Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বোমাৰে উৰুৱাই দিলে অসমৰ বিদ্যালয়ঃ শিলচৰৰ অসম - মিজোৰাম সীমান্তত উত্তেজনা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ নৱেম্বৰ ঃ অসমৰ ভূমিত বহিঃৰাজ্যৰ আগ্ৰাসনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত ধৰ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ নৱেম্বৰ ঃ অসমৰ ভূমিত বহিঃৰাজ্যৰ আগ্ৰাসনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত ধৰ্মীয় মেৰুকৰণেৰে সাম্প্ৰদায়িক বিষবাষ্পৰ সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ ৰাজনৈতিক দলসমূহ উঠিপৰি লগাৰ সময়তে অসম-মিজোৰাম সীমান্তত সংঘটিত হৈছে এটাৰ পিছত এটাকৈ ভয়াৱহ ঘটনা। নিশাৰ ভাগত বোমাৰে উৰুৱাই দিলে অসমৰ বিদ্যালয়। মাজনিশা সংঘটিত ভয়াৱহ বিস্ফোৰণত তচ্‌নচ্‌ হৈ পৰে অসমৰ বিদ্যালয়। ঘটনাটো সংঘটিত হৈছে শিলচৰৰ অসম নাগালেণ্ড সীমান্তৰ ঢলাইত। 

কাচাৰ জিলাৰ সীমান্তৱৰ্তী ঢলাইৰ আপাৰ পাইনম প্ৰাথমিক বিদ্যালয়ত নিশা প্ৰায় ১ বজাত মিজো দুষ্কৃতিকাৰীয়ে বিস্ফোৰণ সংঘটিত কৰি বিদ্যালয়খন সম্পূৰ্ণৰূপে ছিন্ন-ভিন্ন কৰি পেলায়। উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলতেই উত্তেজনা বিৰাজ কৰিছে। উক্ত বিদ্যালয়খন সম্প্ৰতি মিজো আৰ আৰ বেটেলিয়নৰ কব্জাত আছে। কোনো লোকক বিদ্যালয়খনলৈ যাবলৈ দিয়া নাই। আনকি বিদ্যালয়খনৰ প্ৰধান শিক্ষককো বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাই নহয়, অসমৰ কোনো লোকক উক্ত স্থানলৈ যাবলৈ দিয়া নাই। মিজো দুষ্কৃতিকাৰীয়ে অসমৰ বিদ্যালয়খনত বিস্ফোৰণ সংঘটিত কৰি নিজৰ কব্জালৈ নিছে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি শিলচৰৰ অসম-মিজোৰাম সীমান্তত মিজো দুষ্কৃতিকাৰীয়ে সন্ত্ৰাস সৃষ্টি কৰি আহিছিল। বিভিন্ন সময়ত অসমৰ লোকক আক্ৰমণ কৰাই নহয়, যোৱা কেইদিনমান পূৰ্বে এজন লোকক নিৰ্মমভাৱে হত্যা কৰিছিল মিজো দুষ্কৃতিকাৰীয়ে।

 কেৱল এয়াই নহয়, যোৱা কেইদিনমান পূৰ্বে আন এখন বিদ্যালয়ত মিজো দুষ্কৃতিকাৰীয়ে বিস্ফোৰণ সংঘটিত কৰিছিল। মিজো দুষ্কৃতিকাৰীয়ে অসমৰ ভূমি বেদখল কৰি গৃহ নিৰ্মাণ কৰি আহিছে। উক্ত বেদখলত বাধা দিবলৈ চেষ্টা কৰা অসমীয়া লোকক বৰ্বৰভাৱে আক্ৰমণ কৰি আহিছে মিজো লোকে। জাতি-মাটি-ভেটিৰ কথা কোৱা সোণোৱাল চৰকাৰে উক্ত আগ্ৰাসন সন্দৰ্ভত এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। চৰকাৰ কিম্বা প্ৰশাসনৰ চৰম দায়িত্বজ্ঞানহীনতা আৰু অকৰ্মণ্যতাৰ বাবেই অসম-মিজোৰাম সীমান্তত মিজোৰ আগ্ৰাসনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এনেদৰে এটাৰ পিছত এটাকৈ অসমীয়াৰ ওপৰত চলা আক্ৰমণক কেন্দ্ৰ কৰি সীমান্তৱৰ্তী অঞ্চলত এতিয়া অসমীয়া ৰাইজ আতংকিত হৈ পৰিছে। মিজোৰামৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত আৰক্ষী আৰু নিৰাপত্তাৰক্ষী উপস্থিত হৈছে বুলি জানিব পৰা গৈছে। 

No comments