Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হাগ্ৰামা যদি জে’ললৈ যাব লাগে হিম বিশ্ব শৰ্মাও যাব লাগিবঃ সংবাদমেলত সাংসদ নৱ শৰণীয়াৰ বিস্ফোৰণ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ নৱেম্বৰ ঃ বিটিচি নিৰ্বাচনৰ দিন নিশ্চিত হোৱাৰ পিছতে এতিয়া ৰাজনৈতিক কুচকাৱাজ তুংগত হৈ পৰিছে। আজি গুৱাহাটী প্ৰেছ ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ নৱেম্বৰ ঃ বিটিচি নিৰ্বাচনৰ দিন নিশ্চিত হোৱাৰ পিছতে এতিয়া ৰাজনৈতিক কুচকাৱাজ তুংগত হৈ পৰিছে। আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰি বিটিএডিত অবড়োৰ সুৰক্ষাৰ স্বাৰ্থত গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থীক ভোট দিবলৈ আহবান জনায় সাংসদ নৱ শৰণীয়াই। সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই বিটিএডি নিৰ্বাচনৰ প্ৰচাৰ চলাই থকা কাৰ্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাংসদগৰাকীয়ে কয় যে দীৰ্ঘদিন ধৰি অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীয়ে যিসমূহ সমস্যাৰ বিষয়ে মাত মাতি আহিছিল সেইসমূহ সমস্যা যে প্ৰকৃততে আছে সেয়া বিটিএডি নিৰ্ৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ সভাত দিয়া ভাষণৰ পৰাই নিশ্চিত হৈছে। 

আনহাতে বিটিএডিৰ সমস্যা সমাধান কৰিম বুলি হিমন্ত বিশ্ব শৰ্মাই যি প্ৰতিশ্ৰুতি দিছে তাক প্ৰত্যাহবান জনাই সাংসদগৰাকীয়ে কয় যে আগতে কাৰ্বি আংলং, ডিমা হাছাওত থকা অনাকাৰ্বি, অনাডিমাছাৰ সমস্যা সমাধান কৰক। ইপিনে হাগ্ৰামা মহিলাৰীয়ে এক হাজাৰ কোটি টকাৰ ৪০০ কোটি টকা ৰাজ্য চৰকাৰে কমিছন হিচাপে ৰখাৰ যি মন্তব্য কৰিছে তাক ব্যাখ্যা কৰি কয় যে হাগ্ৰামা মহিলাৰীৰ বক্তব্যৰ পৰা প্ৰমাণিত হৈছে যে হিমন্ত বিশ্ব শৰ্মাও ধোৱা তুলসীৰ পাত নহয়। সোতৰ বছৰ ধৰি কংগ্ৰেছেই হওক বা বিজেপিয়েই হওক শাসনত মন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা আছিল, তেনেক্ষেত্ৰত হাগ্ৰামা মহিলাৰী যদি দুৰ্নীতিৰ গোচৰত জে’ললৈ যাবলগীয়া হয়, হিমন্ত বিশ্বও একে দোষত কাৰাগাৰাৰ একেটা কোঠালিলৈ যাব লাগিব। হাগ্ৰামা মহিলাৰী বলিৰ পঠা। 

কেন্দ্ৰৰ পৰা সকলো ধন ৰাজ্য চৰকাৰৰ যোগেদিয়ে আবণ্টন হয়। তেনেক্ষেত্ৰত দুৰ্নীতিত ৰাজ্য চৰকাৰো জড়িত বুলি অভিযোগ উত্থাপন কৰে নৱ শৰণীয়াই। বিজেপি চৰকাৰে বড়ো ভাষাক ৰাজ্যভাষা কৰি অসমীয়া ভাষাক চতুৰ্থ স্থানলৈ ঠেলি দিছে বুলি অভিযোগ কৰি নৱ শৰণীয়াই কয় যে আগন্তুক নিৰ্বাচন হ’ব অসমীয়া জাতিৰ অস্তিত্বৰ যুঁজ। উল্লেখ্য যে আজি সংবাদমেলত অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা ব্ৰজেন মহন্ত উপস্থিত থাকি বিটিএডিত দীৰ্ঘদিনে হাস্পতাল, বিদ্যালয়ৰ উন্নয়ন নোহোৱাক লৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক উভতি ধৰি কয় যে হিমন্ত বিশ্বই দুয়োখন চৰকাৰৰ কাৰ্যকালত মন্ত্ৰী হৈ থকাৰ পিছতো হাস্পতাল, বিদ্যালয়ৰ উন্নয়ন নোহোৱাটো লক্ষণীয়। বিটিএডিৰ অনুন্নয়নৰ কথা কৈ তেওঁ নিজৰ ব্যৰ্থতাকে দাঙি ধৰিছে বুলি উল্লেখ কৰে ব্ৰজেন মহন্তই।

No comments