ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২৬ নৱেম্বৰ : অসমৰ প্রাক্তন মুখ্যমন্ত্ৰী তথা জননেতা তৰুণ গগৈৰ প্ৰতি সন্মান জনাই আজি যোৰহাটৰ সমূহ ব্যৱসায়ী প্ৰতিষ্ঠান...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২৬ নৱেম্বৰ : অসমৰ প্রাক্তন মুখ্যমন্ত্ৰী তথা জননেতা তৰুণ গগৈৰ প্ৰতি সন্মান জনাই আজি যোৰহাটৰ সমূহ ব্যৱসায়ী প্ৰতিষ্ঠানে নিজৰ নিজৰ ব্যৱসায়ী , দোকান পোহাৰ আদি বন্ধ ৰাখে । আজি পুৱাৰে পৰা যোৰহাট নগৰত এক গুমা পৰিৱেশে বিৰাজ কৰে । নগৰৰ বৰুৱা চাৰি আলি, চক বজাৰ, গঁড় আলি, পুৰণা বালিবাট ,নতুন বালিবাট আদি অঞ্চলৰ লগতে নগৰৰ বিভিন্ন অঞ্চলৰ ব্যৱসায়ী প্ৰতিষ্ঠান সমূহ বন্ধ থকা দেখা গৈছিল । আনহাতে যোৰহাট জিলা পৰিষদৰ কাৰ্য্যলয়ত আৰু ৰাজমাও পুখুৰীৰ পাৰত, নগৰৰ ফাঁচি আলিৰ মহৰম ফিল্ডৰ সমীপত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী জনাৰ আত্মাৰ সদগতিৰ বাবে প্রাৰ্থনা সভা ,শ্ৰদ্ধাঞ্জলি আদি অনুষ্ঠান অনুষ্ঠিত কৰি প্রিয় নেতা জনৰ প্ৰতিচ্ছবিত বিভিন্ন জনে পুষ্পাঞ্জলি অৰ্পণ কৰে । সমগ্র ৰাজ্যৰ লগতে যোৰহাটৰ ৰাইজেও শোক প্ৰকাশ কৰি মন্দিৰ - মছজিদত প্ৰথনা - দোৱা কৰা দেখা গৈছিল ।
No comments