Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ‘চিলাৰায় বঁটা- ২০২০’ ঘোষণা

গণ বাৰ্তা, ঘগ্ৰাপাৰ, ১৫ নৱেম্বৰ ঃ বিশ্ব মহাবীৰ চিলাৰায় মেম’ৰিয়েল মিছনৰ উদ্যোগত বিশ্ব মহাবীৰগৰাকীৰ এটি আবক্ষ মূৰ্তি নিৰ্মাণ তথা চিলাৰায় বঁটা-...

গণ বাৰ্তা, ঘগ্ৰাপাৰ, ১৫ নৱেম্বৰ ঃ বিশ্ব মহাবীৰ চিলাৰায় মেম’ৰিয়েল মিছনৰ উদ্যোগত বিশ্ব মহাবীৰগৰাকীৰ এটি আবক্ষ মূৰ্তি নিৰ্মাণ তথা চিলাৰায় বঁটা-২০২০ প্ৰদান কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে । এই সম্পৰ্কে আজি দিনৰ ১১ বজাত নলবাৰী জিলাৰ তিলানাত অৱস্থিত প্ৰয়াত নবীন চন্দ্ৰ তামুলী কৃষিপামত বিশ্ব মহাবীৰ চিলাৰায়ৰ আবক্ষ মূৰ্তি নিৰ্মাণ সমিতিৰ এখন বিশেষ সভা অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে নিৰ্মাণ সমিতিৰ সভাপতি গণেশ তামুলীয়ে। নিৰ্মাণ সমিতিৰ সম্পাদক কমল দাসে উদ্দেশ্য ব্যাখ্যা কৰা আৰু কিশোৰ দাসে আঁত ধৰা সভাখনত চিলাৰায় মেম’ৰিয়েল মিছন, নলবাৰীৰ সভাপতি বিপিন ৰাজবংশী, নিৰ্মাণ সমিতিৰ  কাৰ্যকৰী সভাপতি প্ৰমোদ কুমাৰ তালুকদাৰ, মুখ্য সম্পাদক হীতেশ কলিতা (ৰাজু)ৰ লগতে উমেশ দাস, ডাঃ সমৰ তালুকদাৰ  আৰু নলবাৰী হৰি মন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক নগেন ডেকা আদি  উপস্থিত থাকে। 

এই সভাতে বিশ্ব মহাবীৰ চিলাৰায় মেম’ৰিয়েল মিছনৰ তৰফৰ পৰা আজি আনুষ্ঠানিকভাৱে নিৰ্মাণ সমিতিক দায়িত্ব অৰ্পণ কৰা হয়। নলবাৰীৰ গণেশ মন্দিৰৰ ওচৰৰ চিলাৰায় ভৱনৰ সন্মুখত নিৰ্মাণ হ’ব লগা এই আবক্ষ মূৰ্তি সম্পৰ্কে আজিৰ এই সভাত বিতংভাৱে আলোচনা কৰা হয়। লগতে সভাখনত ৰূপকাৰ তথা চিত্ৰশিল্পী নুৰুদ্দিন আহমেদ আৰু তেওঁৰ সহধৰ্মিণী  জুনু ৰাজখোৱা আহমেদ উপস্থিত থাকি আবক্ষ মূৰ্তিটো সম্পৰ্কে সমিতিক অৱগত কৰে। বীৰ চিলাৰায় ঘোঁৰাৰ ওপৰত তৰোৱাল লৈ থকা অৱস্থাত ব্ৰঞ্জৰে নিৰ্মাণ হ’ব লগা এই আবক্ষ মূৰ্তিটোৰ  নিৰ্মাণ ব্যয় প্ৰায় ৪০ লাখ টকা ধাৰ্য কৰা হৈছে।

 ইপিনে, বিশ্ব মহাবীৰ চিলাৰায় মেম’ৰিয়েল মিছন, নলবাৰীয়ে প্ৰতি দুবছৰৰ মূৰে মূৰে প্ৰদান কৰি অহা ‘চিলাৰায় বঁটা’ এইবেলি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিগত ফেব্ৰুৱাৰী মাহৰ চিলাৰায় দিৱসত এই বঁটা প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছিল যদিও ‘কা’ আন্দোলন আৰু ক’ভিড-১৯ৰ বাবে বৰ্তমানলৈ এই বঁটা প্ৰদান কৰা হোৱা নাই। সেয়েহে আজিৰ সভাই চিলাৰায় বঁটা-২০২০ আগন্তুক চিলাৰায় দিৱসৰ আগে আগে মুখ্যমন্ত্ৰীক প্ৰদানৰ বাবে সিদ্ধান্ত লয়।  

উল্লেখ্য যে ইয়াৰ পূৰ্বে চিলাৰায় বঁটা-২০১৬ বিশিষ্ট গৱেষক, সাহিত্যিক ড০ দ্বিজেন ভকতক আৰু চিলাৰায় বঁটা- ২০১৮ সংগীত নাটক একাডেমী বঁটাপ্ৰাপক দুলাল ৰয়ক প্ৰদান কৰিছিল। আজিৰ এই বিশেষ সভাখনতে আবক্ষ মূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি গণেশ তামুলীয়ে চিলাৰায় বঁটা-২০২০ প্ৰদানৰ দিনাখনে আবক্ষ মূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে। ইয়াৰ বাবে এটি প্ৰাককলন তৈয়াৰ কৰি উলিওৱাৰ বাবে চিত্ৰশিল্পী নুৰুদ্দিন আহমেদক দায়িত্ব অৰ্পণ কৰা হয়। 

No comments