ৯ নম্বৰ স্পাৰটোৰ কাম আজিও আৰম্ভ নকৰাত উদ্বেগ প্ৰকাশ কৰি কমলাবাৰী গড়কাপ্টানী পথৰ শেষৰ পৰা নৈৰ বুকুলৈ এক কিলোমিটাৰ আগবঢ়াই দিব লগা আঁচনিখন কাৰ্যকৰী নকৰাত খহনীয়াৰ ভয়াৱহতা বৃদ্ধি পাইছে বুলি মত পোষণ কৰে। এই সমস্ত বিষয়বোৰ মুখ্যমন্ত্ৰী মন্ত্ৰীৰ আৰু লগত আলোচনা কৰিবলৈ বিভিন্ন অঞ্চলৰ ৰাইজৰ মাজৰ প্ৰতিনিধি নিৰ্বাচন কৰা হয়। এই সন্দৰ্ভত আলোচনা সত্ৰাধিকাৰৰ চ’ৰাতে হ’ব লাগে বুলি ৰাইজে মত পোষণ কৰে।

 আনহাতে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ লগতো একে বিষয়ৰ আলোচনাৰ পোষকতা কৰে। তদুপৰি খহনীয়া প্ৰতিৰোধৰ কামো ৰাইজৰ দ্বাৰা তদাৰক কৰাৰ সহমত প্ৰকাশ কৰে। কাৰণ ব’ৰ্ডৰ কামৰ উপযুক্ত তদাৰক নোহোৱাৰ বাবে চৰকাৰী টকাৰ অপচয় হোৱা বুলিও অভিযোগ উত্থাপিত হয়। ইফালে আউনীআটী সত্ৰৰ তৰফৰ পৰা ব্ৰহ্মপুত্ৰত ভোগদান কৰা বিষয়টো সামাজিক মাধ্যমত বিৰূপ সমালোচনা কৰি কটু মন্তব্যৰে কৌটিকলীয়া পৰম্পৰাত আঘাত কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি আঞ্চলিক ৰাইজে তীব্ৰ প্ৰতিবাদ জনাই এনে কাৰ্যৰ গৰিহণা দিয়ে। এনে কাৰ্যৰ পৰা সংশ্লি­ষ্ট লোকক বিৰত থাকিবলৈ সকীয়াই দিয়ে। পৰৱৰ্তী সময়ত সত্ৰীয়া পৰম্পৰাত আঘাত হানিকাৰক মন্তব্য কৰিলে  আইনগত ব্যবস্থা গ্ৰহণ কৰিবলৈ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰে। আজি সভাখনৰ আঁত ধৰে অধ্যাপক তুলসী ৰাজখোৱাই।

No comments