Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মৰাণত টাইপাৰ পঞ্চম পঞ্চবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ লাইখুঁটা স্থাপন

গণ বাৰ্তা, মৰাণ, ২৯ নৱেম্বৰঃ   টাই আহোম যুৱ পৰিষদ,অসম চমুকৈ টাইপাৰ পঞ্চম পঞ্চ বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন ও ৰূপালী জয়ন্তী বৰ্ষ সামৰণি অনুষ্ঠান...


গণ বাৰ্তা, মৰাণ, ২৯ নৱেম্বৰঃ   টাই আহোম যুৱ পৰিষদ,অসম চমুকৈ টাইপাৰ পঞ্চম পঞ্চ বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন ও ৰূপালী জয়ন্তী বৰ্ষ সামৰণি অনুষ্ঠান অহা ২৬, ২৭ আৰু ২৮ ডিচেম্বৰত মৰাণৰ তিলৈ গ্ৰাম্য বজাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। আজি তিলৈ নগৰ গ্ৰাম্য বজাৰ অধিৱেশনস্থলীত টাই আহোম জনগোষ্ঠীৰ ৰীতিনীতি মাজত লাইখুঁটা স্থাপন কৰে । অনুষ্ঠানত টাইপাৰ বিষয়ববীয়া সকলৰ লগতে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, মৰাণৰ জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ চেত্ৰীৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে । অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সদ্যপ্ৰয়াত তৰুণ গগৈৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে । টাইপাৰ কেন্দ্ৰীয় অধিৱেশনত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰীৰ লগতে বহুকেইজন মন্ত্ৰী, সাংসদ, বিধায়কৰ লগতে সাংসদ গৌৰৱ গগৈ উপস্থিত থাকিব বুলি উদ্যোগতাই জানিবলৈ দিয়ে । ( প্ৰণৱ ডেকাবৰুৱা, মৰাণ )

No comments