ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৩ নৱেম্বৰ : অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত যোৰহাটত কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট ...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৩ নৱেম্বৰ : অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত যোৰহাটত কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট । যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি প্ৰতিবাদত অৱস্থান ধৰ্মঘট কায্যসূচী ৰূপায়ন কৰে সংগঠনটোৰ কৰ্মীসকলে । উল্লেখযোগ্য যে প্রেট্ৰল,ডিজেল,ৰন্ধনগেছকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰী যি হাৰত মূল্য বৃদ্ধি হৈছে তাৰ তীব্ৰ প্ৰতিবাদ জনাই বিজেপি চৰকাৰক ভাৰতীয় জুমলা পাৰ্টিৰ আখ্যা দি অতি সোনকালে মূল্য বৃদ্ধি যদি ৰোধ নকৰে তেন্তে পৰৱৰ্তী সময়ত কায্যসূচী হাতত লব বুলি জানিবলৈ দি উপায়ুক্তৰ যোগেদি স্মাৰক পত্ৰ প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।
No comments