Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অক্সিজেনহীন সভাপতিৰ তলত নাথাকোঃ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি ১৮খন আঞ্চলিকৰ সমূহীয়া পদত্যাগ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ ২০২১ৰ নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দল তৎপৰ হৈ পৰাৰ সময়তে আঞ্চলিক দল অগপত ভয়াৱহ ৰূপত গঢ় লৈ উঠিছে বিদ্ৰোহ। কেন্দ্ৰ...


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ ২০২১ৰ নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দল তৎপৰ হৈ পৰাৰ সময়তে আঞ্চলিক দল অগপত ভয়াৱহ ৰূপত গঢ় লৈ উঠিছে বিদ্ৰোহ। কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে এটাৰ পিছত এটাকৈ আঞ্চলিকে। বিশেষকৈ আঞ্চলিকতাবাদী সাজ পৰিহাৰ কৰি সম্পূৰ্ণৰূপে সুবিধাবাদী ৰাজনীতিৰে অসম আৰু অসমীয়াৰ সমস্যাক জলাঞ্জলি দিয়া অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ বিৰুদ্ধে তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে মুকলিভাৱে বিদ্ৰোহ ঘোষণা কৰিছে। অতুল বৰা, কেশৱ মহন্ত থকালৈকে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে অগপত নাথাকে বুলি হুংকাৰ দিছে। ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটিল খুমটাই সমষ্টিত। কেন্দ্ৰীয় নেতৃত্বৰ এনে হঠকাৰী আৰু স্ব-স্বাৰ্থত নিমজ্জিত হৈ পৰাৰ বাবে খুমটাই সমষ্টিত একপ্ৰকাৰ নিঃচিহ্ন হৈ গৈছে অগপ দল। 

অগপৰ দুৰ্গ বুলি খ্যাত খুমটাই সমষ্টিত অগপৰ কৰ্মীসকলে কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি মুকলিভাৱে প্ৰকাশ কৰে যে বৰ্তমান বিজেপিৰ অক্সিজেনত চলিছে অগপৰ কেন্দ্ৰীয় নেতৃত্ব। গেৰুৱাপ্ৰীতিত বিভোৰ হৈ পৰিছে অগপৰ সভাপতি অতুল বৰা। কেন্দ্ৰীয় নেতৃত্ব তথা অতুল বৰা বাহিনীৰ বিৰুদ্ধে ক্ষোভ উজাৰি খুমটাইৰ ১৮খন আঞ্চলিকে সমূহীয়াকৈ পদত্যাগ কৰিছে। খুমটাইত এক গুৰুত্বপূৰ্ণ সভাত সমষ্টিটোৰ১৮খনকৈ আঞ্চলিকে আজি আনুষ্ঠানিকভাৱে অগপ দল ত্যাগ কৰে। কেন্দ্ৰীয় নেতৃত্বই অসম আৰু অসমীয়াৰ হৈ মাত মতাৰ পৰিৱৰ্তে ক্ষমতাক লৈ যঁুজ দি থকাই নহয়, নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে কাম কৰি গৈছে। কেন্দ্ৰীয় নেতৃত্বই একপ্ৰকাৰ বিজেপিৰ ওচৰত আঁঠু লৈছে। যাৰ পৰিপ্ৰেক্ষিতত আজি ১৮খনকৈ আঞ্চলিকে অগপ দল ত্যাগ কৰে। উল্লেখ্য যে মিত্ৰতাৰ বাবেই যোৱা বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী মৃণাল শইকীয়াক অগপৰ কৰ্মীসকলে সহযোগিতা কৰি জয়ী কৰাইছিল।

কিন্তু বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই মৃণাল শইকীয়াই অগপৰ কৰ্মীসকলক তিলমানো গুৰুত্ব প্ৰদান কৰা নাছিল। মিত্ৰতাৰ ধৰ্ম পালন কৰাৰ বিপৰীতে বিধায়কগৰাকীয়ে অগপ কৰ্মীসকলক বঞ্ছনা আৰু তুচ্ছ-তাচ্ছিল্য কৰি আহিছিল। বিষয়টোৰ সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বক বাৰম্বাৰ অভিযোগ দিছিল। আনকি খুমটাই সমষ্টিটো অগপক এৰি দিব লাগে বুলি তৃণমূল কৰ্মীসকলে দাবী উত্থাপন কৰিৰিছিল। কিন্তু তৃণমূল পৰ্যায়ৰ এই দাবীক অতুল বাহিনীয়ে গুৰুত্ব প্ৰদান নকৰিলে। যাৰ পৰিপ্ৰেক্ষিতত আজি কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি খুমটাই সমষ্টিৰ ১৮খনকৈ আঞ্চলিকে আনুষ্ঠানিকভাৱে পদত্যাগ কৰে। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অগপত দেখা দিয়া এই বিদ্ৰোহে পৰৱৰ্তী সময়ত ভয়াৱহ ৰূপ ধাৰণ যে কৰিব সেয়া নিশ্চিত।

No comments