শ্বাৰজাহ, ৪ নৱেম্বৰঃ মঙলবাৰে শ্বাৰজাহত অনুষ্ঠিত আই পি এল-২০২০ৰ ৫৬নং মেচত ছানৰাইজাৰ হায়দৰবাদে মুম্বাই ইণ্ডিয়ানক ১০ উইকেটত পৰাস্ত কৰে। প্ৰথমে ...
শ্বাৰজাহ, ৪ নৱেম্বৰঃ মঙলবাৰে শ্বাৰজাহত অনুষ্ঠিত আই পি এল-২০২০ৰ ৫৬নং মেচত ছানৰাইজাৰ হায়দৰবাদে মুম্বাই ইণ্ডিয়ানক ১০ উইকেটত পৰাস্ত কৰে। প্ৰথমে মুম্বাই ইণ্ডিয়ানছে অপেনাৰ্ছ ৰোহিত শৰ্মা মাত্ৰ ৪ ৰান কৰি সন্দিপ শৰ্মাৰ বলত আউট হয়। বেটছমেন ডি ক’কে দুটা ছিক্সাৰ আৰু ২টা চাৰিৰ সহায়ত ডি ক’কৰ বলত আউট হয়। পিছত সূৰ্যকুমাৰ যাদৱে ৩৬ৰান, ঈষান কিষানে ৩৩ ৰান আৰু প’লাৰ্ডে বিস্ফোৰক ৪টা ছয় আৰু ২টা চাৰিৰ সহায়ত ৪১ কৰি দলটোৰ স্ক’ৰ নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেট হেৰুৱাই ১৪৯ ৰান কৰে।
১৫০ ৰানৰ লক্ষ্য আগত ৰাখি ডেভিড ৱাৰ্নাৰ আৰু ৰিদ্ধিমান সাহা অপেনিং বেটঠনেৰূপে খেলিবলৈ আহে। দুৰ্দান্ত প্ৰদৰ্শনেৰে এটা ৬ আৰু ১০টা চাৰিৰ সহায়ত অপৰাজিত ৮৫ ৰান কৰে আৰু ৰিদ্ধিমান সাহাইও ৭টা চাৰি আৰু এটা ৬ৰ সহায়ত ৫৮ ৰান কৰি ১৭.১ অভাৰত দলক জয়ত উপনিত কৰে। উল্লেখ্য যে মেন অফ দ্য মেচৰ খিতাপ লাভ কৰে ডেভিড ৱাৰ্নাৰে।
No comments