Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসমৰ সমন্বয় চৰকাৰখনৰ প্ৰধান ধৰ্মঃ বঙাইগাঁৱৰ ৬ টাকৈ গুৰুত্বপূৰ্ণৰ প্ৰকল্পৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সোণোৱালৰ

গুৱাহাটী, ১৩ নৱেম্বৰঃ ৰাজ্যখনৰ সকলো জিলাৰে সম-বিকাশ আৰু সম-উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নগৰ আন্তঃগাঁথনি ...

গুৱাহাটী, ১৩ নৱেম্বৰঃ ৰাজ্যখনৰ সকলো জিলাৰে সম-বিকাশ আৰু সম-উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত বঙাইগাঁৱত ৬ টাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহ হ’ল বঙাইগাঁৱৰ ইক’ পাৰ্ক আৰু ইয়াৰ দাঁতিকাষৰীয়া জলাশয়সমূহৰ উন্নয়ন, কোচ ৰাজবংশীসকলৰ কৃষ্টি-সংস্কৃতিৰ সংৰক্ষণ, সংবৰ্দ্ধন ইত্যাদি দিশত সহায়ক হোৱাকৈ এটা সংগ্ৰহালয় স্থাপন, বঙাইগাঁৱৰ বিসৰ্জন ঘাটৰ সৌন্দৰ্যবৰ্ধন, বাছ আস্থান নিৰ্মাণ, ক্লক টাৱাৰ নিৰ্মাণ ইত্যাদি। মুখ্যমন্ত্ৰীয়ে লগতে ‘মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ অধীনত হিতাধিকাৰীসকললৈ ট্ৰেক্টৰ প্ৰদান কৰাৰ উপৰি ‘পি এম কেয়াৰ্ছ’ৰ অধীনত লকডাউনৰ সময়ত ৰাজ্যখনলৈ উভতি অহা ব্যক্তিলৈ কিট বিতৰণ কৰে। আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে জিলা প্ৰশাসনে ক’ভিড-১৯ সংহত ব্যৱস্থাপনাৰ দিশ সামৰি প্ৰকাশ কৰি উলিওৱা ‘প্ৰজেক্ট মিলিজুলি’ৰ প্ৰতিবেদন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। 

তদুপৰি ‘মিছন সম্পূৰ্ণ’ৰ এটা লগোও তেওঁ উন্মোচন কৰে। এই উপলক্ষে বঙাইইগাঁও মহাবিদ্যালয়ত আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বঙাইগাঁও চহৰক অকল অসমৰ ভিতৰতে নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ এখন আটকধুনীয়া, পৰিষ্কাৰ আৰু আদৰ্শ চহৰ হিচাপে নিৰ্মাণৰ বাবে সকলোৱে সংকল্প ল’ব লাগিব। বঙাইগাঁও বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰে পৰিপূৰ্ণ সমাজৰ এক উজ্জ্বল নিদৰ্শন। অসমীয়া জাতীয় জীৱনলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই যোৱা সীতানাথ ব্ৰহ্মচৌধুৰী আৰু অম্বিকাচৰণ চৌধুৰীলৈ শ্ৰদ্ধা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰে পৰা জনসাধাৰণক আস্থা আৰু বিশ্বাসক লৈ উন্নয়নৰ যাত্ৰা অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাৰ্বজনীন নীতি গ্ৰহণ কৰি সকলোৰে সম- উন্নয়নৰ বাবে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ নীতি গ্ৰহণ কৰি ৰাজ্য চৰকাৰেও সকলো জাতি-জনগোষ্ঠীৰ মাজত সদ্‌ভাৱনা গঢ় দিয়াৰ প্ৰয়াস কৰি আহিছে।

 সকলোৰে উন্নয়ন আৰু সম-মৰ্যাদাৰ বাবে ৰাজ্য চৰকাৰে নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে। পূৰ্বৰ চৰকাৰসমূহে অসমক ভাৰতবৰ্ষৰ বুকুত তথা বিশ্বৰ বুকুত আগুৱাই নিয়াৰ বাবে সততা, নিষ্ঠাৰে দৃষ্টান্তমূলক পদক্ষেপ ল’ব লাগিছিল যদিও এই দিশত ব্যৱস্থা নোলোৱাৰ বাবে অসমৰ দৰে প্ৰাকৃতিক সম্পদত চহকী ৰাজ্যখনে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত পিছপৰি থাকিবলগীয়া হৈছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬ বছৰীয়া কাৰ্যকালত অসম তথা উত্তৰ -পূৰ্বাঞ্চলৰ ক্ষিপ্ৰ উন্নয়নৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে সকলোকে আস্থাত লৈ সম-উন্নয়নৰ দৃষ্টান্তমূলক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।  মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসমৰ বুকুত ছাত্ৰ, কৃষক, শ্ৰমিক, দিব্যাংগ, বৃদ্ধ, বিধৱা, যুৱক-যুৱতীকে ধৰি সকলোৱে  আজি আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিছে। দুখীয়া শ্ৰেণীৰ জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ ক্ষেত্ৰত সাৰ্বজনীন নীতি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। 

