Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত চাঞ্চল্যঃ পৰকীয়া প্ৰেমে প্ৰাণ ল’লে এজনৰ

গণ বাৰ্তা, যোৰহাট, ১৫ নৱেম্বৰ ঃ দীপাৱলীৰ নিশাই যোৰহাটৰ নাওবৈচাৰ ঔটেঙা তলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে আত্মহত্য...

গণ বাৰ্তা, যোৰহাট, ১৫ নৱেম্বৰ ঃ দীপাৱলীৰ নিশাই যোৰহাটৰ নাওবৈচাৰ ঔটেঙা তলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে আত্মহত্যাৰ পথ বাছি লয় টুটু শইকীয়া নামৰ এজন যুৱকে। ঘটনাৰ বিৱৰণী অনুসৰি টুটু শইকীয়া (২৮) নামৰ ব্যক্তিজনৰ পত্নীয়ে দেৱাশিস¸ দত্ত নামৰ একে গাঁৱৰে এজন যুৱকৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি তোলে। শনিবাৰে দুয়োজনকে অবৈধ কাৰ্যত লিপ্ত হৈ থকাৰ সময়তে হাতে-লোটে ধৰা পেলাই দুয়োকে। ইয়াৰ পিছতেই টুটু শইকীয়াই পত্নীক ঢেকৰ গঢ়াৰ কমাৰ গাঁৱত থকা মাকৰ ঘৰত থৈ আহেগৈ আৰু ৰাতি টুটুৱে নিজৰ ঘৰৰ কোঠাত চিপ লৈ আত্মহত্যা কৰে। 

তদুপৰি টুটু শইকীয়াই ছুচাইড নোটত দেৱাশিস¸ দত্তৰ সৈতে থকা তেওঁৰ পত্নীৰ অবৈধ সম্পৰ্কৰ কথা উল্লেখ কৰি থৈ গৈছে বুলিও আৰক্ষী সূত্ৰই জানিবলৈ দিছে। এই কথা সদৰী হোৱাৰ লগে লগে তীব্ৰ ক্ষোভ উজাৰে অঞ্চলবাসীয়ে। আজি পুৱাৰে পৰা ঔটেঙা তলবাসী ওলাই আহি উচিত শাস্তিৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখ্য যে টুটু শইকীয়াৰ বিয়াৰ প্ৰায় ৬ বছৰ হৈছিল আৰু এটি দুবছৰীয়া কন্যা সন্তান আছে। আনহাতে এই ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকৰ লগতে গাঁওবাসীয়ে।

No comments