Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সংকটমুক্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈঃ আঁতৰোৱা হ’ল ভেণ্টিলেটৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ নৱেম্বৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অৱস্থা সংকটমুক্ত হৈছে। আজি জিএমচিএইচৰ অধ্যক্ষ অভিজিৎ শৰ্মাই সংবাদ মাধ...




ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ নৱেম্বৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অৱস্থা সংকটমুক্ত হৈছে। আজি জিএমচিএইচৰ অধ্যক্ষ অভিজিৎ শৰ্মাই সংবাদ মাধ্যমক জনোৱা অনুসৰি কালিৰ তুলনাত আজি স্বাস্থ্য বহুখিনি উন্নতি হোৱাত তেওঁৰ নন-ইনভেচিভ ভেণ্টিলেটৰ আঁতৰোৱা হৈছে। কালি তেওঁৰ অৱস্থা সুস্থিৰ হৈছিল। অহা ২৪ ঘণ্টাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক চিকিৎসকে পৰ্যবেক্ষণত ৰাখিব। উল্লেখ্য যে দেওবাৰে নিশা প্ৰায় ১১ বজাত জিএমচিএইচত তৰুণ গগৈক ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ দেহত কাৰ্বন ডাই-অক্সাইড আৰু এম’নিয়াৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে অসুস্থ হৈ পৰা বুলি প্ৰাথমিক পৰ্যবেক্ষণত ধৰা পৰিছিল বুলি চিকিৎসকে জানিবলৈ দিছে। 

উল্লেখ্য যে যোৱা ২৫ অক্টোবৰৰ বিয়লি চিকিৎসালয়ৰ পৰা উভতিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। ২৬ আগষ্টৰ পৰা কোৰোনাত আক্ৰান্ত হৈ প্ৰায় দুমাহ ধৰি চিকিৎসালয়ত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। কোৰোনাৰ পৰা মুক্ত হোৱাৰ পিছতো তেওঁৰ দেহত অক্সিজেনৰ অভাৱ ঘটিছিল বাবে আইচিইউত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছিল। এনে অৱস্থাত কালি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অৱস্থা সংকটজনক হোৱাত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কালি চিকিৎসকৰ এটা দলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। কালি বিয়লিলৈ তেওঁৰ অৱস্থা সুস্থিৰ আছে বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক অভিজিৎ শৰ্মাই জানিবলৈ দিছে।



No comments