Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মিজোৰাম প্ৰশাসনৰ ওচৰত সেও মানিছে অসম চৰকাৰেঃসীমান্তৰ বিবদমান স্থল পৰিভ্ৰমণ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ নৱেম্বৰ ঃ শিলচৰত অসম-মিজোৰাম সীমান্তত আজিও উত্তেজনা অব্যাহত আছে। মিজো দুষ্কৃতিকাৰীৰ তাণ্ডৱত সীমান্তৰ অসমীয়া লোক...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ নৱেম্বৰ ঃ শিলচৰত অসম-মিজোৰাম সীমান্তত আজিও উত্তেজনা অব্যাহত আছে। মিজো দুষ্কৃতিকাৰীৰ তাণ্ডৱত সীমান্তৰ অসমীয়া লোকসকলে আতংকত দিন অতিবাহিত কৰিবলগীয়া হৈছে। চৰকাৰ কিম্বা প্ৰশাসনৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতা আৰু সোপাঢিলা মনোভাবৰ বাবেই মিজো দুষ্কৃতিকাৰীয়ে অসমীয়াৰ ওপৰত চলাই গৈছে বৰ্বৰ আক্ৰমণ। বিশেষকৈ মিজোৱে ভয়াৱহ আগ্ৰাসন চলাই থকাৰ সমান্তৰালকৈ কালি সীমান্তৰ ঢলাইত অসমৰ বিদ্যালয় বোমাৰে উৰুৱাই দিয়া বিষয়টোক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে উত্তেজনা। অসম আৰক্ষীৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে অসম-মিজোৰাম সীমান্তত প্ৰতিমুহূৰ্তত মিজো দুষ্কৃতিকাৰীয়ে তাণ্ডৱ চলাই আহিছে। এনে উত্তেজনাৰ মাজতে আজি শিলচৰৰ অসম-মিজোৰাম সীমান্তৰ ধলাইৰ বিবদমান অঞ্চলত উপস্থিত হয় কংগ্ৰেছৰ এক প্ৰতিনিধি দল। 

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত এটা প্ৰতিনিধি দল সীমান্তৱৰ্তী অঞ্চলত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অঞ্চলবাসীৰ সৈতে মত বিনিময় কৰে। এই  সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে মিজোৰাম প্ৰশাসনৰ ওচৰত সম্পূৰ্ণৰূপে সেও মানিছে অসম চৰকাৰে। স্থানীয় ৰাইজে জানিবলৈ দি কয় যে মিজো পুলিচে তেওঁলোকৰ প্ৰকৃত সীমাৰ পৰা দুই-তিনি কিলোমিটাৰ দূৰত্ব আগবাঢ়ি আহি অসমৰ ভূমিত প্ৰৱেশ কৰিছে আৰু অসম আৰক্ষী তথা অসম চৰকাৰে এই সন্দৰ্ভত মিজোৰামৰ পক্ষতহে থিয় দিছে। মিজোৱে বাঁহেৰে ৰাস্তা বন্ধ কৰি থৈছে। তাৰ উপৰি কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী, আৰক্ষীয়েও অযুক্তিকৰভাৱে মিজোসকলক ৰক্ষণাবেক্ষণ দি আহিছে। 

জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰলৈ অহা এই চৰকাৰৰ শাসনত অসমীয়াৰ পৰা এটা এটাকৈ হেৰাই যাবলৈ ধৰিছে বুলি উল্লেখ কৰি শইকীয়াই কয় যে প্ৰথমতে  জাতিক নাগৰিকত্ব আইন (সংশোধনী)ৰ জৰিয়তে বলিদান দি এতিয়া মাটি আৰু ভেটিও অসম আৰু অসমীয়াৰ ভৰিৰ তলৰ পৰা পিছলি গৈ আছে। কিন্তু চৰকাৰ একেবাৰে নিৰ্লজ্জৰ দৰে মৌন ৰূপ ধাৰণ কৰি বহি আছে। সীমান্তৱৰ্তী ৰাইজে আজি মিজোসকলৰ বাবে নিদ্ৰাহীন হৈ পৰিছে। কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে সীমান্তৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অৰ্ধসামৰিক বাহিনীৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয়। শীঘ্ৰেই সীমান্তবাসী অসমীয়া ৰাইজক সম্পূৰ্ণ সুৰক্ষা প্ৰদানৰ দাবী উত্থাপন কৰে। 

অসমৰ ভূমিৰ পৰা মিজো আৰক্ষীক ওভতাই পঠিওৱাৰ দাবী উত্থাপন কৰাৰ লগতে সীমান্তত বিঅ’পি স্থাপন কৰাৰ লগতে সীমান্তত অসমীয়াৰ সুৰক্ষাৰ দাবী তোলে। একেদৰে মিজো দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰা ২২টা পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰে। আজিৰ প্ৰতিনিধি দলটোত আছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন সাংসদ সুস্মিতা দেব, বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ, পংকজ বৰবৰাকে আদি কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক উপস্থিত থাকে।

No comments