ষ্টাফ ৰিপৰ্টাৰ, নগাঁও, ১১ নৱেম্বৰ ঃ নগাঁও বন্যপ্ৰাণী সংমণ্ডল আৰু কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ ব্যৱস্থাপনাত আজিৰে পৰা পৰ্যটনৰ ক্ষেত্ৰত এক নতুনকৈ ...
ষ্টাফ ৰিপৰ্টাৰ, নগাঁও, ১১ নৱেম্বৰ ঃ নগাঁও বন্যপ্ৰাণী সংমণ্ডল আৰু কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ ব্যৱস্থাপনাত আজিৰে পৰা পৰ্যটনৰ ক্ষেত্ৰত এক নতুনকৈ সংযোজন হ’ল নদী পৰ্যটন। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি ভোমোৰাগুৰিত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলে নদী পৰ্যটনৰ। ব্ৰহ্মপুত্ৰৰ বিশাল বুকুত এতিয়াৰে পৰা দেশী-বিদেশী পৰ্যটকে ল’ব পাৰিব নৌকা বিহাৰৰ আনন্দ। নগাঁও বন্যপ্ৰাণী সংমণ্ডল আৰু কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ ব্যৱস্থাপনাত ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশে কলিয়াভোমোৰা দলঙৰ তলত মটৰ বোটত উঠি পৰ্যটকে উপভোগ কৰিব পাৰিব ব্ৰহ্মপুত্ৰৰ লগতে প্ৰকৃতিৰ বিনন্দীয়া দৃশ্য। বিশেষকৈ বিলুপ্তপ্ৰায় জীৱ হিচাপে স্বীকৃতিপ্ৰাপ্ত জাতীয় জলজ প্ৰাণী পৃথিৱী বিখ্যাত ৰিভাৰ ডলফিনৰ জলকেলি উপভোগ কৰিবলৈ আগমন ঘটিব দেশী-বিদেশী পৰ্যটকৰ।
কলিয়াভোমোৰা দলঙৰ তলৰ পৰা পূবে শিলঘাটলৈ আৰু পশ্চিমে গণেশ ঘাটলৈকে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নদী পৰ্যটনৰ ব্যৱস্থা কৰি পৰ্যটনৰ ক্ষেত্ৰখনৰ পৰিসৰ বৃদ্ধি কৰিলে নগাঁও বন্যপ্ৰাণী সংমণ্ডল আৰু কাজিৰঙা টাইগাৰ ৰিজাৰ্ভে। কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ আৰু নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অৰুণ ভিগনেছৰ প্ৰচেষ্টাত আজি নদী পৰ্যটনৰ শুভাৰম্ভ ঘটিল। আজিৰ এই নদী পৰ্যটনৰ শুভাৰম্ভ অনুষ্ঠানত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক বৃন্দাবন গোস্বামী, ৰূপক শৰ্মা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰকে ধৰি বন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
No comments