গুৱাহাটী, ৪ নৱেম্বৰ ঃ পিঁয়াজ, আলু, দাইল, শাক-পাচলি, ভোজ্য তেল আদিকে ধৰি সৰ্বাধিক, অত্যাৱশ্যকীয় সামগ্ৰীৰ অসহনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি চিপ...
গুৱাহাটী, ৪ নৱেম্বৰ ঃ পিঁয়াজ, আলু, দাইল, শাক-পাচলি, ভোজ্য তেল আদিকে ধৰি সৰ্বাধিক, অত্যাৱশ্যকীয় সামগ্ৰীৰ অসহনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি চিপিআই(এম)ৰ কামৰূপ মহানগৰ জিলা কমিটীৰ আহবানত এক বিশাল বিক্ষোভ সমাৱেশ অনুষ্ঠিত হয়। প্ৰায় পাঁচ শতাধিক লোকে এই বিক্ষোভত যোগ দিয়ে। সমাৱেশত উপস্থিত ৰাইজে ‘মূল্যবৃদ্ধি ৰোধ কৰক’, ‘অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বাঢ়িছে কিয় বিজেপি চৰকাৰে জবাব দিয়ক’, ‘যোগানমন্ত্ৰী হায় হায়’ ইত্যাদি শ্ল’গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে। বিক্ষোভ সমাৱেশত বক্তব্য ৰাখে চিপিআই(এম)ৰ কেন্দ্ৰীয় কমিটীৰ সদস্য সুপ্ৰকাশ তালুকদাৰ, দলৰ কামৰূপ মহানগৰ জিলা কমিটীৰ সম্পাদক মণ্ডলীৰ সদস্য কাশ্যপ চৌধুৰী, জিলা কমিটীৰ সদস্যা সংগীতা দাস, চি আই চি ইউৰ অসম ৰাজ্যিক কমিটীৰ সাধাৰণ সম্পাদক তপন শৰ্মা, অসম ৰাজ্যিক কৃষক সভাৰ সম্পাদক টিকেন দাস, চিপিআই এম)ৰ কামৰূপ মহানগৰ জিলাৰ সম্পাদক সঞ্জীৱ দাস আৰু গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট বুদ্ধিজীৱী ঘনশ্যাম নাথে।
বক্তাসকলে মূল্যবৃদ্ধিৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ আৰ্থিক নীতিৰ তীব্ৰ সমালোচনা কৰে। তেওঁলোকে কয়- এই চৰকাৰ দুখনে জনগণ নহয়, বৃহৎ ব্যৱসায়ী আৰু পঁুজিপতি গোষ্ঠীবোৰৰ প্ৰতিহে ধিক্কাৰ জনায়। সমাৱেশৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী, যোগানমন্ত্ৰীৰ ভূমিকাক তীব্ৰ ধিক্কাৰ জনায়। সমাৱেশৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উদ্দেশ্যে এখন স্মাৰক-পত্ৰ জিলা উপায়ুক্তৰ যোগেদি প্ৰেৰণ কৰা হয়।
স্মাৰক-পত্ৰত দাবী তোলা হয় যে কেৰালাৰ বাঁও-গণতান্ত্ৰিক চৰকাৰৰ দৰে অসম চৰকাৰেও পিঁয়াজ, আলু, শাক-পাচলি, দাইল, ভোজ্য তেল আদিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বান্ধি দিব লাগে আৰু সেই দামত যাতে বজাৰত মানুহে এইবোৰ বস্তু পায় সেয়া নিশ্চিত কৰিব লাগে। অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ সাম্প্ৰতিক সংশোধনী প্ৰত্যাহাৰ কৰিব লাগে। বিক্ষোভ-সমাৱেশৰ অন্তত এটি সমদল উলিওৱা হয়। কিন্তু পুলিচ-প্ৰশাসনে ইয়াৰ গতি ৰোধ কৰে। সমাৱেশৰ পুলিচ-প্ৰশাসন আৰু বিজেপি চৰকাৰৰ এনে অগণতান্ত্ৰিক আচৰণক তীব্ৰ নিন্দা কৰা হয়। আজিৰ বিক্ষোভ সমাৱেশে অহা ২৬ নৱেম্বৰত হ’বলগীয়া দেশজোৰা সাধাৰণ ঘৰ্মঘট সফল কৰি তুলিবলৈ ৰাইজক আবেদন জনায়।
No comments