Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হাউলীৰ গহেখান্দাত বিপিএফৰ নিৰ্বাচনী জনসভা, বিটিচিত ডিচেম্বৰৰ আগতে মৰহি যাব বিজেপিৰ পদুমঃ হাগ্ৰামা

  দিদাৰ হুছেইন, হাউলী, ২১ নৱেম্বৰ ঃ বিটিচি নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিল...

 

দিদাৰ হুছেইন, হাউলী, ২১ নৱেম্বৰ ঃ বিটিচি নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে। ২০ নং মথনগুৰী সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী বেগম আকতাৰা আহমেদৰ এখন নিৰ্বাচনী সভা শনিবাৰে দিনৰ ১১ বজাত শালবাৰী জিলা বিপিএফৰ সভাপতি তথা ভৱানীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক মিলন বড়োৰ পৌৰোহিত্যত হাউলীৰ সমীপৰ গহেখান্দা ৰিজাৰ্ভত অনুষ্ঠিত হয়। সভাত বিটিচিৰ প্ৰাক্তন  চীফ তথা দলৰ মুৰব্বী  হাগ্ৰামা মহিলাৰীয়ে উপস্থিত থাকি বিটিচিত বিপিএফৰ চৰকাৰ হ’ব, তাত কোনো সন্দেহৰ অৱকাশ নাই। বিটিচি অঞ্চলত ডিচেম্বৰ মাহৰ আগতেই বিজেপিৰ পদুম ফুল মৰি শেষ হৈ যাব বুলি তাচ্ছিল্যসূচক মন্তব্য আগবঢ়ায়, লগতে অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এশজন মন্ত্ৰী আহি প্ৰচাৰ চলালেও বিপিএফৰ ক্ষতি কৰিব নোৱাৰে বুলি নিশ্চিয়তা দি কয়। 

বিটিচি চুক্তিৰ পূৰ্বে বসবাস কৰা সকলো জনগোষ্ঠীৰ লোক ভাৰতীয় নাগৰিক। তেওঁলোকক বিটিচিৰ নতুন চৰকাৰ গঠনৰ পিছত সকলোকে জৰীপৰ জৰিয়তে মাটিৰ পট্টা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে। ইয়াৰোপৰি প্ৰমোদ বড়ো আৰু হিমন্ত বিশ্ব শৰ্মাই কৰা বিটিআৰ চুক্তি হৈছে গণ্ডগোল লগোৱা চুক্তি, এই চুক্তিত বড়ো আৰু ট্ৰাইবেল লোকৰ কথাহে উল্লেখ কৰি চুক্তি কৰা হৈছে। ইয়াত বাকী জাতি-জনগোষ্ঠীসমূহক চৰকাৰী ভূমি, খাচ মাটিত বসবাস কৰা লোকসকলক উচ্ছেদ কৰাৰ প্ৰস্তাৱ লৈহে উক্ত বিটিআৰ চুক্তি স্বাক্ষৰ কৰা হৈছে, সেই হেতুকে হাগ্ৰামা মহিলাৰীয়ে চুক্তিখনৰ বিৰোধিতা কৰি আহিছে। তেওঁ পুনৰ  বিপিএফ দলৰ চৰকাৰ আহিলে সকলো জাতি-জনগোষ্ঠীৰ কাৰণে একোটাকৈ ডেভেলপ্টমেন্ট কাউঞ্চিল গঠন কৰা হ’ব বুলি সভাখনত ঘোষণা কৰে। উক্ত সভাত বিপিএফৰ কেন্দ্ৰীয় সম্পাদক প্ৰবীণ বড়োৱে কয় যে ইউপিপিএলৰ সভাপতি তথা প্ৰাক্তন এবছুৰ সভাপতি প্ৰমোদ বড়ো এজন ছাত্ৰনেতা, তেওঁৰ বেংক একাউণ্টত ৭ কোটি টকা কেনেকৈ আহিল বুলি প্ৰশ্ন তুলি প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতিৰ কথা কোৱাটো অশোভনীয়, তেওঁ নিজেই দুৰ্নীতিৰ সম্ৰাট বুলি কটাক্ষ কৰে। সভাত দলৰ সাংগঠনিক সম্পাদক ৰফিক আহমেদ, মথনগুৰী সমষ্টিৰ প্ৰাৰ্থী বেগম আকতাৰা আহমেদ, শিল্পী ভৃগু কাশ্যপ, বিপুল ৰাভা ওৰফে গেষ্ট্ৰিক আদি উপস্থিত থাকি বিপিএফ দলক নাঙলৰ ছবিত ভোট দিবলৈ বিনম্ৰভাৱে আহ্বান জনায়।

No comments