ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১৭ নৱেম্বৰ : যোৰহাট বালিগাঁও জানখনা গাঁৱৰ নিৰ্বাসী তথা প্ৰাথমিক শিক্ষা সঞ্চালকলয়ৰ উপ পৰিদৰ্শক কণমইনা দাস(৭৮)ৰ মঙ্গ...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১৭ নৱেম্বৰ : যোৰহাট বালিগাঁও জানখনা গাঁৱৰ নিৰ্বাসী তথা প্ৰাথমিক শিক্ষা সঞ্চালকলয়ৰ উপ পৰিদৰ্শক কণমইনা দাস(৭৮)ৰ মঙ্গলবাৰে পুৱতি নিশা নিজ বাহগৃহত মৃত্যু হয় । স্নায়ুজনিত ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে । মৃত্যুৰ সময়ত তেওঁ পত্নী, দুজন পুত্ৰ ,এগৰাকী কন্যা সহ বৃহৎ পৰিয়াল ইহসংসাৰত এৰি থৈ গৈছে । আজি পোৱা তেখেতৰ শেষকৃত সম্পন্ন কৰা হয় । দাসৰ মৃত্যুত বালিগাঁও অঞ্চলত শোকৰ ছাঁ পৰিছে । উল্লেখ্য যে অনুসূচীত জাতি পৰিষদৰ যোৰহাট জিলা সমিতিৰ লগতে বহু কেইটা সংগঠনে তেওঁৰ বাসগৃহলৈ গৈ শেষ শ্ৰদ্ধা জনায় । তেওঁ অনুসূচীত জাতি পৰিষদৰ যোৰহাট জিলা সমিতিৰ উপদেষ্টা থকাৰ লগতে বালি গাঁৱৰ শাখা সাহিত্য সভাৰ সভাপতি ,অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ লগতে বালিগাঁও অঞ্চলৰ কেইবাটাও ৰাজহুৱা অনুষ্ঠান বিষয় বাব লৈ সেৱা আগবঢ়াই আহিছিল ।
No comments