ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২২ নৱেম্বৰ : সাধাৰণ জাতি লোক সকলৰ সৰ্বাংগীন উন্নয়ন সাধনৰ উদ্দেশ্যে আজি যোৰহাটত গঠন হয় 'সাধাৰণ জাতি সুৰক্ষ...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২২ নৱেম্বৰ : সাধাৰণ জাতি লোক সকলৰ সৰ্বাংগীন উন্নয়ন সাধনৰ উদ্দেশ্যে আজি যোৰহাটত গঠন হয় 'সাধাৰণ জাতি সুৰক্ষা সন্মিলন, অসম নামৰ এক অৰাজনৈতিক সংগঠন। আজি অসমৰ ১৪ খন জিলা প্ৰতিনিধিৰ উপস্হিতিত বিশিষ্ট সমাজ কৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈক অধ্যক্ষ হিচাপে লৈ যোৰহাট প্ৰেছ ক্লাৱত এখন কেন্দ্ৰীয় আহ্বায়ক সমিতি গঠন কৰা হয় । উল্লেখ্য যে পূৰ্বে অসম চৰকাৰৰ দ্বাৰা গঠন হোৱা সাধাৰণ জাতি উন্নয়ন পৰিষদ অধ্যক্ষৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ অভিযোগৰ প্ৰতি ক্ষুন্ন হৈ বহু ব্যক্তিয়ে সাধাৰণ জাতি বিকাশ পৰিষদ পৰা ওলাই আহে বুলি সভাত উপস্থিত সদস্যসকলে উল্লেখ কৰে ।
No comments