ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৪ নৱেম্বৰ : অৱসৰকালীন প্ৰাপ্য আদায়ৰ দাবীত টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত কৰ্মচাৰীসকলে আজি এক ...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৪ নৱেম্বৰ : অৱসৰকালীন প্ৰাপ্য আদায়ৰ দাবীত টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত কৰ্মচাৰীসকলে আজি এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে । উল্লেখ্য যে টোকোলাই কৰ্তৃপক্ষৰ ওচৰত তেওঁলোকে দীৰ্ঘদিন অনাদায় হৈ থকা সকলো প্ৰাপ্য আদায় দিয়াৰ বাবে লিখিত ভাবে বহু বাৰ আবেদন নিবেদন কৰি আহিছে যদিও অদ্যপৰিমিত কৰ্তৃপক্ষৰ পৰা আশানুৰূপ সঁহাৰি পোৱা নাই বুলি কাকতলৈ প্ৰেৰণ কৰা প্ৰেছ বার্তাত উল্লেখ কৰিছে । বৰঞ্চ টোকোলাই কৰ্তৃপক্ষই কৰ্মচাৰীসকলে সেৱাবিধি অনুসৰি পাবলগীয়া আৰ্জিত ছুটীৰ প্ৰাপ্য দৰমহা ,গ্ৰেচুইটি আদিৰ পৰা দীৰ্ঘদিন ধৰি বঞ্চিত কৰি আহিছে । যিহেতু টোকোলাই চাহ গৱেষণা কেন্দ্ৰত কোনো পেঞ্চনৰ ব্যৱস্থা নাই । তেনেস্থলত অৱসৰী কৰ্মচাৰী সকলে এই মহা সংকটৰ কালত গভীৰ অনাটনত ভুগিব লগা হৈছে । ইতিমধ্যে কেইজনমান অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তেওঁলোকৰ প্ৰাপ্য সম্পূৰ্ণকৈ নোপোৱাকৈৱে মৃত্যু হৈছে । এনে কঠিন আৰ্থিক সংকটৰ বিষয়ে কৰ্তৃপক্ষক অনেকবাৰ অৱগত কৰাৰ স্বত্তেও তেওঁলোকে অৱসৰী কৰ্মচাৰীসকলৰ প্ৰতি কোনো ইতিবাচক সদিচ্ছা দেখুওৱা পৰিলক্ষিত নহল বুলি প্ৰেছ বাৰ্তাত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে উল্লেখ কৰিছে ।
No comments