Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে আজি শপত ল’ব নীতীশ কুমাৰেঃ কোন হ’ব বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তাক লৈ উৎকণ্ঠা বিহাৰবাসীৰ

  পাটনা, ১৫ নৱেম্বৰ ঃ বিহাৰত বিধানসভা নিৰ্বাচনৰ ফলাফলত এনডিএই সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত তেওঁলোকৰ প্ৰথমখন বৈঠক আজি অনুষ্ঠিত হয়। এই বৈঠকতে ...

 

পাটনা, ১৫ নৱেম্বৰ ঃ বিহাৰত বিধানসভা নিৰ্বাচনৰ ফলাফলত এনডিএই সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত তেওঁলোকৰ প্ৰথমখন বৈঠক আজি অনুষ্ঠিত হয়। এই বৈঠকতে বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ বাবে পুনৰ এবাৰ প্ৰক্ষেপ কৰে নীতীশ কুমাৰক। সেই অনুসৰি নীতীশে কুমাৰে হ’ব বিহাৰৰ মুখ্যমন্ত্ৰী। কাইলৈ বিহাৰৰ মুখ্যমন্ত্ৰী ৰূপে নীতীশ কুমাৰে শপত গ্ৰহণ কৰিব। কিন্তু এইবাৰ বিহাৰৰ উপ-মুখ্যমন্ত্ৰী কোন হ’ব সেইটো স্পষ্ট হোৱা নাই। সুশীল কুমাৰ মোদী বিহাৰৰ উপ-মুখ্যমন্ত্ৰী এইবাৰ নহয়। উপ-মুখ্যমন্ত্ৰীৰ বাবে তেওঁৰ নাম এন ডি এ প্ৰক্ষেপ কৰা নাই। ইয়াৰ পিছতেই সুশীল কুমাৰ মোদীয়ে উল্লেখ কৰিছে যে তেওঁ উপ-মুখ্যমন্ত্ৰী নহ’লেও বিজেপিৰ কৰ্মী ৰূপে কাম কৰি যাব। 

উল্লেখ্য যে এইবাৰৰ বিহাৰৰ বিধানসভা নিৰ্বাচনত এনডিএ ১২৫খন আসন দখল কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। এনডিএৰ এই সফলতাৰ পিছত বিহাৰত পুনৰ এবাৰ এনডিএ চৰকাৰ গঠন হ’ব। কাইলৈ নীতীশ কুমাৰে পুনৰ এবাৰ বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব। সুকলমে যদি নীতীশ কুমাৰে পাঁচবছৰীয়া কাৰ্যকাল সমাপন কৰে তেন্তে তেওঁ হৈ পৰিব বিহাৰৰ বহু সময় ধৰি মুখ্যমন্ত্ৰীৰ আসন দখল কৰা প্ৰথমগৰাকী মুখ্যমন্ত্ৰী।  আজি বিহাৰৰ ৰাজনৈতিক পৰিক্ৰমা তথা মন্ত্ৰী গোটৰ বিষয়টোক লৈ এনডিএৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। উক্ত বৈঠকত বিজেপিৰ বহু নেতা উপস্থিত থাকে।

 সেই বৈঠকৰ অন্তত কোনো এগৰাকী নেতাই আনুষ্ঠানিকভাৱে প্ৰকাশ নকৰিলে যে বিহাৰৰ এইবাৰৰ উপ-মুখ্যমন্ত্ৰী কোন হ’ব। যাৰ বাবে বিহাৰৰ উপ-মুখ্যমন্ত্ৰীৰ পদটোক লৈ এতিয়া বিহাৰবাসীৰ মাজত উৎকণ্ঠা বৰ্তি আছে। বহু বিজেপিৰ জ্যেষ্ঠ নেতাই উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব সুশীল কুমাৰ মোদীকে দিব লাগে বুলি দাবী জনাইছে। কিন্তু সেই দাবী বিজেপিৰ শীৰ্ষ নেতৃবৰ্গই স্বীকাৰ কৰা নাই। সুশীল কুমাৰ মোদীয়ে বিষয়টো স্পষ্ট কৰা নাই। কিহৰ বাবে তেওঁক এইবাৰৰ উপ-মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ অপৰ্ণ কৰা নাই এন ডি এই।

No comments