Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আছু এৰিব ডঃ সমুজ্জল ভট্টাচাৰ্যই ঃৰাজনীতি আৰু নিৰ্বাচনৰ বৃত্তৰ বাহিৰত থাকি অসমীয়া খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰি যোৱাৰ সংকল্প আছুৰ মুখ্য উপদেষ্টা গৰাকীৰ

  এম মহিবৰ ৰহমান, নলবাৰী, ১২ নৱেম্বৰ ঃ সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ দায়িত্ব এৰিব ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ...

 

এম মহিবৰ ৰহমান, নলবাৰী, ১২ নৱেম্বৰ ঃ সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ দায়িত্ব এৰিব ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই ছাত্ৰ সংগঠনটোৰ মজিয়া এৰিব বুলি চৰ্চিত হৈ অহাৰ পাছত আজি নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বাসুদেৱ দেৱালয়ত সেৱা লৈ ছাত্ৰনেতাজনে সংবাদ মাধ্যমক এই কথা স্বীকাৰ কৰে। অৱশ্যে আছুৰ দায়িত্ব এৰিলেও তেওঁ প্ৰত্যক্ষ ৰাজনীতিত জড়িত হোৱাৰ কথা অস্বীকাৰ কৰে। আছুৰ উদ্যোগত ইতিমধ্যে অসম জাতীয় পৰিষদ (এজেপি) নামৰ এক নতুন ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰাৰে পৰা শীৰ্ষ ছাত্ৰনেতাজনে মৌনতা অৱলম্বন কৰা ঘটনা সমগ্ৰ ৰাজ্যবাসীৰ বাবে লক্ষণীয় হৈ পৰাৰ লগতে ৰাজনৈতিক ক্ষেত্ৰত ডঃ ভট্টাচাৰ্যৰ ভূমিকাক লৈ ৰাইজৰ মাজত উৎকণ্ঠা চলি আহিছিল। আনহাতে ইয়াৰ অন্তত ডঃ ভট্টাচাৰ্যই সুদীৰ্ঘকাল  সেৱা  আগবঢ়াই অহা ছাত্ৰ সংগঠনটোৰ মজিয়া এৰিব বুলি চৰ্চিত হোৱাৰ পাছৰে পৰা তেওঁ ৰাজনৈতিক ক্ষেত্ৰলৈ প্ৰত্যাৱৰ্তন কৰিব বুলিও আন এক উৎকণ্ঠা চলি আহিছিল। আজি ছাত্ৰনেতাজনে বাসুদেৱ দেৱালয়ত উপস্থিত হৈ স্পষ্ট কৰি দিয়ে যে তেওঁ নিৰ্বাচন আৰু ৰাজনীতিৰ বৃত্তৰ বাহিৰত থাকি অসমীয়া খিলঞ্জীয়া লোকৰ স্বাৰ্থত কাম কৰি যাব। ডঃ ভট্টাচাৰ্যই কয় - ‘মোৰ ছাত্ৰ সন্থাৰ দায়িত্ব চমু চাপি আহিছে। আগন্তুক দুলীয়াজন অধিৱেশনতে মই এই দায়িত্ব ত্যাগ কৰিম। কিন্তু খিলঞ্জীয়া অসমীয়া জাতিৰ হকে আপোচহীনভাৱে কাম কৰি যাম।’   ইপিনে অসম চুক্তিৰ ষষ্ঠ অনুসূচীৰ ক্ষেত্ৰত ন্যূনতমো আপোচ কৰা নহ’ব বুলি ডঃ ভট্টাচাৰ্যই পুনৰ স্পষ্ট কৰি দিয়ে। এইক্ষেত্ৰত তেওঁৰ বক্তব্য- অসম চুক্তি অসমীয়া জাতিৰ ৰক্ষাকৱচ। ইয়াৰ জৰিয়তেহে এখন বিদেশীমুক্ত অসম সম্ভৱ বুলি দাবী কৰি তেওঁ কয়- বিদেশী বিদেশীয়েই, সেয়া হিন্দুৱেই হওক বা মুছলমানেই হওক। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে আছুৰ প্ৰতিনিধিত্বত যি প্ৰতিবেদন দাখিল কৰা হৈছিল, কি ৰাজ্য, কি কেন্দ্ৰ উভয় চৰকাৰে প্ৰৱঞ্চনা কৰিলে। এই কথা আমি সহজভাৱে মানি ল’ব নোৱাৰো। ইপিনে ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই আছুৰ দায়িত্ব ত্যাগৰ ঘটনা আছু সংগঠনটোৰ বাবে চিন্তনীয় বুলি একাংশ লোকৰ মাজত চৰ্চিত হৈ পৰিছে যে ছাত্ৰ সংগঠনটোৰ সু-সাংগঠনিক নেতৃত্বৰ বাবেই আছুৰ সাংবিধানিক নীতি-নিৰ্দেশনাৰ ঊধৰ্বত এক বিশেষ পদ সৃষ্টি কৰি ডঃ ভট্টাচাৰ্যক নেতৃত্ব দিয়া হৈছিল। আজি নলবাৰী আছু আৰু  একাংশ স্থানীয় ৰাইজে আছুক সম্পূৰ্ণৰূপে এৰি নিদিবলৈ আহ্বান জনায়। উল্লেখ্য যে আজি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু বালিকৰিয়াৰ ৰাইজৰ সহযোগত শ্ৰীশ্ৰী বাসুদেৱ হাইস্কুল প্ৰাংগণত নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিংশতিতম অধিৱেশন অনুষ্ঠিত হয়। এই উপলক্ষে আজি শ্ৰীশ্ৰী বাসুদেৱ দেৱালয়ত উপস্থিত হয় আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্য। ডঃ ভট্টাচাৰ্যৰ লগতে আছুৰ সভাপতি দীপাংক নাথো উপস্থিত থাকে।

No comments