গুৱাহাটী, ২১ নৱেম্বৰঃ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথিতযশা সাহিত্যিক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ নামত অসম চৰকাৰে এটা স্মাৰক ভৱন নিৰ্মাণ কৰাৰ লগত...
অসমৰ সংবাদ-সাহিত্য জগতলৈ ‘প্ৰান্তিক’ আলোচনী তথা এই আলোচনীৰ গুৰি ধৰোতা প্ৰদীপ বৰুৱাৰ ভূমিকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ‘প্ৰান্তিক’ আলোচনীয়ে অসমৰ বৌদ্ধিক জগতত নতুন বিপ্লৱৰ সূচনা কৰিলে। ন ন বিষয় সন্নিৱিষ্ট কৰি এই আলোচনীখনে ছাত্ৰ-ছাত্ৰীক তথ্যৰ যোগান ধৰি আহিছে। একো একোখন আলোচনীয়ে কেনেদৰে এটা জাতিৰ শক্তিশালী অস্তিত্ব গঢ় দিব পাৰে তথা জাতীয় চিন্তা-চেতনাক আগবঢ়াই নিব পাৰে তাৰ উৎকৃষ্ট নিদৰ্শন ‘প্ৰান্তিক’ বুলি মুখ্যমন্ত্ৰী সোণোৱালে কয়। অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধি তথা বিশ্বৰ বুকুত এই ভাষা সবলভাৱে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী অসমীয়াক নিষ্ঠাৰে সংকল্প ল’বলৈও মুখ্যমন্ত্ৰী সোণোৱালে আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে ড০ ভূপেন হাজৰিকাৰ গীতৰ কলি আওৰাই কয় যে যিদৰে নিজৰ আইক ভাল পাওঁ বুলি ক’লে আনৰ আইক ঘৃণা কৰা নবুজায়, সেইদৰে নিজৰ মাতৃভাষাক শক্তিশালীভাৱে বিশ্ব প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰিবলৈ উমৈহতীয়াভাৱে প্ৰতিজন অসমীয়াই দায়বদ্ধভাৱে আৰু দায়িত্ব সহকাৰে কাম কৰিব লাগিব।
এই প্ৰসংগতে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰণয়ন কৰা ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দেশৰ সকলো জাতি-জনগোষ্ঠীক নিজস্ব ভাষাত শিক্ষা গ্ৰহণৰ বিশেষ সুযোগ প্ৰদান কৰিছে বুলি মন্তব্য কৰে। এই বঁটা গ্ৰহণ কৰি প্ৰদান কৰা ভাষণত বিশিষ্ট সাংবাদিক প্ৰদীপ বৰুৱাই কয় যে এখন আলোচনীৰ ভিত্তিত এটা যুগৰ সৃষ্টি হোৱাটো বিশ্বৰ ভিতৰতে বিৰল। অৱশ্যে ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্ব তথা বলিষ্ঠ পদক্ষেপৰ বাবে তেখেতৰ সম্পাদনাত প্ৰকাশিত ‘ৰামধেনু’ৱে অসমৰ জাতীয় জীৱনত এটা যুগৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ল। ‘ৰামধেনু’ৰ এই সামৰ্থ্যক অনুপ্ৰেৰণা হিচাপে লৈ সকলো প্ৰত্যাহ্বান নেওচি প্ৰান্তিকৰ জৰিয়তে এক মননশীল সাহিত্য ধাৰা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰাৰ কথা বৰুৱাই উল্লেখ কৰে। তেখেতে কয় যে ড০ ভৱেন্দ্ৰ নাথ শইকীয়াক সাৰথি হিচাপে লৈ প্ৰান্তিক আলোচনী আৰম্ভ কৰিছিল আৰু ৰামধেনু তথা ‘আৱাহন’ যুগৰ দৰে বৰ্তমানৰ সময়ছোৱা প্ৰান্তিকেৰে আৱৰি ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
অসমীয়া সাহিত্যৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে বুলি মন্তব্য কৰি প্ৰদীপ বৰুৱাই কয় যে ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জ্ঞানপীঠ বঁটা প্ৰাপ্তিয়ে ৰাজ্যৰ সাহিত্য ক্ষেত্ৰলৈ নতুন জাগৰণ আনিছিল। তেখেতৰ দ্বাৰা ৰচিত ‘মৃত্যুঞ্জয়ে’ মৃতপ্ৰায় অসমীয়া সমাজখনক জাগ্ৰত কৰিলে বুলি বৰুৱাই উল্লেখ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেই কয় যে অসম চৰকাৰে বৌদ্ধিক দিশত জাতিটোক শক্তিশালী কৰাৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি আহিছে। ৰাজ্যৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ স্বাভিমান বৃদ্ধি কৰাৰ বাবে বীৰ-বীৰাঙ্গনা, প্ৰবাদ পুৰুষসকলৰ স্মৃতি দিৱস উদ্যাপনৰ লগতে বিভিন্ন প্ৰকল্প ৰূপায়ণ কৰিছে। শিক্ষা, সংস্কৃতি আৰু ক্ৰীড়া— এই তিনিওটা দিশত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব দিছে। তেওঁ কয় যে মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰাৰ উপৰি অসম চৰকাৰে সতী সাধনী বিশ্ববিদ্যালয় নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
সেইদৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত চিত্ৰবন ষ্টুডিঅ’ পুনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লগতে ৰবীন্দ্ৰ ভৱন আৰু বাণ থিয়েটাৰৰ পুনৰ নিৰ্মাণ, বাৰেচহৰীয়া ভাওনা প্ৰকল্প, মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ, ভীমবৰ দেউৰী স্মৃতি ক্ষেত্ৰৰ দৰে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। বঁটা প্ৰদান অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে কয় যে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এক সংবেদনশীল আৰু আধুনিক মনৰ গৰাকী আছিল। নিজৰ ৰচনাৰাজিত তেখেতে মহিলা সবলীকৰণৰ দৰে গুৰুত্বপূৰ্ণ বিষয় দাঙি ধৰিছিল। তেখেতৰ সৃষ্টিৰাজিৰ দৰে প্ৰান্তিকেও অসমৰ বৌদ্ধিক সমাজখনক গতিশীলতা প্ৰদান কৰিছে আৰু প্ৰান্তিক অসমীয়া জাতিৰ স্বাভিমান।
বঁটা প্ৰদান অনুষ্ঠানত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ভাষণ প্ৰদান কৰাৰ লগতে ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সন্তান জুৰি ভট্টাচাৰ্য আৰু ড০ দীপাংকৰ ভট্টাচাৰ্যইও বক্তব্য প্ৰদান কৰে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰাই আদৰণী ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব প্ৰীতম কুমাৰ শইকীয়াৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
No comments