বৰ্তমানৰ চৰকাৰৰ দিনত ৫২ লাখ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। শিক্ষাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ বুকুত শিক্ষানুষ্ঠান নথকা বাবে ছাত্ৰ-ছাত্ৰীসকলে যাতে অন্য ৰাজ্যলৈ যাব নালাগে তাৰ বাবে ৰাজ্য চৰকাৰে দৃঢ় পদক্ষেপ লৈছে। কংগ্ৰেছৰ ৬০ বছৰীয়া ৰাজত্ব কালত কেৱল ৬খন মেডিকেল কলেজ ৰাজ্যখনত আছিল। কংগ্ৰেছৰ দুৰ্বলতাৰ বাবে চিকিৎসা সেৱা উন্নত হোৱা নাছিল। বৰ্তমানৰ ৰাজ্য চৰকাৰৰ চাৰে চাৰি বছৰীয়া কাৰ্যকালত ৮খন নতুন মেডিকেল কলেজ স্থাপনৰ কাম আৰম্ভ কৰি অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যৎ গঢ় দিয়াৰ বাবে ৰাজ্য চৰকাৰে দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিছে। সমান্তৰালভাৱে নাৰ্ছিং শিক্ষাৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। ৯খন নতুন অভিযান্ত্ৰিক শিক্ষানুষ্ঠান, ৩২ খন পলিটেকনিক স্থাপন কৰাৰ পদক্ষেপ লোৱাৰ লগতে দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰা হৈছে। উঠি অহা ছাত্ৰ-ছাত্ৰীসকলক শক্তিশালী কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে বুলি তেওঁ কয়। আনকি এইম্‌ছৰ দৰে প্ৰতিষ্ঠান আজি সম্পূৰ্ণ হোৱাৰ পথত। 

অসমৰ বুকুত থকা ৫৭খন লাখ কৃষক ৰাইজ, উঠি অহা চামে কৃষিখণ্ডত যাতে আত্মনিয়োগ কৰিব পাৰে আৰু উপাৰ্জন বৃদ্ধিৰ জৰিয়তে স্বাৱলম্বী হ’ব পাৰে তাৰ বাবে কৃষি খণ্ডৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠান ইতিমধ্যে গোগামুখত প্ৰতিষ্ঠা কৰি পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। অসমৰ শিপিনীয়ে যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি নেচনেল ইনষ্টিটিউট অৱ ডিজাইন যোৰহাটত প্ৰতিষ্ঠা কৰা হৈছে। মঙলদৈত স্কিল বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ কাম আৰম্ভ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কে’বাখনো নতুন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে। নৱপ্ৰজন্মক সফল নাগৰিক  হিচাপে গঢ় দিয়াৰ বাবে শিক্ষাৰ ক্ষেত্ৰত এনে ধৰণৰ পদক্ষেপ লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে বঙাইগাঁও জিলাত তেল শোধনাগাৰৰ বাহিৰে কোনো উদ্যোগ নাছিল। অবিভক্ত গোৱালপাৰা জিলাক শক্তিশালী কৰাৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কোনো শক্তিশালী পদক্ষেপ ল’ব নোৱাৰিলে। বৰ্তমানৰ চৰকাৰে এই জিলাখনৰ উন্নয়নৰ বাবে বইটামাৰীত ২০০ কোটি টকা ব্যয় সাপেক্ষে ফৰ্মেলিন প্ল্যান্ট, যোগীঘোপাত  ৩ হাজাৰ কোটি টকা ব্যয়ৰে মাল্টি মডেল লজিষ্টিক পাৰ্ক, ১০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে  বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা ২.৫ এমএমটিৰ পৰা ৫ এমএমটিলৈ বৃদ্ধিৰ দৰে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়।

 মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বঙাইগাঁও জিলাত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম আৰম্ভ হৈছে। বঙাইগাঁও চহৰক উত্তৰ-পূৰ্বাঞ্চলৰ উল্লেখযোগ্য চহৰ হিচাপে গঢ় দিয়াৰ লক্ষ্য স্থিৰ কৰি অসমৰ চৰকাৰে ১০০ কোটি টকাৰ চিআইডিএফ পুঁজি প্ৰদান কৰিছে, যাতে চহৰখন পৰিষ্কাৰ, সৰ্বাংগসুন্দৰ হৈ থাকে। কোচ ৰাজবংশীৰ বিভিন্ন সংগঠনে দীৰ্ঘদিন ধৰি কোচ ৰাজবংশী সম্প্ৰদায়ৰ বাবে যি দাবী জনাই আহিছিল কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ যোগেদি আৰ্থ-সামাজিক, ৰাজনৈতিক, শৈক্ষিক, সাংস্কৃতিক সকলো দিশতে উল্লেখযোগ্য পদক্ষেপৰ জৰিয়তে উন্নয়নৰ নতুন মাত্ৰা দিব পৰা যাব বুলিও তেওঁ কয়। আগন্তুক দিনত এই অঞ্চলৰ ৰাইজে পৰিষদ গঠনত উল্লেখযোগ্য অৰিহণা যোগাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। কোচ ৰাজবংশীৰ বিভিন্ন ঐতিহ্যসমূহ সংৰক্ষণ তথা কোচ ৰাজবংশীসকলৰ কলা-কৃষ্টি সংৰক্ষণৰ বাবে মিউজিয়াম নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছে। 

অসমৰ উন্নয়ন বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ প্ৰধান লক্ষ্য আৰু অসমৰ সমন্বয় চৰকাৰখনৰ প্ৰধান ধৰ্ম বুলিও মুখ্যমন্ত্ৰীয়ে কয়। নগৰ উন্নয়ন বিভাগে অসমৰ চহৰসমূহ উন্নয়ন সাধন কৰাৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। অনুষ্ঠানত খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী, নগৰ উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযূষ হাজৰিকায়ো বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত বঙাইগাঁও জিলা পৰিষদৰ অধ্যক্ষ বিজয় সিংহ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক পাৰ্থ মজুমদাৰ, বঙাইগাঁও জিলাৰ উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়া, প্ৰাক্তন বিধায়ক ভূপেন ৰায়, সমাজকৰ্মী হিমানী অধিকাৰী প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

No comments