Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাট নগৰৰ পুৰণা বালিবাট পথৰ আধাৰশিলা স্থাপন , বিধায়ক গোস্বামীৰ

ষ্টাফ ৰিপৰ্টাৰ,  যোৰহাট, ২২ নৱেম্বৰ  :   অৱশেষত পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হব যোৰহাট নগৰৰ পুৰণা বালিবাটৰ পথটোৰ কাম । অসম চৰকাৰৰ লোক নিৰ্মাণ (পথ...




ষ্টাফ ৰিপৰ্টাৰ,  যোৰহাট, ২২ নৱেম্বৰ  :   অৱশেষত পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হব যোৰহাট নগৰৰ পুৰণা বালিবাটৰ পথটোৰ কাম । অসম চৰকাৰৰ লোক নিৰ্মাণ (পথ) বিভাগৰ দ্বাৰা ২০২০-২১ বৰ্ষৰ SOPD (G) শিতানত নিৰ্মিত আঁচনিৰ দ্বাৰা যোৰহাট নগৰৰ পুৰণা বালিবাটৰ পথটো নিৰ্মাণৰ উদ্দেশ্যে আজি আধাৰশিলা স্থাপন কৰে যোৰহাটৰ বিধায়ক হিতেন্দ্র নাথ গোস্বামীয়ে । এই আধাৰশিলা অনুষ্ঠানত বিধায়কৰ লগত অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা , জিলা বিজেপিৰ  সভাপতি কামাখ্যা মোহন দাস, সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈৰ লগতে কেইবাজনো বিশিষ্ট লোকে অংশগ্ৰহণ কৰে । উল্লেখ্য যে এই পথটোৰ কাম দুমাহ মানৰ পূৰ্বে আৰম্ভ হৈছিল । আধা কাম কৰোতেই কাম বন্ধ হৈ যায় । তেতিয়া বালিবাট অঞ্চলৰ স্থানীয় ৰাইজ মাজত  প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল । কি কাৰণে পথটোৰ নিৰ্মাণৰ কাম বন্ধ হল । কিন্তু আজি পথটো নিৰ্মাণৰ উদ্দেশ্যে  আধাৰশিলা স্থাপন কৰাত এই কথা সকলোৱে বুজিবলৈ বাকী নাথাকিল যে এতিয়া চৌদিশে আধাৰশিলা ৰাজনীতি আৰম্ভ হৈছে । বিগত কেইদিনত যোৰহাটৰ আশে পাশে প্ৰায় শতাধিক পথৰ আধাৰশিলা স্থাপন হৈছে । যিহেতু বিধান সভাৰ নিৰ্বাচন আৰু তিনিমাহৰ পাছতে অনুষ্ঠিত হব । সেইহে  বিগত চাৰি বছৰে নকৰা কাম এতিয়া কৰিবলৈ লোৱাত বিৰোধী দলৰ প্ৰাক্তন বিধায়ক ৰানা গোস্বামীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি  কয় যে চাৰি বছৰে যোৰহাটৰ জনপ্ৰতিনিধি শুই থাকিল । কিন্ত নিৰ্বাচনৰ উমান পাই এতিয়া সাৰ পাই আধাৰশিলা ৰাজনীতি আৰম্ভ কৰিছে বুলি উল্লেখ  কৰে প্ৰাক্তন বিধায়ক ৰানা গোস্বামীয়ে ।

No comments